আধুনিক প্ৰেমৰ কবিতা | Modern Assamese love poems | অসমীয়া কবিতা :: অসমীয়া পদ্য চৰ্চা

আজিকালিৰ প্ৰেম
*******************

হৃদয় হেৰুৱাইছে প্ৰেমে, 
আজিৰ প্ৰেমে বাহ্যিক বিলাসিতাৰ 
বাসনা বহন কৰে ,
সম্পত্তিৰে ওজন কৰি মৰমৰ কঠিয়া পাৰে ।
প্ৰেমৰ পৰিবৰ্তন হ'ল ,
আজিকালি প্ৰেম মবাইলৰ ষ্টেটাচত 
আবদ্ধ হ'ল, 
প্ৰেমৰ দাবীবোৰ প্ৰেমাস্পদে নুবুজা হ'ল;
চেলফি এখনেই প্ৰেমৰ দাবী যেন হ'ল ।
সপোনৰ সৌধবোৰ বৰ দুৰ্বল হ'ল 
ধুমুহা নহাকৈ বতাহতে ভাঙি যোৱা হ'ল ।
প্ৰেমৰ পখিলাই কৃত্ৰিম ৰঙ সানি 
উৰিব পৰা হ'ল  ;
জীৱনৰ ৰঙবোৰ 
ৰেষ্টুৰেন্টৰ টেবুলত বিচাৰিব লগা হ'ল, 
গোলাপ ফুলতো কৃত্ৰিম সাৰৰ 
প্ৰয়োজন হ'ল ।
প্ৰেমৰ পবিত্ৰতা সকলোৱে নুবুজা হ'ল ।
আধুনিকতা বোকোচাত উঠি সংগীতময়  
পবিত্ৰ প্ৰেম শৰীৰ সৰ্বস্ব হ'ল, 
অন্তৰংগতা শূন্য  হৈ  লোকক দেখুওৱা  
ভোগ -বিলাসৰ সামগ্ৰী যেন হ'ল ।
বিনিময় বিচাৰি বাট হেৰুৱাই প্ৰেমে 
আক্ৰোশৰ পোছাক পিন্ধি 
নগ্ন হ'ব পৰা হ'ল !
প্ৰেমিকাই প্ৰেমাস্পদৰ  স'তে 
জোনাক চাবলৈ সময় নোপোৱা হ'ল ।
নৈ পৰীয়া বতাহৰ 
সাধুও নুশুনা হ'ল, 
ইজনে সিজনৰ সপোনক 
সন্মান নকৰা হ'ল ;
আজিৰ প্ৰেমৰ পৰিবৰ্তনৰ ৰূপ
সমাজৰ বাবে চিন্তাৰ কাৰণ হ'ল  ।
*******************
✍️শিখা ৰাণী শৰ্মা 
হেক্ ৰা (দলাগাঁও)


হৃদয়ৰ ভাষা 

কওঁ বুলিওচোন আজি
ক’ব পৰা নাই
হৃদয়ৰ গভীৰ কোণত
ঠাঁহ খাই থকা
গোপন কথাবোৰ

ক’লে জানোচা
তুমি পুতৌ কৰা
সেয়ে চাগে ক’ব পৰা নাই

লিখো বুলিওচোন 
লিখিব পৰা নাই
মনৰ অবুজ ভাষাবোৰ

সঁজাত বন্দী 
পখী এটিৰ দৰেই
মোৰ গোপন কথাবোৰো দেখোন
এতিয়া হৃদয়ৰ ৰোহ্‌ঘৰত বন্দী

কাকনো কম 
শুনিবই বা কোনে
সকলো যে এতিয়া ব্যস্ত
কাৰোয়েইচোন আহৰি নাই 

সেয়ে ভাবিছো 
থাকক দিয়া
মনৰ কথা মনতে

কেতিয়াবা যদি
গুজৰিগুমৰি
ওলাই আহিব খোজে
তেতিয়া লিপিবদ্ধ কৰি ৰাখিম
জীৱন ডায়েৰীৰ পাতত
শিৰোনামা ৰাখিম
“হৃদয়ৰ গোপন অনুৰাগ” ৷
**************************
✍️প্ৰতিমা বুঢ়াগোহাঁই
 ঘিলামৰা/লখিমপুৰ

 সেউজ প্ৰেমৰ ঠিকনা বিচাৰি

এজাৰ ৰঙেৰে বোলালে
তুমি বিষাদ নন্দিনী বুলি
 মোক কিয় কোৱা অ' মৰম??
স্মৃতিয়ে বৰকৈ আমনি দিয়ে
  মই জানো!
ৰঙা ৰঙেৰে বোলালে মোৰ
সেওতাৰ ৰঙা ৰংটোহে তোমাৰ
প্রিয় হৈ পৰে বাৰে বাৰে'
সেউজ ৰঙেৰে বোলালে
সেউজীয়া গান্ধাৰ কোমল
সুবাসে তোমাক প্ৰেমিক
হ'বলৈ কাণে কাণে কৈ যায়!
কোৱা কি ৰঙেৰে মই
নিজকে সজাও??
তোমাৰ হৃদয়ৰ ৰঙেৰে
মই সেউজী পৰী জনী
হৈ থাকো চিৰদিনলৈ
আপত্তি নকৰিবা
দেই সোণটো মোৰ,
খং কৰিবা মোক
অভিমানৰ বাৰিষা দুচকুলৈ
নমাই আনিবা,
কিন্ত মোক সেউজ প্ৰেমৰ
বুকুত এপলক জিৰাবলৈ
দিবানে কোৱানা,,???
মই নহ'লে পাগলীজনীৰ দৰেই
চিঞৰি দিম সকলোৱেই
শুনাকৈ
তেতিয়া দিবা নিশ্চয়!
চিৰন্তন প্ৰেমৰ স্তৱক লিখিব
নাজানো মই!
প্ৰেমৰ তাজমহল সাজিবও
নোৱাৰিম মই!
এমুঠি বিশ্বাসেৰে প্ৰেমৰ
এটি কুটীৰ সাজিব পাৰিম!
মাথোঁ তোমাৰ  সেউজী পৰী
হ'বলৈ মোক অনুমতি দিয়ানা
ঐ মৰম শুনা নাই নে??
মই তোমাকেই কৈছো
শুনাচোন মৰম!
মাত্ৰ এবাৰ!

✍️শেৱালী বৰুৱা

Post a Comment

1 Comments