প্ৰেমৰ প্ৰতাৰণা কবিতা

*এধানি পোহৰ বিচাৰি *

সপোন ফলিয়াই
হেনো পুৱতিত
ৰচিছিলো সপোনবোৰ
সেই তাহানিত
ৰোমন্থন কৰিছোঁ
এই গধুলিৰ লগনত।

নিশাও আহিবি
আন্ধাৰ ফালি
পোহৰো আনিব
মোলৈ একাঁজলি |

জোনেও আজি হাঁহিছে
এই সময়ত
ডাৱৰৰ লগত
খেলি লুকা-ভাকু
মৰম দিছেহি
বুকুৰ মানসকোঠত।

আন্ধাৰৰ লগতেই
উমলি-জামলি থকা
ল'ৰালিৰ সময়কণক
পোহৰে ভুমুকি মাৰিব
তোমাৰ মৰমত।

  
✍ দীপশিখা বৰা শইকীয়া
       মাজগাঁও, তেজপুৰ
        25-6-2020


ভাড়াতীয়া

খালী আছিল বাবেই 
হৃদয়ৰ কোঠালীবোৰ ভাড়ালৈ দিছিল মোক
আঠে বেঠে সকলোবোৰ ঠিকঠাক কৰি দিছিল |

ময়ো যতনাই লৈছিলো 
শোৱাকোঠা,পাকঘৰ ,
দুয়োৰে বাবে বৈঠকখানা 
একাপ চাহ পিবলৈ আৰু কবিতা লিখিবলৈ |

ভাড়াতীয়া হলেও সপোনে পোখা মেলিছিল
এদেও দুদেও কৈ লহপহকৈ বাঢ়িছিল ...
মোৰ সপোনে তেওঁকো পাখি গজাইছিল 
অনুভৱত উৰিছিল ডেউকামেলি 
তেওঁৰ ভাৰাতীয়া হলেও 
পৰিপূৰক দুয়ো দুয়োৰে |

নিষ্ঠুৰ সময়
বজ্রপাতত জ্বলি গৈছিল তেওঁৰ হৃদয় 
আৰু থানবান হৈছিল মোৰ সপোন !
বজ্রপাতে কাৰো সুখ দেখিব নোৱাৰে বাবে !!
--------------------------
🖊ৰীতা


 প্ৰতাৰণা                    

জোনাকনো কোন বাটে আহি সোমাইছিল
 তাইৰ শোৱনী কোঠাত 
এতিয়া আৰু স্পষ্টকৈ মনত নাই তাইৰ!
ভঙা পজাৰ তাইৰ বেৰৰ জলঙাৰে নে?
নে নিজেই খুলি দিছিল 
বাহঁৰ দুৱাৰখন তাই!!
নাই,অকণো মনত নাই।
মাথোঁ মনত আছে,
যিমানেই চন্দ্ৰকলাৰ দৰে বাঢ়ি আহিছিল
স্ফীত উদৰ তাইৰ
সিমানেই ইকাণ সিকাণকৈ
 বিয়পি পৰিছিল এটি গুজৱ..
গাওঁখনৰ আটাইতকৈ সুন্দৰ সুঠাম ডেকা,
মহাজনৰ সেই সৰু পুতেকজন হেনো
তাইৰ বাবেই গুছি গৈ
বাস কৰিছিল চহৰত!
--------------------------
✍কাজল লতা মেধি
     দিনাং : ৮/০৭/২০

Post a Comment

0 Comments