বিশ্বাসঘাটকতাৰ অসমীয়া কবিতা | Poetry of betrayal

মই দুখীয়া কিন্তু বিশ্বাসঘাটকতা নহয় 

হয় মই বহুত দুখীয়া
মোৰ ধন-সম্পত্তি,
মাটি-বাৰি একোকে নাই ।
কিন্তু মই বিশ্বাসঘাটকতা নহয়;
মাত্ৰ কেইটিমান টকাৰ বাবে
মোক বিশ্বাস কৰাবোৰক মই ঠগিব নোৱাৰোঁ ।
মোৰ মাক-দেউতাই শিকোৱা নাই;
আনৰ বিশ্বাস ভাঙি সুখত থাকিবলৈ ।
আনক ঠগি পইছা কামানী কৰিবলৈ ।
দুখীয়া হলো কি হ'ল;
মই তো ভিক্ষাৰী নহয় ।
দুবেলা দুমুঠি খাবলৈ ভাত মুঠি পাইছোঁ,
মূৰত পানী নপৰিবলৈ এটি
পজা ঘৰ পাইছোঁ;
মই তাতেই সন্তুষ্ট ।
কাৰণ মই আনৰ লগত বেইমানী
কৰি ভাত খোৱা নাই।
মোৰ হয়তো অান মানুহৰ দৰে
বিলাসী গাড়ী নাই,
নাই মোৰ উখ-উখ অট্টালিকা,
থকা নাই মেহগনি পালেংত;
তথাপিও তো মই জীয়াই আছোঁ।
তেনেহলে মই কাৰোবাৰ
মোৰ ওপৰত থকা বিশ্বাস কিয় ভাঙিম;
নাভাঙো কেতিয়াও নাভাঙো
কাৰণ এই শিক্ষা মই গ্ৰহণ কৰা নাই
মনত ৰাখিব মই কেৱল
দুখীয়াহে বিশ্বাসঘাটকতা নহয়।।
-----------------------------------------------
                     ✍️অমিত নাথ
                    (০৮/০৭/২০২০)


Post a Comment

0 Comments