বিষাদৰ কবিতা | Assamese Sad Poem | অসমীয়া কবিতা :: অসমীয়া পদ্য চৰ্চা

*হৃদয়ৰ ধ্বনি*

চকুত চকু ৰাখি
যোৱা সকলো বুজি,
হৃদয়ৰ ধ্বনি শুণি
আহা কাষলৈ তুমি।

হ'বলৈ মোৰেই সঙ্গী
আহিছা জগতলৈ তুমি,
হৃদয়ৰ মৰম খিনি
ৰাখিছোঁ তোমালৈ বুলি।

দুয়োৱে প্ৰেমত পৰি
প্ৰেমক জয় কৰি,
যাম একলগে আগবাঢ়ি
আনন্দৰে হাতে-হাত ধৰি।

                     ✍️শংকৰ দেৱ
                        দেৰগাঁও, গোলাঘাট




                  মৰ্ম বেদনা 

যাকে আপোন বুলি লওঁ আকোৱালি, মনৰ গোপন কোণত সাঁচি ৰখা মৰম বোৰ দিওঁ উজাৰি।
সিয়ে দেখুন কৰে প্ৰতাৰণা নুবুজে
মৰ্ম বেদনা, জ্বলা জুইত দিয়ে ঘীউ ঢালি।
আকলুৱা মৰমক নেউচি নিভাজ কোণত থকা চেনেহ মৰম বোৰ
দলিয়াই হৃদয়ত প্ৰচণ্ড আঘাট কৰি।
খোজে প্ৰতি যদি পাওঁ ঘাট প্ৰতিঘাট,
জীৱনৰ লগৰী মাথোন হৰ্ষ বিষাদ,
আশা ভৰসা জীয়াই থকাৰ হেপাহ,
সপোন বোৰ চাৰখাৰ কৰি কোবাল সোঁতে নিয়ে উটুৱাই।
সেইয়ে আজি ক্লান্ত হৈ দৌৰি পিছে পিছে মৰুভুমিৰ মৰিচিকা খেদি,
পোৱাৰ আশাবোৰ ধুলিসাৎ কৰি,অতিন্দ্য প্ৰহৰী হৈ পৰি ৰলো
নিৰ্জন বিশাল মৰুভুমিত।
--------------------+----------------
প্ৰমোদ চেতিয়া।
৩০/০৬/২০২০


              

Post a Comment

0 Comments