অভিমানী কবিতা অসমীয়া

জোনাক হৈ নামি আহে মিঠা সোঁৱৰণী 

 বিষাদ বোৰে আগুৰি ধৰা সময় বোৰত
এন্ধাৰৰ লগত কথা পাতি ভাল পাওঁ
একাত্ম হৈ পৰোঁ তেতিয়া অনুভৱৰ সৈতে
বাৰান্দাৰ কোনোবা এটা কোণৰ পৰা
নিশাৰ আকাশ খনলৈ উদাস দৃষ্টিৰে চাই থাকোঁতেই
তৰাবোৰে মোলৈ চাই চকু টিপিয়াই হাঁহি মাৰে
সিহঁতৰ হাঁহি ৰ প্ৰত্যুত্তৰ দিব পৰাকৈ
মানসিক ভাৱে সুস্থতা অনুভৱ নকৰোঁ তেতিয়া মই
সেই সময়ত মই ডুব গৈ থাকোঁ
এৰি অহা দিনবোৰৰ স্মৃতি বোৰৰ মাজত
খুচৰি খুচৰি উলিয়াবলৈ চেষ্টা কৰোঁ
মন ভাল লগা মুহুৰ্তবোৰ ...
অভিমান কৰি ঠেহ পাতো সিহঁতৰ সৈতে ...
জেদ কৰোঁ - এতিয়াও মোৰ সৈতে থাকিবলৈ...
এনেদৰে থাকোঁতে সময় বোৰ পাৰ হৈ যায়
পল , অনুপল, চেকেণ্ড , মিনিট , ঘন্টা হৈ ...

এনেকুৱা সময় বোৰত -
ব্লিডিং হাৰ্ট ফুলবোৰৰ  ফাঁকে ফাঁকে
জোনাক হৈ নামি আহে মিঠা সোঁৱৰণী বোৰ
নিসংগ সময়ত মোক সংগ দিবলৈ ...

***************************************

ৰশ্মি ৰেখা চলিহা
গোৱালপাৰা
1/০7/২০২০/





ভালপাওঁ বুলি ক'বা
---------------------------


কেতিয়াবা ক'বাচোন……
চুলিখিনি মেলি লোৱা বা বান্ধা
কাজল ল'বা বা নল'বা
লিপষ্টিকৰ ৰং কোনটো……মেৰুণ, ৰঙা বা গুলপীয়া!

কেতিয়াবা ক'বা……
আঁহা মোৰ কাষতে বহা
অকাৰণে হাতৰ তলুৱা, আঙুলি চুই চাবা
নখবোৰ দীঘল নে চুটি
নেইল পলিচ আছে নে নাই
এনেয়ে চকু ফুৰাবা।

কেতিয়াবা আবেলি এটাত
তালৈ লৈ যাবা
য'ত সেউজীয়াত হেৰাই সেউজীয়া
য'ত সময়ে নাজানে নিজৰ গতিৰ কথা
য'ত তোমাৰ কান্ধৰ নিৰাপত্তা
য'ত তোমাৰ বুকুত মোৰ উশাহ।

কেতিয়াবা টোপনিতে মোক চুই চাবা
কেতিয়াবা বন্ধ চকুযুৰিত দুটি চুমা দিবা
কেতিয়াবা চুলিখিনিত হাত বুলাই দিবা
কেতিয়াবা এনেয়ে কোলালৈ ল'বা।

তুমি জানাইচোন……মই আলসুৱা আকুল
তুমি বুজাইচোন……সপোন দেখিও ব্যাকুল
অকণমান ভালপোৱা পালেই
মই সুখৰ নদী সাৱলীল।

কেতিয়াবা ভালপাওঁ বুলি মিছাই হ'লেও ক'বা……
তোমাৰ জীৱন সজাম
তোমাৰ দুখবোৰ ল'ম
তোমাৰ সুখৰ ৰহঘৰা হ'ম
তোমাৰ ভাললগা বেয়ালগা নিজৰ কৰি ল'ম
আৰু……
উজাৰি দিব পাৰিম তোমাতে
মোৰ সঁচা ভালপোৱা
কেতিয়াবা মিছাই হ'লেও ভালপাওঁ বুলি ক'বা।
---------------------
-✍️মুনমী বৰা
-০৩/০৭/২০২০

Post a Comment

0 Comments