ব্যর্থ প্ৰেমৰ কবিতা

অতীত

অতীতক লৈ এতিয়া অকণো দুখ নাই
কোনো আক্ষেপো নাই
বিশেষ সমস্যাও নাই
দুখ খিনি বেয়া সপোন বুলি
পাহৰি গৈছোঁ
সুখ খিনি নিজৰ মাজতে ৰাখি
বৰ্তমান বাস্তৱত জীয়াব শিকিছো ।
কিন্তু ................
যিদিনা জীৱনত সাফল্যৰ চাবিকাঠি
তৰ্জনী আঙুলিৰে ঘূৰাই দিব পাৰিম
সেইদিনা কিন্তু বাৰে বাৰে
কৃতজ্ঞতাৰ বাণীবোৰ হিয়া উজাৰি
 নষ্ট অতীতকহে উপচাই দিম।
                ----------

✍বৃষ্টি প্ৰিয়া


Post a Comment

0 Comments