"" মৃত্যু ""
মোৰ মৃত্যুৰ বাতৰি পাইতুমি উধাতু খাই দৌৰ মাৰি
নাহিবা,আপোন পাহৰা হৈ
মোৰ জ্বলি থকা চিতাৰ কাষলৈ!
মোৰ চিতাৰ জুই দেখি তুমি
আচৰিত নহবা দে.........…!
মোৰ চিতাৰ ওচৰত বহি
তুমি, উচুপি নাকান্দিবা
নাহিবা তুমি চকুৰ পানী
উপহাৰ দিবলৈ.............!
যদি দিয়া মোৰ আত্মাই ,
শান্তি নাপাব জানা ,
দিব যদি বিচৰা ,
মৰম সনা এষাৰি মাত দিবা,
আৰু যদি দিব বিচৰা কিছু
ৰং দিবা, মোৰ সমাধিত
চিৰ যুগমীয়া হৈ থাকিব ,
পাৰিলে দিবা এটি
ভাল লগা গীতৰ সুৰ ,
ও, মই দিয়া বিষাদৰ টোপোলা টো
তুমি কিন্তু উপহাৰ দিবলৈ নাপাহৰিবা !
তাত জন্ম হ'ব এটি বিষাদৰ সপোন ,
সিপাৰৰ নাওঁত উঠি ,
পাৰোঁ যদি গাই যায়
মোৰ এটি প্ৰিয় গান...
"" পৰ জনমৰ শুভ লগনত
যদি হে আমাৰ হয় দেখা, ""
✍️ অনুপমা শৰ্মা
২৮/০৬/২০২০
মৃত্যু
এটা অজুহাত দেখুৱাই তুমি
গুছি গ'লা তৰাৰ দেশলৈ....
কাকো নজনোৱাকৈয়ে
ভৰিত সাৰে হাতত সাৰে
যোৱাৰ যদি ইচ্ছা আছিলেই
অজুহাত নো কি দৰকাৰ আছিল....?
তুমি পিন্ধা থকা ফিচিকি যোৱা
টাপলি দি পিন্ধা চোলাটো
ঘমাক্ত শৰীৰৰ গন্ধটো
এতিয়াও মোৰ নাকত লাগিয়ে আছে
তুমি জানানে দেউতা.....?
তুমি নথকাৰ বাবেই আজি
আৰু পথাৰখন কেতিয়াও
সোণোৱালী নহয়.... ।
তোমাৰ অবিহনে
ঘৰখনো কিবা উকা উকা
কিবা এটা যেন নাই নাই !!!
মোৰ সঘনে চকু
যায় তুমি আবেলি বহা
আৰামী চকী খনলৈ.....
দেউতা,
সঁচাকৈয়ে যদি যোৱাৰ মন আছিল
অজুহাতৰ কি দৰকাৰ....??
✍সদানন্দ সন্দিকৈ
0 Comments