আধুনিক অসমীয়া প্ৰেমৰ কবিতা || Modern Assamese love poems

 প্ৰেমৰ নিচা 

নিচা লাগিছিল তাইৰ নিচা!!
আপঙত কৈয়ো মিঠা
সেই প্ৰথম প্ৰেমৰ নিচা...
গাভৰু নৈখনিৰ সেই নিজান জোনাকী ঘাটত
তৰাফুলৰ দলিছা পাৰি
তাইৰ স'তে বাৰু সিদিনা
বহি আছিল কোন??
ৰূপোৱালী মাছবোৰে অৱশ্যে তেতিয়াও
তাইৰ বাবেই
জপিয়াই আছিল পাৰলৈ।
 দূৰণিৰ সৌ জোনটোয়েও হয়তো
তাইৰ বাবেই
আকাশী বাটেৰে নামি আহিছিল
 নৈৰ বুকুলৈ গা ধুবলৈ।
হয়,জোনাকী পৰুৱাজাকেও
 তাইৰ কাষে কাষেই উৰি
 গাই শুনাইছিল
চিকমিক পোহৰৰ গান গুণগুণকৈ।
পিছে ,কোন গৰখীয়াৰ মোহন বাহীৰ সুৰত
বাৰু সিদিনা কঁপি উঠিছিল
তাইৰ গাভৰু বুকু....
যাৰ সোঁৱৰণীৰ মালিতাই আজিও
সেমেকাই তোলে
 তাইৰ সাগৰ নীলা দুচকু।
-----------------------------------
 ✍️কাজল লতা মেধি
 দিনাংক:১১/৮/ ২০


Post a Comment

0 Comments