সান্ধ্য শৈশৱ -কবিতা
সন্ধ্যা নিকা চোতালতজোনাক যেতিয়া
উবুৰিখাই পৰে ,
নাৰিকলৰ চিৰিলি পাতবোৰে
কঁপি কঁপি ছাঁ পেলাইছিল,
নৈ,জান, জুৰিৰ পৰা বৈ অহা
বতাহ জাকে গা শাতঁ পেলাই,
তেতিয়াই সাধু শুনাৰ সময় -
সান্ধ্য প্ৰাৰ্থনাৰ সুৰীয়া ধ্বনি,
শুনা-নুশুনাকৈ গোৱা
নিচুকনি গীতৰ কোমল সুৰ,
জাৰণি-বননিৰ পৰা
ভাঁহি অহা শিয়ালৰ হুৱা,
দুৰৈত কঁপি কঁপি লীন যোৱা
ৰেলৰ দীঘলীয়া উকি,
সকলো ধীৰে ধীৰে
অৰ্ন্তহিত হয় -
বতাহৰ মৃদু ঝিৰ ঝিৰ শব্দ
সমস্ত জাগতিক শব্দ
তল পেলাই,
ভাঁহি আহে আইতাৰ মাত -
উদ্ভাসি উঠে
কল্পনাৰ বিচিত্ৰ জগত -
যেন,
আইতাই আমাৰ বাবে
কল্পনাৰ সমস্ত জগত -
এটা শেষ হলেই
ৰ' লাগি চাও আইতাৰ মুখলৈ
আৰু এটা
সাধু শুনাৰ আশাত-
✍️শ্ৰী দেৱ কান্ত বনীয়া
----------------------------------------------
তুমি হেৰাই গ'লা এনেকৈয়ে -কবিতা
এটা জেতুকা বুলীয়াসপোন হৈ--
তুমি হঠাতে এদিন
আহিছিলা মোৰ জীৱনলৈ ;
সীমাৰ পৰিধি ভাঙি
মেলি দিছিলোঁ মোৰ দুহাত;
বিশ্বাসৰ আশ্বাসেৰে
গঢ়িছিলা--
তোমাৰ পৰা মোলৈ
এটি সপোনৰ সেন্দুৰীয়া বাট,,,,,, ।
আজি বহু দিন হ'ল
নেপাওঁ তোমাৰ বাতৰি
নাই কোনো সহাৰি ;
এয়াতো সময় নাছিল যোৱাৰ
কথা আছিল দুয়ো
হাতে হাত ধৰি
জোনাকৰ বাটেৰে--
বহুদূৰ আগৱঢ়াৰ ,,,, !
নাই ,তুমি আজি নাই
হেৰাই গ'লা তুমি
চিঙি এনাজৰি ;
হেৰাই গ'ল মোৰ সকলো আশা
তুমি দিয়া বিশ্বাস ভৰসা,,,,, !
তুমি হেৰাই গলা
এনেকৈয়ে---
কিয় এনে হ'ল
কিয় এনে হয় ?
নাজানিলোঁ একোকে
নুবুজিলোঁ একোকে !
হৃদয় ভাঙে নে এনেকৈয়ে ?
সপোন ভাঙে নে এনেকৈয়ে ?
দুচকুত অসীমৰ
শূন্যতা ভাঙি ;
এতিয়াও চাই ৰওঁ তোমাক
কিজানিবা আহা
সুখৰ এছাটি ৰ'দ হৈ--
পোহৰাব মোৰ
আন্ধাৰ কোঠালি,,,,, !
পাহৰো বুলি পাহৰিব পৰা হলে !
যিমানেই পাহৰিব বিচাৰোঁ
সিমানেইচোন মনলৈ আহা
কুৰুকি কুৰুকি !
পাহৰিব পাৰিছা জানোঁ তুমিও ?
এতিয়া মৌন সময়
মৌন তুমি ;
আজি মৌন মোৰ ওঠঁৰ পদূলি !
গ'লা গৈ তুমি
ইমান সৰ্ন্তপনে ;
যাবৰ পৰত--
নকলা একোকে
নিদিলা এষাৰিও মাত ।
নাজানিলোঁ ক'ত ভুল হ'ল
নুবুজিলো কাৰ ভুল হ'ল !!
এতিয়া নিজৰ ভিতৰতে
প্ৰশ্ন তুলো সহস্ৰ বাৰ ;
উত্তৰ নাপাওঁ একোকে,,,,, ।
তথাপিও--
আক্ষেপ নাই মোৰ
ন'হবা চিন্তিত !
নকৰোঁ দিয়া বেজাৰ ;
সিদিনা কোৱাৰ দৰে --
আবেগত নুঠোও উঠলি !
নুসুধো খবৰ আৰু
কুশলে আছানে বুলি ;
নিদিওঁ তোমাক
কোনো দিন আমনি !
তুমি সুখী হোৱা
মনে বিচৰাৰ দৰেই ;
সুখী হোৱা আজীৱন
আশীষ থাকিল মোৰ
থাকিব সদায়--
য'তেই আছা
কুশলে থাকা ;
থাকা তাতেই সমগ্ৰ ভাৱে,,,,
ৰাখিম তোমাক সদায়
অনুভৱত মোৰ ;
সৰ্বাত্মক ৰূপে !!
✍️ৰঞ্জু ভাগৱতী
নগাঁও ।
-----------------------------------
জীৱনৰ বাটত - কবিতা
এজাক স্তব্ধ এন্ধাৰৰ মাজেৰেজীৱনে খুপি খুপি বাট বুলে !
নাই পুৱা
নাই সন্ধিয়াৰ চিন
কেতিয়াবা বতাহ,ধুমুহা,গাজনি
একঁকাল পানীৰেওঁ খেপিয়াই খেপিয়াই
জীৱন আগুৱাই !
নাতিদূৰৈত মহাকালৰ
মৃত্যুৰ ঘণ্টা বাজে
নেদেখে আকাল সু-কাল
মহাকালে !
জীয়াতু মৰা মহাকাল'
তুমি কি বুজিবা ?
ভয়'
ভয় মানেই যে মৃত্যু
জীৱনে জানে
মৃত্যুতকৈ আশা শক্তিশালী
সেয়ে জীৱনে
কাহিনিও নাভাগৰে
যদিওঁ সিক্ত নয়ন
আগুৱাই জীৱন
চাই ঘুৰি ঘুৰি
জানোচা দেখা পায়
দূৰণিত পোহৰৰ ৰেঙণি !!
✍️জ্যোৎস্না শইকীয়া
মংগলদৈ
----------------------------------
প্ৰশান্তিৰ সিপাৰে - কবিতা
মোৰ উশাহৰ সতেতোমাৰ সহবাস
মোৰ স্তব্ধতাত
মুকলি আকাশৰ সতে
কৰিবা বন্ধুত্ব
শেষ হাঁহিও
নহয় সৌভাগ্য
মোৰ অস্তিত্বও
নোৱাৰে চুই যাব
আবেগৰ অৱকাশত
আবেলিৰ ৰঙবোৰে
হালধীয়া বৰণ সলায়
ধূসৰ বৰণ মোৰ
নহয় কাম্য
ধীৰে ধীৰে অজুহাতৰ
ফাঁকে ফাঁকে সৰকি
ধূলিকনাৰ দৰে উপঙি
ধুমুহাৰ ৰূপলৈ
প্ৰশান্তিৰ সিপাৰলৈ
বাট বুলিলোঁ।
✍️নৱশ্ৰী সোণোৱাল।
0 Comments