আধুনিক অসমীয়া দুখৰ প্ৰেমৰ কবিতা Assamese Sad Poem | অসমীয়া কবিতা :: অসমীয়া পদ্য চৰ্চা

  প্ৰত্যাশা

সুখৰ প্ৰচ্ছায়া বোৰে আজি
দুখৰ বাটৰ সহচৰ
বুকু জুৰাই যোৱা এসময়ৰ
উৎসৱৰ আৰম্ভণি গীতে
আগলি বতাহক আজি
ভেঙুচালি  কৰে

আহি থকা দিনতো নাই আস্থা 
ফুলাম হাঁহিবোৰ বদনামী
হোৱাৰে পৰা বৰ্তমানৰ
উশাহবোৰতো জীৱনৰ ছবি নাই
কিহেৰে নিচুকাও অ' 
সুহৃদ মোৰ 
যন্ত্রণাত নীলা হোৱা দুচকুত
নিশাৰ ঘুমটি নাই

ছাই ৰঙী আকাশ খনত
বেদনা বুলাই
কেনেকৈ সুধো
ত'ই কুশলে আছনে নাই
বুকুখন বৰকৈ বিষাই
ফিচিকি যোৱা আঁচলত
অতবোৰ দুখ সামৰা নাযায়

হাওলি পৰা হেঁপাহ বোৰ
পোনাবলৈকে লাগে দেখো
বাউলী  মন
লতিকা ফুলৰ চানেকি
সাঁচি ৰখাৰ দৰে
সাঁচি থওঁ এনেকৈয়ে 
আগমনি ঋতুৰ খৱৰ
বুলাই বুলাই মমতাৰ হাত
সুদিনৰ আকলুৱা পোনাটিৰ শিৰত...।।।

           ✍️ভাগ্যলক্ষী ডেকা



"শব্দ যেন তুমি কবিৰ হৃদয়ৰ কবিতা"    

                

শব্দ!শব্দ যেন তুমি কবিৰ হৃদয়ৰ এক কবিতা 
কবিৰ মন ভাবনাত চাগে সোমাই যোৱা 
নীৰৱ নিস্তব্ধতাত নিঃশব্দে কুৰুকি কুৰুকি 
কাটি কাটি শব্দৰেই কবিতাৰ হম্য সাজি 
প্ৰেমৰ শৃঙ্গাৰ আকুলতা হৃদয়ত অপাৰ 

তুমি প্ৰেম!তুমি প্ৰেৰণা যেন নৱতম সৃষ্টিৰ  
তুমিয়ে নিৰ্লজ্জ ভাস্কয্যৰ প্ৰতিমূৰ্তি 
স্বৰসন্ধি নৈৰাশ শব্দৰ বৰষুণ হৈ নামি অহা  
হৃদয়ত কূট কূটাই শব্দৰ তাম্ৰলিপি----
তুমি কবিৰ বাসনা যেন জীৱন সাধনাৰ

প্ৰেমিক চৰাই হৈ তুমি গুণ গুণাই গান গোৱা 
কবি যেন তোমাৰ প্ৰেমতেই মতলীয়া 
তুমি জীৱন যোগসূত্ৰৰ বাসনাৰ এটি বৃত্ত 
কাব্যিক চেতনাত কবিৰ হৃদয়ত আত্মাৰ ধ্বনি 
শব্দ তুমি কবিৰ জীৱনৰ কবিতাৰ যেন আধাৰ  

শব্দৰ মালিতা শব্দই কবিৰ হৃদয়ৰ ভাষা
শব্দই শব্দতেই কাটি কাটি সাজে কবিতাৰ বাট 
দুখন হৃদয়ৰ ই হেনো গভীৰ প্ৰেমৰ পূৰ্ণতা
প্ৰেম ভালপোৱা চাগে শব্দতেই শব্দৰ বৰষুণ 
বুকুৱে বুকুৱে বোৱালা তুমি নৱতম সৃষ্টিৰ ধাৰ---!

                         ✍️-নিপু কুমাৰ দাস  


"তোমাৰ সৈতে এটি সন্ধিয়া"

এটি নিৰিবিলি সন্ধিয়া
পদুলিৰ কৃষ্ণচূড়া জোপাৰ তলত
তুমি আৰু মই
নাচিল কোনো ব্যৱধান
এটি মিঠা শিহৰণ জাগিছিল
দুয়োৰে দেহ মনত
চৌপাশৰ পৃথিৱী পাহৰি
আমি যেন এক হৈ যাম
তুমি মোক সুধিছিলা
যৌন ক্ষুধাই প্ৰেম 
নে
প্ৰেমেই যৌন ক্ষুধা
কোনো উত্তৰ নাছিল
আমাৰ হাতত
তেন্তে 
কি নাম দিম বাৰু
সেই সন্ধিয়াটিক
                 ✍️পপী চহৰীয়া,
                    দৰং,মঙ্গলদৈ

শৰত আকৌ আহিব"""""""“""""""""""""""""""""""""

শৰত আকৌ আহিব
শৰত'ত শেৱালি ফুলিব। 
শৰতৰ শেৱালি বোটলা 
দিন আহি গুছি যাৱ  । 
শৰতৰ শৰা পাতে 
পদুলি ভৰিব ___ । 

 তুমি বোটলিবা
 নিয়ৰ সনা শেৱালি, 
 মই বিচাৰি চাম
 শৰা পাতৰ মাজে ,মাজে 
 নিয়ৰ  সনা শেৱালি। 

শৰত আকৌ আহিব
শৰত'ত নিয়ৰ শৰিব
শেৱালি বোটলা ছলেৰে 
নিয়ৰত তিতি প্ৰেমৰ কথা পাতিম। 

শৰতৰ নিয়ৰ সনা প্ৰভাতে 
কোনে কৰিব আমাক  আমনি? 

 মাথোঁ তুমি আৰু মই
শৰতৰ নিয়ৰ সনা প্ৰভাতে, 
তুমি জানো আহিবা নিয়ৰৰ মাজে মাজে? 
                 ✍️হিমাংশু ৰাজৱংশী

Post a Comment

2 Comments