অসমীয়া কবিতা প্ৰকৃতিৰ | assamese poem nature | অসমীয়া কবিতা

বলিয়া বতাহ

সৌ সিদিনা-------->
বেলি ভটিয়াবৰ পৰত
খিৰিকিৰ ফাঁকেদি
তাই মোলৈ চাই আছিল ।
মই আছিলো পথৰ দাঁতিত নীৰৱে বহি,
মুকলি মনেৰে !
মলয়া বতাহৰ শীতল পৰশ সানি ।
হঠাৎ মিচিকিয়া হাঁহি মাৰি,
মোৰ দুচকুত চকু থৈ তাই কলে ।
যৌৱনৰ গভীৰ উওাপ বোৰ,
মলয়া বতাহৰ শীতল পৰশে পাৰিবা জানোঁ ?
তোমাৰ চঞ্চল্ মন আৰু
তেজগোৰা কলিজা জুৰ পেলাবলৈ ।
ব'লা আমি দুয়ো যাওঁ---------->
ব্যাবিলেনৰ ওপঙা বাগিচাত বহি,
দুয়ো কথা পাতোগৈ ।
তেতিয়াহে লাগিব তোমাৰ দেহত শীতল বতাহৰ বা !
ৰিব্‌ ৰিব্‌ মলয়াই শিহৰণ সানি দিব দুয়োকে
এচাতি বলিয়া বতাহে ।।
~~~~~~~~~~~~
✍️বিনিতা বৰা 
হোজাই জিলা
লংকা কাকী-3
-------------------


সৰাপাতে কথা কয়

ফাগুন আহিলে
সৰাপাতে হাঁহে
কথা কয় l

বহাগৰ কথা
বসন্তৰ কথা
পছোৱা বতাহজাকৰ কথা
ৰঙা ৰঙা হৈ ফুলি থকা
পলাস শিমলুবোৰৰ কথা ।
ফাগুন আহিলে
পলাশ শিমুলু সৈতে
সৰাপাতে সখী পাতে ।

পছোৱা বতাহজাকে
সৰাপাতৰ লগত ধেমালি কৰে
পছোৱা বতাহজাকে গান গায়
সেই গানত সৰাপাতে
নাচি নাচি আনন্দত মতলীয়া হয় ...।
সৰাপাতে কথা কয়
কবি সকলৰ লগতো
কথা কয়
গীতিকাৰ , সুৰকাৰ সকলোৰ লগতো ।
----------------------
✍ সঞ্জীত দাস
পাটাছাৰকুছি

Post a Comment

0 Comments