অসমীয়া কবিতা - উপেক্ষিতা | Assamese Poem | অসমীয়া কবিতা :: অসমীয়া পদ্য চৰ্চা

উপেক্ষিতা - কবিতা

মূল্যবান মণি-মুকুতাৰে ভৰা
হৃদয় কুঠৰী খন
আটোমটোকাৰীকৈ সজাই
চাৰিওফালে কাঁইটীয়া জেং দি
কৰিছিলোঁ সুৰক্ষিত।

শৰতৰ জোনাক ৰাতি
বাৰীৰ শেৱালী জোপাই পাৰি থোৱা
লৱণু কোমল চাদৰ খনিত বহিছিলোঁ
পোৰা দেহাখন শাত পেলাবলৈ
প্ৰকৃতি ৰাণীয়ে টোপ টোপকৈ
পেলাইছিল নিঁয়ৰকণা
প্ৰকৃতিৰ এই অকৃত্ৰিম দানত
তুষ্টিৰে চকু মুদ খাইছিল
সেই ক্ষণিক অসচেতনতাৰ
সুযোগৰ সদ্ব্যৱহাৰ কৰি
সংগোপনে প্ৰৱেশ ঘটিছিল তোমাৰ
মোৰ হৃদয়ৰ নিভৃত কোণত।
বুজাব নোৱাৰা এক অনুভূতি
শিহৰিত শৰীৰ-মন
কিন্তু---------
সম্বিত পোৱাৰ পিছত দেখিবলৈ পালোঁ
সকলো শেষ হৈ গ'ল
মণি হেৰুৱা সাপৰ দৰে
দিক-বিদিক জ্ঞানহীন শূণ্য হৈ পৰিলোঁ
ছন্দ পতন জীৱন!!!

তথাপিও-------
আশাৰ শলিতা জ্বলাই কৰিছোঁ অপেক্ষা
ভঙা হৃদয়ৰ খোলা খিৰীকিৰে
জিলমিল জোনাকৰ পোহৰ নোসোমায়
তিৰবিৰ তৰাবোৰেও কথা নাপাতে----!!
-------------------------------
✍️ওৱাহিদা খানম


Post a Comment

0 Comments