প্ৰেমৰ কবিতা

 প্ৰেম 

তুমি কথা পাতিছিলা
মই গুণগুণাইছিলোঁ___
"তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি  কোমল হাঁহি
হাঁহিৰে হৃদয় ভৰিলে শুনাই
এটি কিবা মিঠা বাঁহী --"

কাষত বহি পাজীসেৰিয়া মোৰ
আঙুলি কেইটা চপাই ধৰোতেই
কুচিমুচিকৈ তোমাৰ বুকুত সোমাই
ৰ লাগি চাই ৰৈছিলো___
তৰাই সাঁতোৰা আকাশ

ওঁঠত ওঁঠ যুৰি নমাই আনোতেই
এজাক বৰষুণ পাৰিছিল
চাহাৰাৰ বালিত__
জুৰুলি জুপুৰি হৈছিলোঁ
দুয়োতে  দুয়ো ____
আমাৰ চৌকাষে পৃথিৱী নাছিল

তেতিয়াৰে পৰা  মোৰ চহৰৰ অলিয়ে গলিয়ে
ৰঙা গোলাপৰ এখনি বাগিছা_____
কস্তুৰী মৃগজনী তাৰ নিগাজী বাসিন্দা   ।
----------------------------------
আঞ্জুম । 
গুৱাহাটী।
25/6/2020



আবেগ

আহিবানে তুমি এদিন?
শিতল বতাহ এজাক হৈ,
মোৰ কাষলৈ নামি।
নিবানে উৰুৱাই মোক,
সৌ আকাশলৈ ?
ডাৱৰৰ মাজত জিৰাম আমাৰ মন দুটি।
আহিলা তেতিয়াই তুমি 
এজাক ধুমুহা হৈ,
ভাঙি দিলা মন চুৰ মাৰ কৰি।
আবেগেৰে ভৰা মন কিয় নিলা কাঢ়ি ?
বিচাৰিছিলো অকন‌ সুখ‌,
সুখ বিচাৰি ‌পালোগৈ দুখ।
মনৰ আবেগ অনুভুতি‌ সকলোবোৰেই যেন
হৈ গ'ল খেলি-মেলি।

✍️Himakshi Das

 

নিজম নিশা।

নিজম নিশা 
চেঁ‌চা পৰা হৃদয় শুই পৰিছে।
আলসুৱা হৃদয় 
শুকুৱাই লৈছোঁ‌ পুৱাৰ ৰ'দত ।
নিজম নিশা 
চেঁ‌চা হৃদয় শুই পৰিছে ।

প্ৰণয়ৰ মধুৰ ক্ষণত,
সাবটি লৈ 
চুমা যাচিছোঁ‌ চিকুণ গালত।
নিজম নিশা 
চেঁ‌চা পৰা হৃদয়  শুই পৰিছে  ।

চিনাকি চিনাকি মনেৰে ,
ওচৰ চাপি আহিলে 
চুই চাবলৈ বিচাৰোঁ‌ মৰম প্ৰণয়ৰ ----
নিজম নিশা 
চেঁ‌চা পৰা হৃদয় শুই পৰিছে ।

নিজান দুপৰীয়া 
বিচাৰোঁ‌ মৰম নিচেই কাষত 
একেলগে উমলিবলৈ ।
নিজম নিশা 
চেঁ‌চা পৰা হৃদয় শুই পৰিছে ।

পমুৱা তুলাৰ দৰে 
উৰি যোৱা ডাৱৰ চপৰাই
আকাশত বিচাৰি পাইছে মৰম।
নিজম নিশা 
চেঁ‌চা পৰা হৃদয় শুই পৰিছে।
         ✍️ অনন্ত কুমাৰ ভুঞা

প্ৰেম

প্ৰেম,
এখন বোৱতী নৈ, 
হৃদয়ৰ পৰা হৃদয়লৈ। 
প্ৰেম,
আকাশে - ডাৱৰে নুবুজা কবিতা, 
বতাহে - বতাহে দিয়া মৰমৰ বতৰা।
প্ৰেম,
অন্তৰৰ নিভাঁজ কবিতা,
বয়সত ভাগৰি নপৰা।
প্ৰেম,
জোনাকে - আন্ধাৰে বুটা বছা, 
মায়ালগা সপোনৰ এটি ঠিকনা।
প্ৰেম,
কল্পনাৰ সাগৰৰ গভীৰতাত ডুবি,
পাৰ হোৱা উজাগৰী ৰাতি।
প্ৰেম,
সপোনে দিঠকে খেদি ফুৰা,
হাজাৰ ৰঙীণ আকাশী তৰা।
প্ৰেম,
টোপাল - টোপাল বৰষুণৰ কণিকা,
তিতি - তিতি আমনি নলগা।

প্ৰেমৰ
এনে এজাক বৰষুণত তিতি বুৰি,
মই আৰু আপুনি,
জোনাকৰ এটি গধূলি।
দুয়োৰে ওঁঠত ওলমি,
সুখৰ একাঁজলি হাঁহি।
প্ৰেমে মাথোঁ যায়
প্ৰেমৰ ঠিকনা বিচাৰি।

✍️ পাপু শইকীয়া
২য় শেনচোৱা গোলাঘাট)

Post a Comment

0 Comments