এখন চিঠি -ব্যৰ্থ প্ৰেমিকৰ এক মৰণকাতৰ অনুভৱ

এখন চিঠি

মৰম লবি......
কম বুলি কথা এষাৰ
লিখিব লৈছো দে কবিতা এটা।
কেনে আছ অ......??
তোৰ ভালপোৱাবোৰ..,...??
আগৰ দৰে ৰাখিছ নে জীয়াই,...... ??
হ'ব দে......
এতিয়া কথাষাৰ শুন......
ভাবিছো তোৰ ঘৰলৈ যাম......
অহা মাহৰ কৃষ্ণপক্ষৰ বুধবাৰে দেই.....।
তই কিন্তু খং নকৰিবি দেই........।
আপদ বুলিও নাভাবিবি...,..।
ফুলা লুচি যেন মুখখন
বেছিকৈ ফুলাইও নাৰাখিবি।
মুখ খনত তোৰ অভিমানবোৰে
লাজুকি লতাৰ দৰে মেৰিয়াই মেৰিয়াই বান্ধে।
মা কচম কৈছো........
তেতিয়া সৰগৰ তিলোত্তমা যেন লাগে।
আহিবি......কাষতে বহিবি জানো..,....???
আগৰ দৰে.....হ'ব দে....
চাহ একাপ দিবি......
চাবি কিন্তু ....চাহ বনাওঁতে তোৰ
প্ৰায়েই গৰম পানী হাততে পৰে।
তেতিয়া মোৰ হৃদয়খন বিষ এটাই
বৰকৈ কামোৰে।
একো নোসোধো তোক.. .....
মাথো চাম.......
তোৰ জোনবাই যেন মুখখনৰ
ৰাংধালি হেন হাঁহি।
তোৰ হাঁহিতে মোৰ কবিতা বোৰে নাচে।
বৰকৈ মনত পৰি থাকে অ....,।
ঐ.....আছেনে মনত
মোৰ হৃদয়ৰ ৰাণীহৈ থাকোতে
ৰাতিবিহুৰ দিনবোৰত
তোৰ খোপাত মই যে গুজি দিছিলো
কপৌফুল এপাহ।
চকুৰে কৈছিলি তেতিয়া.,.....
মোকেই কৰিবি তই সাতজনমৰ ৰজা।
কথাবোৰ এতিয়া শালগছৰ এখিলা শৰাপাতৰ ভাষা।
ৰ'দে ধোৱা দুপৰীয়াত নিচুকণি গীত গাওতে
আহে নেকি এইবোৰ কথা মনৰ ভাৱত......??
শুন.....তোৰ ঘৰলৈ গৈ তোক
আপুনি  বুলি সম্বোধন ধৰিম দেই।
সুধিম......
চিনি পাইছেনে মোক মিচেছ মৌচুমী।
ভালে আছেনে  কলিজাৰ পৰা
সুখী নে হৃদয় জুৰি।
যাম ৰহ.....চামগৈ তোক কাষৰ পৰা।
হাতত কিবা এটা লৈ যাম হা
উপহাৰ বুলি
ভালপোৱা জীৱনত একোৱেই নহল দিয়া।
বহুত টকাৰে নহয় কিনা।
নহয় ইমান লাগতিয়ালও দে।
তথপিও মূল্যবান কিবা এটাকে দিম হা।
যি বস্তু সাগৰে দিয়ে জোৱাৰক
বতাহে দিয়ে গছক আৰু
পানীয়ে দিয়ে মাছক।
এতিয়াই নকও দে
লগ পাবলৈ দে.,......।
কম......
মনে মনে কাণে কাণে
বৰষুণৰ ভাষাৰে,....||

✍️প্ৰাঞ্জল গোহাঁই


Post a Comment

0 Comments