Assamese Short Story :: নিম্ন মধ্যবিত্ত || অণুগল্প

নিম্ন মধ্যবিত্ত

 জুমিয়ে মাকক কুটুৰি কুটুৰি অৱশেষত দেউতাকৰ পৰা ২০০০ টকা পালে। তাই এটা নতুন ঘড়ী ল'ব। আগৰটোৰ নিচিনা ঘড়ী আজিকালি নিপিন্ধে। তাই দোকানখনত সোমাই এফালৰ পৰা চাই গ'ল। হঠাতে তাইৰ মনত পৰিল ৰাতিপুৱা দেউতাকে মাকক কোৱা কথাষাৰ। দেউতাকৰ বোলে ঘড়ীটো নচলা হ'ল একেবাৰে। নতুনকৈ বেটাৰী লগাইও চাইছে। দেউতাকৰ ঘড়ীটো নচলাটো স্বাভাৱিক। তাইৰ দেখোন মনত থকাৰে পৰা দেউতাকে একেটা ঘড়ীকে পিন্ধি আহিছে। তাই এটা ঘড়ী কিনি ল'লে অাৰু ঘৰলৈ বুলি খোজ ল'লে। দেউতাক ঘৰ আহি পোৱাৰ পাছত দেউতাকৰ ফালে ঘড়ীটো আগবঢ়াই তাই ক'লে, " দেউতা, এইটো তোমাৰ বাবে। মোৰ পুৰণা ঘড়ীটো এবছৰলৈ ভালকৈ চলি যাব। সেয়ে তোমালৈকে লৈ আনিলো।" জুমিৰ কথা শুনি মাক-দেউতাক দুয়োজনে ইজনে সিজনৰ মুখলৈ চালে।
                                               ✍️শুভলক্ষ্মী শইকীয়া
                                                     ২৩/৬/২০২০






Post a Comment

0 Comments