অসমীয়া চুটিগল্প || অসমীয়া চুটিগল্প আই || Assamese Short Story

      আইৰ হৃদয়ত এভুমুকিচুটিগল্প

        ফিৰফিৰাই বলা হিমশীতল বতাহজাকে হাড়লৈকে চেলেকি গ’ল। গেটখন ভালদৰে বন্ধ কৰি কাপোৰখন ভালদৰে টানি-টুনি লৈ বাৰান্দালে সোমাই আহিলো। ফাগুনমহীয়া বতাহজাকে  লঠঙা  গছবোৰত ধুলিৰ যেন বগা আচ্ছাদনহে পাৰি থৈছে। ওচৰৰ কোনো মানুহ উঠাই নাই। মোৰ যে একেবাৰে টোপনি নহা হৈছে। ভিতৰলৈ সোমাই আহি দাপোনখনৰ সন্মুখত ৰৈ নিজকে পর্যবেক্ষণ কৰিলো । খুটিয়াই খুটিয়াই  চাইছো মুখাবয়ৱ- দেহাবয়ৱ। চকুৰ তলৰ ক’লা দাগত অনিদ্রাৰ চিন স্পষ্ট। ৫০ ৰ দেওনা পাৰ নৌহওতেই প্রৌড়ত্বৰ আগমন নেকি  তেন্তে………..?

                        সুৰীয়া ৰিংটনেৰে মোবাইলটো বাজি উঠাত ভাবত যতি পৰিল। বেডৰুমলৈ ঢপলিয়াই গলো; ডাঙৰ সোণে ফোন কৰিব পায়। কালি দিনদুপৰতে মই কৰা ফোনকলটোত তাৰ ব্যস্ততাভৰা চুটি চুটি কথাকেইষাৰত মই সন্তুষ্ট হ'ব নোৱাৰিলো । “সদায়নো কিমান ফোন কৰি থাকা মা ? প্রয়োজন হ'লে মই কৰিম নহয় ।“- বিৰক্তিভৰা তাৰ কথাকেইষাৰে মোৰ বুকুত শেল হৈ বিন্ধিলেও বহুতদিনৰ মূৰত তাৰ মাতষাৰ শুনিয়েই মই যেন আশ্বস্ত হৈছিলো। সৰু সোণৰো সেই একেই ব্যস্ততা, নিউজ চেনেল এটাৰ এডিটৰ যে…….।
                   
                        কোম্পানীৰ ফোন…….যিমান ব্যাকুলতাৰে ফোনটোলৈ দৌৰি আহিছিলো, তাতোকৈও নিৰুৎসাহেৰে আগৰ জেগাতেই ফোনটো ৰাখি বিচনাখনতে অলশভাৱে দেহাটো এৰি দিলো । আয়ো বাৰু এনেদৰেই ব্যগ্র আছিল নেকি মোৰ লগত এষাৰি কথা পাতিবলৈ……? কিয় জানো আজিকালি প্ৰায়ে আইৰ কথাকে মনলৈ আহি থকা হ'ল । হাজাৰ বিচাৰিলেও নোপোৱা দূৰত্বলৈ গুচি যোরা আইৰ অলপ স্পর্শ পালেই মই যেন শান্তি পাম।
                     
                      পিতাই ঢুকুৱাৰ পাছৰে পৰা আয়ে অশেষ কষ্টৰে অকণ অকণকৈ গঢ় দিছিল মোক । মোৰ মাজতেই যেন পিতাইৰ মোক লৈ দেখা সপোনবোৰৰ সার্থক হোৱাৰ ৰেঙণি দেখিছিল আয়ে । ইটো নাখাও, সিটো নাখাও বুলি জেউৰ ধৰি কেতিয়াবা ভাতৰ কাঁহীৰ পৰাই উঠি গৈছিলো মুখ ফুলাই । জনা নাছিলো তেতিয়া  চৰুত  ভাত কম পৰিলে মোৰ কাঁহীৰ অৱশিষ্টখিনিৰেই প্রায়ে ক্ষুধা নিবাৰণ কৰে । আৰু মই ? মোৰ সপোনবোৰ গাঁওৰ অন্য দহজনী    ছোৱালীতকৈ বেলেগ আছিল । মই আচলতে আতৰি যাব খুজিছিলো গাঁওৰ সাধাৰণ মানুহৰ পৰা…..ৰুটিনমাফিক জীৱনৰ পৰা ... আৰু আইৰ পৰাও নেকি…….? মোৰ অপূর্ব ৰূপত মুগ্ধ হৈয়ে বিয়া কৰোৱা স্বামীৰ পৰা মই অতদিনে বিচৰা যেন সকলোবোৰেই পাইছিলো । আইজনী যেন লাহে লাহে আৰু নিষ্প্রভ হৈ গৈছিল ।

                                    বিয়া হৈ অহা দিন ধৰি গাঁওৰ ঘৰলৈ যোৱা দিন আঙুলী মূৰত লিখিব পৰাই আছিল চাগৈ । আইৰ অসুখ হোৱাত গৈছিলো এবাৰ খবৰ ল'বলৈ । সময়তকৈ সোনকালে পৰা আইজনীৰ বয়সৰ চাপখিনিক মই বাক দেখিও নেদেখাৰ ভাও জুৰিছিলো নেকি ? ৰাতিটোও নাথাক?" - দিনটো কটোৱাৰ অন্তত ঘূৰি যাবলৈ ওলোৱাত আয়ে পৰম আশাৰে মোৰ চকুলৈ চাইছিল । “ইহঁতৰ পৰীক্ষা আছে যে, এওঁৰো মই নহ'লে বৰ অসুবিধা হয় ।" - কেনেকৈনো থাকো ; আইৰ ঘৰত টিপচাকিৰ পোহৰ, মাটিৰ ঘৰত ল'ৰাকেইটাক নুশুজে। আইৰ মুখত ভাঁহি উঠা কলীয়া ডাৱৰখিনিক মই দেখিও আওকাণ কৰিছিলো চাগৈ সেইদিনা ।

                              বিচনাখনৰ পৰা উঠি লাহে লাহে মই ৱাৰড্রৱটো খুলিলোগৈ  । ৰঙা – সেউজীয়া চানেকিৰ এযোৰ বিশেষ কাপোৰ মোৰ হাতত উঠি আহিল । তাঁতত বোৱা কাপোৰযোৰ কোনোবা এটা বিহুত দি আয়ে মাোক কৈছিল "পিন্ধিবি জানো?" "পিন্ধিবি জানো..." -- আয়েও জানিছিল চাগৈ ব্রেণ্ডেড কাপোৰেৰে ভৰি থকা মোৰ ৱাৰড্রৱৰ এচুকত পৰি ৰ'ব আয়ে দিয়াযোৰ । কিন্তু আজিযেন এই কাপোৰযোৰ মোৰ বাবে বৰ আপোন হৈ পৰিছে । চকুপানী- ঘাম মিহলি যেন এক সুঘ্ৰাণ বিয়পি আহিছে কাপোৰযোৰৰ পৰা…….নাকটো উজাই দীঘলকৈ উশাহ এটা ল'লো ……..আইৰ শৰীৰৰ গোন্ধ। পৰিবলৈ লৈছিল কাপোৰযোৰ হাতৰ পৰা….. থাপ মাৰি ধৰিলো…..নাহ্, মহাৰ্ঘ্য বস্ত্ৰ এইযোৰ মোৰ বাবে । কাপোৰযোৰ বুকুত জোৰেৰে সাৱটি ধৰিলো কোনোবা পৰম সুহৃদৰ দৰে । কুৰুকি কুৰুকি সোমাই গৈ আইৰ হৃদয়খন মই যেন ভুমুকি মাৰি চাব বিচাৰিছো ....!
-------------------------------
✍️মাইনী শ‌ইকীয়া





                            সুখানুভূতি - অণুগল্প

" অনন্যা , তই এই মানুহজনৰ মাজত  কি বিচাৰি পালি অ' । না দেখাত ভাল , না  ধনী । বয়সটোও তোৰ লগত নিমিলে । কিমান ভাল ভাল ধুনীয়া চহকী ল'ৰা তোৰ কাৰণে বলিয়া আছিল ।
তোৰ ৰূপ গুণৰো তুলনা নাই । তই
এগৰাকী মুক্ত পখী ( পখি) । কি পালি এইজনৰ লগত সংসাৰ কৰি ??"
লগৰ ছোৱালী কেইজনীৰ প্ৰশ্নৰ উত্তৰত তাই ক'লে,
" থিকেই কৈছ তহঁতে । মই এগৰাকী মুক্ত পখী । এতিয়াও মুক্ত মনেৰে নিজৰ ইচ্ছাৰে ঘূৰি ফুৰোঁ । যি মন যায় তাকেই কৰোঁ । কিয় জাননে?
কাৰণ মোৰ মানুহজনে মোৰ পাখি দুখন কাটি পেলোৱা নাই । মোক উৰিবলৈ এখন আকাশ দিছে ।"
কথাবোৰ কওঁতে অন্যনাৰ মুখত যি তৃপ্তিৰ আভা বিয়পি পৰিছিল ,সেই পোহৰে হয়তো কেতিয়াও পইচাৰ পাছত দৌৰা এই লগৰ কেইজনীৰ মুখবোৰ স্পৰ্শ কৰিব নোৱাৰিব ।
-----------------------
✍️অনুলেখা শৰ্মা


Post a Comment

0 Comments