জীৱন এক নদী
চকু মুদি মুদি দেখিছোঁসময় বোৰ নৈ হৈ বৈ গৈছে
নীৰৱে
আওকাণ কৰি আন্ধাৰ পোহৰৰ খেলা।
মই নৈৰ পাৰৰ মঠাউৰিত বহি
পোহৰত হাঁহিছো
আন্ধাৰত উচুপনিক সুৰ কৰি
মন গ'লেই সুহুৰিয়াইছোঁ
তোমাক জোকাই।
নৈ খনে হাঁহি দিছে খিলখিলায়
জানানে তুমি !
আশা বোৰ যেতিয়া নিৰাশা হৈ
এৰাসুঁতিত ৰয়
নামি আহে অমানিশা
তেতিয়াই নদীখনক সুধি চাওঁ...
" পাৰিম নে নাশিব অমানিশাৰ আন্ধাৰ?
বাৰে বাৰে কিয় সমুখত মোৰ
ঘোৰ ঘন কলা পাহাৰ!"
নদীখনে উত্তৰ দিলে..
" কিয় নোৱাৰিবা ! মোৰ দৰে হোৱা
ৰৈ নাথাকিবা
বিফলতাৰ পিঠিত উঠি আহে সফলতা
জীৱন নদীৰ নাও
তুমিয়েই নদীয়াল
তুমিয়েই গুৰিয়াল"
মোৰ দুচকু খোল খালে
পূবে ফেহুজালি দিলে।।
------------------------------
✍বিশ্বজীত বৰুৱা,
0 Comments