অসমীয়া কবিতা মৰম | Assamese Love Poem | অসমীয়া কবিতা :: অসমীয়া পদ্য চৰ্চা

মৰমৰ সৈতে অলপ অনুভৱ

নিসংগ সময় বোৰত সংগ দিবলৈ
আগবাঢ়ি আহিছিল –
চিনাকি অচিনাকি মৰম এসোপামান
মহঙা দিনবোৰত কাষতে মৰমবোৰ পাই
আনন্দত মনটো নাচি উঠিছিল –
দুহাত আগবঢ়াব খুজিছিলো সাৱটি ধৰিবলৈ
এনেতে পাছফালৰ পৰা বিবেকে হেচুকি দিলে
আগবঢ়াই দিয়া হাতখন কোচাই আনিলোঁ...

প্ৰশ্নবোধক চাৱনিৰে বিবেকলৈ চাওঁতে
খঙেৰে মোক ক'লে -
বাচ বিচাৰ নকৰাকৈ মৰমবোৰ সাৱটি
বিপদত পৰিব খুজিছা কিয়
জানা জানো তুমি -
কোনবোৰ মৰম স্বাৰ্থপৰ
কোনবোৰ স্বাৰ্থহীন

ক্ষন্তেক মই ডৰক মাৰি ৰ'লো
ইয়াৰ পাছত -ভাগ কৰি পেলালোঁ মৰমবোৰ
মোৰ পৰিয়াল -পৰিজন
 বন্ধু - বান্ধৱৰ মৰমবোৰক কাষলৈ টানি
অচিনাকি মৰমবোৰক দূৰতে বিদায় দিলোঁ
মই বাৰু ভুল কৰিলোঁ নেকি...

            ✍️ৰশ্মি ৰেখা চলিহা
              গোৱালপাৰা



ভালপোৱা....

ঐ . . .ক'ত গ'লা....
জোনাকৰ বৰষুণত তিঁতি
হৃদয় বিচাৰো আঁহা. . . .
হৃদয়ে দিব তেতিয়া
হৃদয়ৰ ভাষা।
মৰমে দিব মৰমৰ হিয়া।
আৰু শুনা. . . .
আলিংগনৰ পৰশত
পূজা হ'ব মৌনতাৰে দিয়া।
সুন্দৰতাকে মালা পিন্ধি
পৃথিৱীখনকেই কাৰেং সাজিম হা।
তুমিতো জানাই. . .
মোৰ হাওঁফাওঁত. . .
তোমাৰেই ভালপোৱাৰ উশাহ।
তোমাকেই ভালপাওঁ. . . .
পৃথিৱীখনতকৈ জানা. . . .।
কাৰণ. . .
তুমিযে উদাৰ কিম্বা মৰমীয়াল
সাগৰ আৰু জীৱনতকৈও সঁচা।
সেয়েহে শুনা. . .
কলিজাৰ সিৰা-উপসিৰাৰ
অলিয়ে-গলিয়ে ফুলাই ৰাখিছো. . .
সপোনৰ দীঘলীয়া সুবাস।
সেইয়া কি জানা....??
অ....লাজ কৰিছে চোৱা....!!!
সেইয়াই হ'ল হৃদয়ৰ.....
ভালপোৱা.....
মাথো ভালপোৱা......//

          ✍️প্ৰাঞ্জল গোহাঁই


সাদৃশ্য 

তাই বগা আছিল
মই ক'লা আছিলো।
তাই লাহী শৰীৰৰ অধিকাৰী আছিল
মোৰ শৰীৰটো মেদে অধিকাৰ কৰি লৈছিল ।
সৌন্দৰ্য্যই তাইৰ ওঁঠ জুৰিত
আকৰ্ষণীয় হাঁহি বিৰিঙাইছিল
কদৰ্যই মোৰ তেনেই নগণ্য হাঁহিও
মোৰ ওঁঠৰ পৰা কাঢ়ি লৈ গৈছিল ।
উচ্চাত্মিকা ভাবত তাই আত্মসন্তুষ্টি লভিছিল
নীচাত্মিকা বোধে ভিতৰি ভিতৰি মোক উদং কৰিছিল।
মই মনে প্ৰানে প্ৰাৰ্থনা কৰিছিলোঁ
তাইক আৰু মোক মানুহে একে দৃষ্টিৰে চোৱাৰ।
এদিন নিবিছৰা ধৰনে মোৰ প্ৰাৰ্থনা গ্ৰহন হ'ল
আমাৰ দুয়োৰে মাজত সাদৃশ্য দেখা পালে
কিছুমান মানৱ ৰূপী দানৱে।
এতিয়া তাইৰ আৰু মোৰ মাজত
নাই কোনো অন্তৰ
তাইও জ্বলি ছাই হৈছে
মইও জ্বলি ছাই হৈছো।

               ✍ জাহ্নৱী দেৱী 
           ২৩-০৭-২০২০, শিলচৰ

সংসাৰ চাকনৈয়া

পোনাটি সোনকালে ডাঙৰ হব
আকাশৰ জোনটি পাৰি আনিব
তৰাবোৰ চোলাটোত সী লৈ
পোনাটি .....

তোৰ মৰমৰ আবদাৰত এনে লাগিছিল
যেন ডেও দি পাৰ হওঁ
শৈশৱৰ সকলোবোৰ আলিমুলি ধেমালি
একেকোবে ডাঙৰ হৈ থপিয়াই  আনি
সুখৰ চাদৰখন
মেৰিয়াই দিম তোৰ
মৰমে মেটমৰা আকলুৱা কংকালসাৰ দেহত

সুখ যেন অদূৰত ফুলি থকা
সেন্দুৰীয়া জোন...
হাতমেলিয়েই চিঙি আনি
পিতাইৰ হতাশ উভটনিৰ উদং মোনাখনত
ভৰাই দিম এমোন দুমোন...

বুজাই নাছিলো তেতিয়া
ডাঙৰ হোৱা মানে যে
 মৰম হেচুঁকি হেঁচুকি ভৰোৱা
 লঘোনীয়া ভোকৰ দেহাত
বিশ্বাস হেৰোৱা নিৰাশাৰ নৰিয়া

পিতাই অ,
এতিয়াহে অন্ত পালোঁ
কিয় যে সৰুতে সদায় গাইছিলি তই
"নালাগে পোনাটি ডাঙৰ হব
আকাশৰ জোনটি পাৰি আনিব
সৰু হৈ থাকিয়েই আই-পিতাইৰ
ভাগৰত হিয়া জুৰাব.."

তই কেনেকৈ সহিলি পিতাই
কেনেকৈ সহিলি
তোৰ উখহা কান্ধৰ বিৰিয়া ঘাঁ
মোৰ কান্ধতে এবেলি থৈ
আইৰ কোলাতে ভাগৰৰ বুকু জুৰা

কেনেকৈনো পাৱ তই মোৰ
কান্ধত শকতিৰ উমান
মইওতো পিতা হলোঁ
কান্ধৰ ওজনো এতিয়া তোৰে সমান

আই অ,
তোৰ আবদাৰতে সোনকালে ডাঙৰ হলোঁ
শৈশৱৰ হাঁহিবোৰ হেৰুৱালো
শূণ্য আকাশত জোন বিচাৰি
তোৰেই মৰমবোৰ পাহৰিলোঁ
মই যে এতিয়া স্বামী হলোঁ..

তোৰ সোতোৰা ছালৰ সীৰলুত
পিতাইৰ উশাহবোৰ ধৰি ৰাখিবি
পিতাইৰ অভিমানবোৰ তইয়েই ভাঙিবি
মই ডাঙৰ হোৱাৰ বেজাৰতে
উখহি যোৱা চকুহালত
মোৰ আকাশৰ তৰাটি জ্বলাবি

সকলো অভিমান কাটি কৰি
নাতিটোৰ মুখখন চাই যাবি...
সি যে সাইলাশ ককাকৰ দৰে
পিতাইক এবাৰ দেখুৱাবি...

          ✍️দীপু

Post a Comment

1 Comments