অসমীয়া কবিতা দেউতা | Assamese Poem about Father

দেউতা তোলৈ বৰ মনত পৰে অ'

দেউতা তোলৈ বৰ মনত পৰে অ'
সৰুতে এবাৰ মোৰ বেমাৰ হওঁতে
তইযে  মোক ডাক্তৰৰ ওচৰলৈ
নিওঁতে কান্দি পেলাইছিলিযে,
 আজিও  কথাবোৰ মনত পৰে।
  মনত পৰিছে  মোৰ সৰু কালৰ কথা
ৰাতি মোক শুৱাঁবলৈ তইযে
তপিনাত থপৰিয়াই গাইছিলি
সেই গীতটো -----
''আমাৰে মইনা শুব য়ে
বাৰীতে বগৰী ৰুবলৈ য়ে ''
বৰ মনত পৰে অ'  যেতিয়া মই অকলে
কথাবোৰ চিন্তা কৰি থাকো,
এবাৰযে, এতিয়াও বেয়া লাগে
মোৰ সেই কথাটো ভাৱি
তই পথাৰলৈ হাল লৈ যাওঁতে
মই যে চাহ লৈ গৈছিলো তোলৈ ?
পথাৰৰ আলিয়েদি যাওঁতে
চাহেখতি পৰি মই কান্দিছিলো,
 গালি পাৰ' বুলি ভয় খাইছিলো মই
তইযে ওচৰলৈ মাটি মৰম কৰি দিছিলি।
খুউব বেয়া লাগিছিল তেতিয়া
চাহ নোখোৱাকৈ হালবাই  আছিলি
ম'হৰ হাল বোৱা ধেমালি কথা নহয়কিন্তু
তই বৰ কষ্ট কৰিব পাৰিছিলি অ'
অ তোক কবলৈ পাহৰিয়েই গৈছিলো
আজিকালি গৰু, ম'হৰ হাল নাইকীয়া হ'ল নহয়,
ট্ৰেক্টৰেহে হাল বাই  এতিয়া
মানুহে গৰু, ম'হৰ হাল বাদ দিলে অ'
বহুত পৰিবৰ্তন হ'ল  নহয় এতিয়া
তই থাকিলে কিমান ভাল লাগিলহেতেন!
তই কিন্তু এইবোৰ ভাল নাপালিহেতেন চাগে!
তোৰ আৰু এটা কথা মোৰ মনত আছে
আঘোনত তই বন্ধা ছঠৰীয়া ডাঙৰী,
বহুত টানকৈ বান্ধ তই ডাঙৰী বোৰ
বেকাঁ বিৰিয়াত যে ডাঙৰী আন' তই
চাই চাই  ইমান ভাল লাগে মোৰ,
থোকবোৰ খোঁজত নাচি নাচি  আহে
জৰক জৰক মাতে ধানৰ থোকে।
এবাৰ  মইও অানিব লওঁতে
বিৰিয়া বেকাঁ হৈ মই কান্ধতযে
ইমান দুখ পাইছিলো,
তই দৌৰি আহি বিৰিয়া ঠিক কৰি দিছিলি
মই পিছে আনিব নোৱাৰিলো ,নহয়?
এতিয়া কথাবোৰ মনত পৰিছে অ',
বৰ মনত পৰিছে অ' আজি তোলৈ।
আমাৰ বাপতি সাহোন বিহু তিনিটা,
ৰঙালী বিহু আগৰ দৰে গছৰ তলত
নামঘৰত আৰম্ভ হৈ ঘৰেঘৰে বিহু মৰা
আজিকালি নাইকীয়া হ'ল অ'
মাঘবিহুত তহঁতিযে চুবুৰীয়াৰ সকলো
একেলগে নামঘৰত বৰমেজি  পাতিছিলি
সকলোৱে ভোজভাত খাই কিমান ভাল লাগিছিল
বাহঁৰ পাবত  পানী ভৰাই ফুটা বন্ধ কৰি
পুৱাযে  মেজিত দিছিলি
ইমান  ভাঙৰ শব্দ হৈছিল
মই বৰ ভয় খাইছিলো তেতিয়া।
এতিয়া মেজি ঘৰেঘৰে হ'ল অ'
ভোজভাতৰ কথানো কি ক'ম।
আৰু কাতিবিহুটো নামতে আছে অ'
আমাৰে বেয়া লাগে তহঁতে বহুত দুখ পালিহেতেন।
এতিয়া বহুত কথা মনত পৰিছে অ'
তহঁতে পতা  ভাৱনা, বৰসবাহযে
কিমান ভাল লাগিছিল সেই দিনবোৰ
আজিকালি ৰাইজৰ সেই ষ্ফুৰ্তি নাই দেখোন অ'
আগতে আমাৰ   অঞ্চলৰ নাম বিখ্যাত আছিল
কুঁহিয়াৰৰ গুৰৰ বাবে, সকলোৱে খেতি কৰিছিল
ঢেকীয়ালৰ কলহতযে  গুৰ ভৰাইছিল।
লিকটা গুৰ খাই বৰ ভাল পাইছিলো
লিকটা গুৰ খাবলৈ, খোল বনাইযে
 চুবুৰীৰৰ ল'ৰা ছোৱালীবোৰ ৰৈ আছিল
কিমান যে আন্তৰিকতা আছিল নহয়?
আজিকালি গুৰ খাবলৈ নাইকীয়া হ'ল অ'।
লাহে লাহে গাৱঁৰ পৰিবেশ দেখোন নাইকীয়া হৈ
টাউনৰ পৰিৱেশহে  হৈছে আমাৰ সমাজত।
গাৱঁৰ তহঁতে খোৱা কোমল চাউল, চিৰা, পিঠাগুৰি
সান্দহ,চুঙা পিঠা, ভাতপিঠা, মুঠিয়া পিঠা আদি
আজিকালি টাউনতহে  দোকানত বিক্রি হয় অ',
মানুহবোৰৰ মাজত মিলীপ্ৰীতি নাইকীয়া হ'ল
কৃত্ৰিমতাৰে ভৰি পৰিল অ' গাৱঁৰ সমাজ
তই দেখি বৰ দুখ পালিহেতেন এইবোৰ
তই আজি নাই  আমাৰ মাজত
কিন্তু তোৰ স্মৃতি বোৰ কেনেকৈ পাহৰো অ'!
মই সৰু হৈ থাকোতে তই কৈছিলি
মৰাৰ পাছত মানুহবোৰ আকাশত
তৰা হৈ আমাক  চাই থাকে সচাঁনে?
এতিয়াও বিচাৰো মই তোক
তই বাৰু কোনখিনিত আছ?
ৰাতি ৰাতি আকাশলৈ চাই চাই
বিচাৰো তোক অকলে চোতালত বহি
উজ্জ্বল তৰাটো  তই নেকি বাৰু?
মোলৈ চাই থকা যেন লাগেযে,
ভাৱি ভাৱি আচৰিত হওঁ তোৰ কথাবোৰ
আমাৰ সকলো সমস্যা  , সমাজৰ সমস্যা
তইযে কেনেকৈ সমাধান কৰিছিল
মই এতিয়া ভাৱি আচৰিত হওঁ অ'।
তোৰ লগত  থাকোতে
বটবৃক্ষ ছাঁৰ তলত থকাযেন লাগিছিল অ'
বহুত সাহস আছিল  আমাৰ তেতিয়া,
এতিয়া  আমিও  দেউতাক কিন্তু --- !
তোৰ দৰে যেন হ'ব নোৱাৰিলে অ'
তই য'তে আছ ভালে থাক
আমাক আশীৰ্বাদ কৰিবি  আকৌ দেই ,
যেন তোৰ দৰে আমিও ঘৰখন
চলাব পাৰো  আৰু
সমাজখনৰ লগত মিলিজুলি
মানুহৰ দৰে জীয়াই থাকিব পাৰো।
আশীৰ্বাদ কৰিবি আকৌ,
বৰকৈ মনত পৰিছে  অ' তোলৈ
ব - হু-ত   ব-হু-ত মনত পৰিছে অ'।
------------------------------------
     ✍️অপূর্ব হাজৰিকা,গোলাঘাট
          ২/৭/২০২০


Post a Comment

1 Comments

  1. সচাকৈ তোমাৰ এই কবিতাটো পঢ়ি দেউতালৈ আজি বৰকৈ মনত পৰিছে।

    ReplyDelete