যোৱা নিশা আহিছিল এজাক বৰষুণ
যোৱা নিশা আহিছিল এজাক বৰষুণ
বৰ ডাঙৰ বৰষুণ নহয় কিনিকিনিয়া বৰষুণ
বৰষুণৰ টোপালবোৰ
আমাৰ জুপুৰি পজাটোত পৰি
সৃষ্টি কৰিছিল এটি সুৰ ।
তেতিয়াই হাতত লৈছিলো
মোৰ মৰমৰ গীতাৰখন
বৰষুণে গান গাইছিল
মই সেই গানৰ সুৰে-সুৰে
গীতাৰৰ টাৰত হাত বোলাইছিলোঁ ।
হঠাৎ বৰষুণৰ সুৰ স্তব্ধ হৈছিল
মোৰ আঙুলি ৰৈ গৈছিল ।
গীতাৰখন থৈ
দুৱাৰ মেলিছিলো
ৰঙা সূৰুজ টোৱে আহি
পদূলিত ৰৈ আছেহি ।
সূৰুজমুখী জোপাইয়ো পাহিবোৰ মেলিব ধৰিছে ।
নিয়ৰৰ মুকুতাবোৰ জিলিকি উঠিছে
সূৰুজৰ পোহৰ পৰি ।
ৰঙা নীলা হালধীয়া সেউজীয়া নানান ৰূপ লৈছে
নিয়ৰৰ সেই মুকুতাবোৰে ।
যোৱাকালি অহা বৰষুণজাক সপোন আছিল নে !
বাস্তব আছিল
মই ধৰিবই নোৱাৰিলো ।
---------------------
✍️সঞ্জীত দাস
পাটাছাৰকুছি
নিসংগ পুতলা - "কবিতা"
নিসংগতাও হ'ব পাৰে
সৃষ্টিৰ সোপান
মৌন সন্ধিয়া ধূপ সুগন্ধিৰে
জগাই তুলিব পাৰে সুপ্ত হৃদয়
আকাশখন কলিয়া ডাৱৰে আবৰা
ডাৱৰৰ আঁৰে আঁৰে কাব্যিক সৌন্দৰ্য
অৱকাশ বুলি একোৱেই নাই
সেউজীয়া পৃথিৱীৰ প্ৰান্তে প্ৰান্তে
কল্পনা পখীঘোঁৰাত উঠি
এজাক উৰণীয়া সমাধি
বিলৰ পাৰত পখীৰ কাকলিৰে
সমাধিস্থ কৰে নিসংগ আবেগ
নিসংগতাই সৃষ্টি কৰে সোণালী ৰেখা
নিসংগতা অভিশাপ নহয়
এক আৰ্শীবাদ
মাথোঁ থাকিব লাগে
সৃজনাত্মক প্ৰেৰণা মনৰ__!!
----------------------------------
✍️দিব্যজিৎ লাহন
উত্তৰ লখিমপুৰ
শেষ চিঠি
হৃদয়ৰ বাৰেৰহনীয়া প্ৰলেপেৰে
প্ৰতিটো ঋতুতেই লিখিছিলা
নীলা চিঁয়াহীৰে এখনকৈ চিঠি
নিশাৰ আকাশৰ নান্দনিক
চিত্ৰপটৰ ৰহন সানি !
কৰিছিলা বহুতো প্ৰশ্ন -
আৰু মই নিৰ্ভীকহৈ
তোমাৰ প্ৰশ্নত প্ৰমাদ গণিছিলো ,
দি গৈছিলো মৌনতাৰ ভাষাৰে
একো একো উত্তৰ।
জীৱনৰ বিয়লি বেলাত
এবুকু সেউজ সপোন সিঁচি
লিখিছিলা শেষ চিঠি
প্ৰাণাধিক প্ৰিয়তমা বুলি !
নাপালো তোমাৰ শেষ চিঠি
সময়ৰ বালিত নিলামহৈ পৰি ৰ'ল
লতাৰে আৱৰা ৰঙা প'ষ্ট-বক্সত
এপাহি জলছবিৰ ফুলহৈ ।
-----------------------------
✍️জিনু গগৈ।
বোকাজান ।
0 Comments