অনুভৱ তুমি নাহিলা | Assamese most romantic poems

" অনুভৱ তুমি নাহিলা "

অনুভৱ তুমি বাৰু ক'লৈ গ'লা
তোমাৰ আলিংগন বিচাৰি
ব্যাকুল হৈছো আজি...
ৰাতিক দিন কৰি
দিনক ৰাতি কৰি
ওৰে দিনটো
কতনা খাইছো হাবাথুৰি
তোমাক বিচৰি..
পাহৰণি গৰ্ভত
তুমি হেৰাই গ'লা
সেয়ে হেতু নাইযে আজি
শব্দৰ মালিতা
কোন বাটে যাওঁ
তোমাক বিচৰি
উৱাদি নাপাওঁ
মনটি মোৰ বলিয়া হ'ল
অনুভৱ তোমাৰ সন্ধানত
বিবেক মোৰ আজি
ভাগৰুৱা হ'ল ।
তুমি মোৰ বুকুৰ আপোন
মন বিবেকৰ
পূৰ্ণিমাৰ জোন
তুমিয়েই  আনি দিয়া
নৱ নৱ সৃষ্টিৰ
সৌন্দৰ্য্যৰ দাপোন ।
অনুভৱ তুমি নাহিলা
মোৰ বিবেকত বাহাৰ পাতিবলৈ
নতুনকৈ ন সাজেৰে
সজাই তুলিবলৈ
মোৰ মনত অনেক ৰঙৰ
ঢৌ খেলাবলৈ
তুমি নাহিলা আজি
ক্ষণতেকলৈ বিবেকক
ৰোমন্থন কৰিবলৈ ...
অনুভৱ তুমি নাহিলা
মোৰ আজৰি সময়ৰ
সংগী হ'বলৈ..
অনুভৱ তুমি নাহিলা  
 তুমি নাহিলা 
  শব্দৰ মালিতাৰে 
      তোমাক সজাই 
         তুলিবলৈ ...।।
--------------------------------------
✍️নয়নমনি বৰা ।





প্ৰেমৰ চহৰ 

নিশাৰ
সুগঢ়ি কাপত
মদিৰাৰ ৰংহীন জলত
ভাঁহি  আহে এখন চহৰ
নীলৰঙী সেই চহৰখনত তুমি
ফুলি আছা জকমকাই গোলাপ হৈ।

বুকুত  হাত থলেই
সৰি পৰে প্ৰস্ফূতিত ফুলৰ পাহি
এপাহি দুপাহিকৈ  বহুপাহ
তথাপিও কলিৰ ৰূপ অপৰিবৰ্তিত
গোলাপী ৰাগীত  হাঁহি থকা
তুমি, প্ৰেমৰ এখন ৰোম নগৰী……!!
-------------------------------

 ✍️অশোক কুমাৰ,  
       ভুবনেশ্বৰ
----------------------------

 পানীৰ দৰে হোৱা তুমি

পানীৰ দৰে হোৱা তুমি
জীৱনক পানীৰ দৰে
অহৰহে বৈ থাকিবলৈ
শিকোৱা _____!

জীৱনক_____
নৈ দৰে বৈ থাকিবলৈ দিয়া
কোনে বাধা দি ৰাখিব তোমাক।

পানীৰ দৰে পবিত্র হোৱা
কোনে ঘৃনা কৰিব তোমাক।

পবিত্র পানী দৰে হলে,
খাই শেষ কৰিব বুলি নাভাবিবা ।

তুমি পবিত্র হলে___!
তোমাৰ পবিত্র হৃদয়ৰ মৰম পাবলৈ
তোমাক সদায় পবিত্র কৰি ৰাখিব।

পৰিস্কাৰ পানীৰ দৰে ;
মানুহে ভবাৰ দৰে
পৰিস্কাৰ কৰি ৰাখিলে হে ;
পৰিস্কাৰ পানী খাৱ পাৰিম।

তুমিও পানীৰ দৰে পবিত্র হোৱা;
পানীৰ দৰে নৈ হৈ বৈ থাকিবলৈ শিকা !
কোনে বাধা দি ৰাখিব তোমাক।
---------------------------------------
✍হিমাংশু ৰাজৱংশী✍

Post a Comment

0 Comments