অসমীয়া কবিতা মা || Assamese Poem About Mother | অসমীয়া কবিতা আই

মা  

তেওঁ -
পৃথিৱীৰ সুন্দৰতম নাৰী গৰাকী
কৰ্তব্য, দায়িত্ব আদিবোৰ -
নিষ্ঠাৰে পালন কৰা মহিলা গৰাকী
ভোকৰ ভাতমুঠি সঠিক সময়ত দিয়া
দেৱী অন্নপূৰ্ণা গৰাকী

ঘৰখনৰ লক্ষীদেৱী তেওঁ
সন্তানৰ বাবে আই সৰস্বতী
প্ৰয়োজনত শিলৰ দৰেই কঠিন
এনেয়ে -
কাচৰ দৰে থুনুকা তেওঁৰ হৃদয়

সুদিনত কোন কলৈ যায় খবৰ নাৰাখিলেও
দুৰ্দিনত -ডেউকা মেলি আৱৱে তেওঁ

সাগৰৰ দৰেই বিশাল -
আকাশৰ দৰেই উদাৰ -
পৃথিৱীৰ দৰেই সহনশীল তেওঁ

নিজৰ ভাললগা বোৰক জলাঞ্জলী দি
সন্তানৰ ভালৰ বাবে জীয়াই থাকে তেওঁ

তেওঁ শক্তি
তেওঁ ধৰিত্ৰী
তেওঁ নাৰী
তেওঁ মাতৃ....
**************************************
ৰশ্মি ৰেখা চলিহা
গোৱালপাৰা


                                 

 এচুকত পৰি ৰ'লো মই

ভবাতো নাছিলো মই
মৌন হৈ পৰিম এদিন
ভবাতো নাছিলো মই
এদিন এচুকত পৰি ৰ'ম বুলি।
কিহৰ তাড়নাত আজিৰ
এই দশা চাক্ষুষ কৰিব
লগা হ'ল।
হে জীৱশ্ৰেষ্ঠ
চানক‍্যৰ শিষ্য সকল
জ্ঞান কোষত
জ্ঞানৰ ভাৰসাম্য
কমি গ'ল কিয়?
মই ! প্ৰজ্ঞাহীন হৈ পৰিলোঁ
হে জীৱশ্ৰেষ্ঠ
মই!  এচুকত পৰি ৰ'লো।

পূবে, পশ্চিমে
দৃষ্টিগোচৰ কৰিমনে?
উত্তৰে, দক্ষিণে কৰিম
সকলোতে সমাদৃত
এক কোলাহলে
মোক বাকৰুদ্ধ
কৰি পেলাইছ।
হে জীৱশ্ৰেষ্ঠ
প্ৰেম-ভালপোৱা,
সন্মান, উৎসাহ,
শ্ৰদ্ধা,ভক্তি, সহায়ৰ হাত,
ত‍্যাগ,বলিদান এই
শব্দবোৰ বিপৰীতে ঢাল খুৱাই
এচুকত পেলাই ৰাখিলি মোক।

প্ৰকৃতিৰ অনুপম সৃষ্টিক
জোৰেৰে সলাবলৈ গৈ
প্ৰকৃতি বিপদযুক্ত কৰিলি।
অনাবিল সুখ-সম্পত্তিৰ
পিছত আৰু কিমান দৌৰিবি
আকৌ আৰম্ভণিলৈ
প্ৰত‍্যাবৰ্তন নে কি?

তোমাৰ অকণমান
আশীৰ্বাদ সদায় বিচাৰোঁ
তুমি এচুকত নহয়
তুমি অন্তৰৰ
শিৰে শিৰে বৰ্তি আছা
জীৱশ্ৰেষ্ঠই কৰা
ভুলবোৰ আকৌ
শুধৰাই দিয়া।

-------------------------------
✍️বৰ্ণালী ডি.বৰঠাকুৰ।
 মালিগাঁও, গুৱাহাটী।
   ০৯/০৭/২০২০

মা আহচোন এবাৰ চাবলৈ মোক

    মা আহচোন এবাৰ চাবলৈ মোক
   দেউতাই যে এৰি গল সেইদিন ধৰি দেখানাই তোক
   মা ইয়াত যে মই বৰ কষ্ট পাওঁ
    ভাগৰি পৰো কাম কৰি কৰি
    তেওঁ খাওঁ লাঠিৰ কোব
     ভোকত এধানি বেছিকৈ খালেও
     ৰাখোঁতাৰ হওঁ চকুৰ কোট ।
    টোপনিয়ে হেচি ধৰিলেও ক্ষন্তেক নাপাওঁ লব    জিৰণি ।
    দেউতা আহিলে বুকুত সোমাই লব নোৱাৰো
     এধানি শান্তি ।
     বৰ মন গৈছে অ'মা তোক চাবলৈ
    নালাগে মোক ভাল খাবলৈ পিন্ধি বলে
     তোৰ লগত নাখাই থাকিলেও আছে বহু সুখ
     তই দিয়া গালিৰ মাজত আছে মৰম অযুত
    বৰ যন্ত্ৰণা অ মা আনৰ ঘৰত থকাটো
    অসহ্যকৰ আনৰ ৰুক্ষ তীক্ষ্ণ চাৱনিটো ।।
    ঠাণ্ডাত কঁপি কৰোঁতে কাম তোক ভাবো বৰকৈ
    তইযে কৱ মোক ঠাণ্ডা বহুত হাতখন সেক জুইত
    গৰমত তই দিয়া বিচনীৰ বা কেনেকৈ পাহৰিম অ মা ।
    চাবিহি এবাৰ জাবৰ জোথৰৰ বিকত গুন্ধৰ মোৰ কোঠাটো ।
   ।।মা আহচোন এদিন তই হৃদয়ভৰি চাওঁ  তোক
   তই আহি চেনেহৰ ঘৰখনলৈনিবিনে এবাৰ মোক
    মা আহচোন এবাৰ চাওঁ তোক ।।।
                         
                         ✍️  মামু বৰা( নগাঁও)

Post a Comment

0 Comments