ভালপোৱাৰ অনুভৱ || স্মৃতিৰ কবিতা || দুখ লগা প্ৰেমৰ কবিতা

নাজানো কি পাওঁ

নুশুধিবা মোক
নাজানো তেওঁক ভাল পাওঁ নে বেয়া পাওঁ
কিবা এটা পাওঁ আনে পাব নোৱাৰা
তেওঁ থাকিলে
মোৰ পৃথিৱীখন মোৰ হৈ থাকে
আঁতৰি গ'লে উচুপি থাকে

নাজানো তেওঁক মৰম কৰো নে নকৰো
আনে কৰিলে কষ্ট পাওঁ
বুকুখন ভাঙি চিঙি যায়
মৰমৰ ৰঙেৰে তেওঁক সজাই ৰাখো
ৰংবোৰ কোনোবাই মচি দিলে
হাঁহাকাৰ কৰো
পোহৰলৈ হাত মেলি এন্ধাৰত হেৰাই যাওঁ
তেওঁহীন মই মোক চুই চাব নোৱাৰো
শূন্য়তাৰ মৌনতাত সোমাই থাকো

তেওঁৰ নাম কি নাজানো
কি নাম দিওঁ তেওঁক  তাকো নাজানো
জনা হ'লে কি নাম
গভীৰতকৈও গভীৰৰ
মৰমৰতকৈও মৰমৰ
সুন্দৰতকৈও সুন্দৰৰ
মইও মাতিলোহেঁতেন তেওঁক কাষলৈ
বুকু সুদা কৰি নিদিলোহেঁতেন যাবলৈ

মই চকুৰ পানী - তেওঁৰ বাবে সৰি পৰো
মই যন্ত্ৰণা - তেওঁৰ দুখত পুৰি মৰো
মই মৌনতা - তেওঁৰ বাবে বাট চাই থাকো
মই প্ৰাৰ্থনা - তেওঁৰ বাবে আৰতি কৰো

উশাহত যিদিনাই পালো তেওঁৰ গন্ধ
অগ্নিগড়ত বন্দী হ'লো মই অনিৰূদ্ধ
পোহৰৰ পৰম স্পৰ্শত
মই বিচাৰি পালো মোৰ ঠিকনা
তেওঁৰ গভীৰত
নামহীন ঠিকনাহীন প্ৰেমৰ ঠিকনা

নুশুধিবা তেওঁ কোন
মই তেওঁক ভাল নাপাওঁ - তুমি ভবাৰ দৰে
মই তেওঁক মৰম নকৰো - তুমি কৰাৰ দৰে
তেওঁক কোনো নামেৰেই সৰু কৰিব নোৱাৰো
কোনো কথাৰেই তেওঁৰ কথা ক'ব নোৱাৰো
তুমিতো জানাই
তেওঁহীন হৈ মই থাকিব নোৱাৰো ।
----------------------------
✍️বিবেকা হাজৰিকা


Post a Comment

0 Comments