সেন্দূৰ - অসমীয়া কবিতা
*********
পূৱাই শিৰৰ সেওঁতাত বুলাই দিওঁগভীৰ বিশ্বাসে তেওঁৰ নামৰ এফুট সেন্দূৰ,
মংগল কামনাৰে দিনটোলৈযে ঘূৰণীয়াকৈ বেলিটো আঁকি বাট বুলো ৷
কেতিয়াও উভতি চোৱা হোৱা নাই একে ঠাইতে আছেনে সেন্দূৰৰ পৰিধি ??
ক’তা ...,তেওঁতো মোক কোনোদিনেই সোধা নাই
সেন্দূৰ লোৱা অথবা নোলোৱাৰ কথা ,
বিশ্বাসে ভৰা সংসাৰ খনৰ
সেন্দূৰেই জানো শেষ কথা ৷
হয়তো হ’ব পাৰে অথবা নহবও পাৰে
চিন্তাৰ পৰিধিয়েই চিহ্নিত কৰিব
তোমাৰ /মোৰ/বহুজনৰ জীৱনগাথা...!!!
মায়ে লৈছিল ,আইতাই লৈছিল ,
লৈছিল আইতাৰ মাকেও,
পাৰিছিল জানো ধৰি ৰাখিব ককা অথবা দেউতাৰ আয়ুস ৰেখা ??
এক প্ৰশ্নবোধক তথাপি
মইও আঁকিছো এডাল ৰেখা ,
পৰম্পৰা গত ভাৱেই মকুতাৰ মালা
ধৰ্মীয় বিশ্বাসৰ ভেটিত সোনাৰুবুলীয়া ...
সেই যে ৰভাৰ মাজত
আয়তীৰ উৰুলিধ্বনিত গুৰু ভকতৰ আৰ্শীবাদত
অনামিকা আঙুলিয়ে
মোক কঁপালত আঁকিদিছিল বেলি সদৃশ জোনটো ...
তেতিয়াৰ পৰাই জোন আৰু জোনাকৰ মিলনত
এক আভূষণ হৈ
জিলিকি আছে জিলিকি থাকিব মোৰ কঁপালত
আক্ষেপবিহীন ভাৱেই
তেওঁৰ নামৰ প্ৰেমৰ এটি সংজ্ঞা হৈ...
নহয় কেৱল পৰম্পৰা ৰক্ষাৰ নামত নিৰ্যাতিতা নাৰী হৈ ...
পৰিচয়ত সমাজৰ এগৰাকী বিবাহিত মহিলা হৈ ৷৷
---------------------------------------
✍️ৰেখা সন্দিকৈ
শিৱসাগৰ
***সেন্দূৰ *** - অসমীয়া কবিতা
সেন্দূৰীয়া আলিটোত তুমিআমাৰ প্রেমৰ প্রতীক
ৰঙা সেন্দূৰ অঁকা দিনা
পৃথিৱীৰ সকলো সুখ আহি
চৌপাশে আগুৰি ধৰিছিল |
কেনেকৈ যে লৈছিলো আঁকোৱালি
ঊনৈশটা বসন্ত পাৰ হৈ গ'ল
আমাৰ প্রেমৰ প্রতীক সেন্দূৰকণ
আজিও পূব আকাশৰ ৰঙা বেলিটোৰ দৰেই
তিৰবিৰাই আছে মোৰ কঁপালত ।
মৰমৰ আৱেষ্টনিৰ মাজত
আলফুলে সজীৱ কৰি ৰাখিছোঁ
এই প্রেম,বিশ্বাস আৰু
ভৰসাৰ প্রতীক ৰঙা সেন্দূৰকণ।
যি মোক শক্তি দিয়ে অপৰিসীম
নাৰী হিচাপে মই গৌৰৱাম্বিত
নিজকে তোমাৰ নামৰ সেন্দূৰকণ
সেওঁতাত আঁকি |
------------------------------
✍ দীপশিখা বৰা শইকীয়া
মাজগাঁও, তেজপুৰ
0 Comments