অসমীয়া দুখৰ প্ৰেমৰ কবিতা -তোমাৰ কথা ভাবিলেই

**তোমাৰ কথা ভাবিলেই**

তোমাৰ কথা ভাবিলেই...
বৈ আহে হৃদয়লৈ...
এজাক প্ৰশান্তিৰ বতাহ...
আৰু তুমি কিছু সময়
নিৰৱ হৈ পৰিলেই
কিয় জানো কষ্ট হয়...
উশাহবোৰ উজাই লবলৈ...

নহওঁ নহওঁ বুলিও আৱেগিক হৈ পৰো...
বৈ অহা চকুলোখিনিক নোৱাৰো
বহুতো চেষ্টাৰ পিছতো বাধা দিবলৈ...
তুমিতো জানা , কি হোৱা তুমি মোৰ...
তথাপিও নাজানো কিয় এনে কৰা...
মোক কষ্ট দি তুমি কি ৰং পোৱা...

মই জানো তুমি নোহোৱা কাহানিও মোৰ...
আৰু তুমিও জানা...
মন আৰু হৃদয়েৰে মই তোমাৰ...
সকলো জানিও মোৰ অবুজন হৃদয়ে বিচাৰে
তোমাক নিজৰ কৰি পাবলৈ...
বিচাৰে এবুকু ভালপোৱা...
এমুঠি বিশ্বাস...
আৰু মৰমৰ উম সনা নিশ্চিত আশ্বাস...
তোমাক চিৰদিন কাষৰত পোৱাৰ...

তুমিয়ে কোৱাচোন...
জুখিমাখি জানো ভালপোৱা যায়...
ভালপোৱাত থাকে কিছু পাগলামি...
আৰু কিছু উন্মাদনা...
ভালপোৱাক জানো আঁতৰাই ৰখা যায়...
পাৰি জানো ইয়াক বান্ধি ৰাখিবলৈ...

তোমাক ভালপাওঁ বুলি জানিও
মাজে মাজে তুমি অৱহেলা কৰা মোক...
আৰু তুমি অৱহেলা কৰা বুলি জানিও
মই ভালপাওঁ মাথোঁ তোমাক...
আগতেও কৈছোঁ তোমাক...
তোমালৈ থকা  ভালপোৱা...
মোৰ বুকুৰ মাজৰ এচিকুট সুখ...
কেতিয়াও ভাল হৈ নুঠা এক কঠিন অসুখ...

তুমি জানো নুবুজা সোণ...
কিদৰে মই ৰৈ থাকো তোমাৰ অপেক্ষাত...
বুজিবলৈ চেষ্টা কৰিবানে...
অপেক্ষা নহয়  মাথোঁ এটি শব্দ...
ই তিলতিলকৈ কৰি তুলিব পাৰে ...
মানুহক নিঃশব্দ...

সোণ মোৰ...
সকলো নিৰৱতা ভাষাহীন নহয়...
কেতিয়াবা লুকাই থাকে নিৰৱতাৰ আঁৰত...
কিছু জটিলতা...
সেয়েহে তুমি নিৰৱে থাকিলেই মোৰ কলিজা কঁপে...
ডুক ডুক কৈ বাজি উঠে সঘনাই...
এটাই মাথোঁ ভয় মোৰ...
তোমাক হেৰুৱাই পেলোৱাৰ...

সঁচাকৈয়ে...
তোমাৰ কথা ভাবিলেই...
বৈ আহে হৃদয়লৈ
এজাক প্ৰশান্তিৰ বতাহ...

✍️ আইনু বৰুৱা




জোনাকী তুমি মোৰ মৰমৰ সাক্ষী হোৱা

ভাবিছিলো তোমাৰ মুখখন  হেঁপাহ পলাই চাম..!!
দুচকুত দুচকু থৈ এখন্তেক তোমাৰ স'তে সময় কটাম..!
কিমান যে আশাৰে বাট চাই আছিলো...!!
কিন্তু......!!
তুমি নাহিলা ...!!
ক'লা মেঘৰ আৰত হেৰাই গ'লা নে...!!
তুমি নিজেই নাহিলা জোনাকী..!!
কেনেকৈ নো কওঁ তোমাক..??
তোমাৰ অবিহনে যে মই কিমান আধৰুৱা...!!
ভাল পাওঁ তোমাক প্ৰাণ ভৰি...!!
 তোমাৰ মাজত যে পাওঁ...!!
 আপোনজনৰ ঠিকনা বিচাৰি....!!
নিবিচাৰো তোমাৰ পৰা কোনো সহাঁৰি..!!
মাথো মোৰ মৰমৰ সাক্ষী হোৱা জোনাকী..!!


                                   ✍ অনামিকা দাস

Post a Comment

0 Comments