ৰোমান্তিক প্ৰেমৰ কবিতা :: অসমীয়া কবিতা - By Assese Poem

মোৰ প্ৰেম  - অসমীয়া কবিতা

ভালপাওঁ তোমাক
বহুত বহুত বহুত বেছি,
কি নামেৰে মাতিম তোমাক
নিত্যনতুন নাম বিচাৰি নাপাওঁ
সেইহে পুৰণি নামেৰেই ভালপাই যাওঁ।
কি নামেৰে মাতিম তোমাক
নিত্যনতুন সেইহে বিচাৰি যাওঁ।
কেতিয়াবা জান, কেতিয়াবা কলিজা, কেতিয়াবা আকৌ যাদু,
আৰু যে কত নামেৰে মাতো জানানে তুমি নীলাম্বৰী,
বৃষ্টি বুলি নকওঁ ক্ষণিকৰ সুখ
নদী বুলি নামাতো ভাঙি নিব স্ৰোত।
মাতো তোমাক কবিতা
মনত ৰাখিবা অনুৰাধা
তথাপিও তোমাক বিচাৰোঁ, বিচাৰোঁ, বিচাৰোঁ,
যি নামেৰে নামাতো কিয়
তোমাকেই প্ৰতিক্ষণ ভালপাই যাওঁ,যাওঁ,যাওঁ।

     ✍ ৰতন কুমাৰ শিৱ



হৃদয়ৰ অনুভূতি   - অসমীয়া কবিতা

তোমাৰ এটি চাৱনিতে
মোৰ হৃদয়ত সৃষ্টি হয়
হেজাৰ বিজুলী তৰংগৰ
আৰু সেই তৰংগ প্ৰবাহত
কম্পিত হৈ উঠে ,
মোৰ মন আকাশখনি
ভাল লগা, ভাল পোৱাৰ
এটি মিঠা শিহৰণে
কাণে কাণে কৈ যায় মোক
তুমি মোৰ মাথোঁ মোৰ ।
                                 
                           
          ✍️  হিৰামনি ৰায় ।
              পাৰাদীপ( উৰিষ্যা )    
            ১৷০৭৷২০২০

Post a Comment

3 Comments