জীৱনৰ বাটত কবিতা | Assamese Poem Life | অসমীয়া কবিতা :: অসমীয়া সাহিত্য চৰ্চা

জীৱনৰ ঠিকনা

জীৱনৰ ঠিকনা
লাহে লাহে হেৰাব ধৰিছে...
বিভ্ৰান্তিৰ এখন ৰহস্যময়ী জালে
মানুহৰ অন্তৰ আত্মাক
মেৰিয়াই ধৰিছে...
জীৱন...
অস্তিত্ব...
যেন মূল‍্যহীন একোখন দলিল।
সাক্ষৰিত দলিলত মোহৰ মাৰি
ৰঙ চাই কুটিল হাঁহি মাৰিছে
সময় নামৰ মায়াবী যমদূতে।
ঠিকনা সলনি হয় মানুহৰ..
ঠিকনা সলনি হয় সময়ৰ...
তথাপিও সময়ে দি যোৱা
আচোঁৰৰ চিনবোৰ ৰৈ যায়
অন্তৰৰ গভীৰতাত
চিৰস্থায়ীহৈ...

      ✍️ নিবেদিতা দাস লাহন


যন্ত্ৰণাৰ আবেগিক আবেলি

গভীৰ আবেলিৰ আচ্ছাদনত
শুই পৰা বেলিটিৰ
দুচকুত সৰি পৰিছিল
অলস এটোপাল
আবেগৰ চকুপানী..
যন্ত্ৰণাৰ আবেগিক আবেলি
যেন এসাগৰ দুখত নিৰ্মজিত।
অক্লান্ত বেদনাত ডুব যোৱা
এছাটি  মলয়াৰ কৰুণ বেদনা।
সময়ৰ আহ্বান...
ইমান কৰুণ..
ইমান ভয়াৱহ...
এতিয়া যুদ্ধ জয়ৰ সময়।
         
              ✍️ নিবেদিতা দাস লাহন

ছাইৰঙী আকাশ

তোৰ বুকুত আঁকিব নোৱাৰো
হেঙুল হাইতাল বৰণৰ
এখনি প্ৰাণোজ্বল জীৱনৰ ছৱি।
কুণ্ডলি পকাই উৰি যোৱা
বিষাদৰ এখন ক'লা চাদৰ
মেৰিয়াই মেৰিয়াই বান্ধি
সিহঁতে ৰং চাইছে।
তোৰ বুকুত গুঁজি দিছে
এছাটি এজাৰবুলীয়া বিষাদ।
নিজান..নিমাত...
এখন ছাইৰঙী আকাশ !
সেউজীয়াবোৰ উচুপি উঠিছে
উশাহবোৰ হাতৰ মুঠিত লৈ
মানুহবোৰ ঢপলিয়াইছে..
আন এখন আকাশৰ তললৈ
এবুকু সেউজী উশাহ বিচাৰি।
নিদ্ৰাহীন দুচকুত
আশাৰ উকমুকণি...
ছাইৰঙী উদাসীনতাৰ আবেগেৰে
কেনেকৈ আঁকিব পাৰি
জীৱনৰ এখন
সপোন জলছৱি।।
       
            ✍️ নিবেদিতা দাস লাহন


তৰাবোৰৰ সৈতে

নিশাৰ আকাশখনলৈ
চাই লৈছিলোঁ এপলক।
ইমান গভীৰ.....
জোনাক গলা নিশাবোৰ
বুকুত সাবটি ওৰেটো নিশা
কথা পাতো ..
মিতিৰালি কৰোঁ
তৰাবোৰৰ সৈতে।
সচাঁ আৰু মিছাৰ পাৰ্থক্য
বিচাৰি চাওঁ।
জিয়া সপোনবোৰ খেদি খেদি
ভাগৰি পৰা দুচকুক
নিচুকাওঁ..
তৰাবোৰে মিচিকিয়াই হাঁহে
মোৰ সুখত..
আৰু মোৰ দুখত...
মেঘৰ আঁৰে আঁৰে লুকাই ..
এক বুজাব নোৱাৰা সম্পৰ্ক
গঢ়ি উঠিছে...
তৰাবোৰৰ সৈতে।
যেন আজন্ম প্ৰেমিক মই।

            ✍️নিবেদিতা দাস লাহন

Post a Comment

0 Comments