পৰিবৰ্তন - অণুগল্প
“মা ৰিকি দাদাৰ দৰে বাহঁতৰ আৰু মোৰ কিয় জন্মদিন নাপাতে?”—মাক নিশ্চুপ।“মা ৰিকি দাদাৰ দৰে আমাকো কিয় টাউনৰ ইংলিছ মিডিয়াম স্কুললৈ নপঠাই?”—মাক নিশ্চুপ
কিয়নো মাক ববিতাই কিবা মাত মতাৰ আগতেই ঘৰৰ শাশুৱেকে হওঁক বা,বৰজনাকেই হওঁক বা ওচৰ চুবুৰীয়াই হওঁক সিহঁতৰ প্ৰশ্নত কোনোবা নহয় কোনোবাই মাত মাতেই এইবুলি যে “ছোৱালীমানুহক এইবোৰৰ প্ৰয়োজন নাই।”
কিন্তু আজি,,,,,,,
ববিতা নিশ্চুপ হৈ নাথাকিল যেতিয়া তাইৰ গিৰিয়েকৰ শ টোক মুখাগ্নি দিয়ালৈ প্ৰশ্ন উঠিল—ছোৱালী মানুহে কিয় মুখাগ্নি কৰিব লাগে যিহেতু বংশত এটা ল’ৰা( ৰিকি)আছে যদিও সি ভতিজাক হয়?
তেতিয়া তাই কৈ উঠিল —“মোৰ ছোৱালী তিনিজনীয়ে দেউতাক কৰ্কত ৰোগত ভুগি থাকোতে তেওঁৰ লগত কৰা সকলো খৰচৰ বুজা বহন কৰাকে আদি কৰি তেখেতৰ মলমূত্ৰ চাফ কৰা,তেওঁৰ লগত উজাগৰী ৰাতি কটোৱা,আমাৰ সকলো দুখৰ বুজা কান্ধ পাতি লোৱা ,এই সকলোবোৰৰ ভাৰ উঠাব পাৰে তেন্তে কিয় আজি মুখাগ্নি কৰিব নোৱাৰিব সিহঁতে????”——ববিতা কথা শুনি সকলো নিশ্চুপ আজি।
অৱশেষত ববিতাৰ তিনিজনী জিয়েকৰ হাততেই মুক্তি পালে তাইৰ গিৰিয়েকে।
*****************
✍️তুতুমণি গগৈ বুঢ়াগোঁহাই
বাংগালুৰু
0 Comments