মৌনতা অসমীয়া কবিতা | Silence is an Assamese poem | অসমীয়া কবিতা :: অসমীয়া পদ্য চৰ্চা

মৌনতাই কেতিয়াবা আনন্দ দি যায়

কেতিয়াবা আপোনজনে কৈ থকা
ধেমেলীয়া কথাবোৰ মৌন হৈ
শুনি চাবা চোন,
অজানিতে মুখত হাঁহি বিৰিঙি উঠিব তোমাৰ।
আপোনজনৰ গালিখিনিও কেতিয়াবা
নিজে মৌন হৈ শুনি ভাল লাগে।
অভিমান কৰি তেওঁক
নমতাকৈ মৌন হৈ থাকিলে
তেওঁ নানা কথাৰে
আমাৰ মন ভাল লগাবলৈ যত্ন কৰে
সেইয়া মৌন হৈ চাই খুবেই ভাল লাগে।
কাজিয়া নকৰি তেওঁৰ খংবোৰ
শুনি শেষত তেওঁৰ খংৰ কাৰণ জানি
মৰমেৰে বুজাই চাবা চোন
মৰম বঢ়াৰ লগতে
আপোনজনৰ খংত ৰঙা পৰি যোৱা
 মুখখনি চোৱাৰ সুযোগ লাভ কৰিব ।
কেতিয়াবা এনেকৈ মৌন হৈ থাকিলে
আপোনজনৰ লগত আমাৰ সম্পৰ্ক আৰু
অধিক শক্তিশালী হৈ পৰে।

                    ✍️ডিম্পী শৰ্ম্মা



আজানৰ সুৰ

পুৱতি নিশা বিছনা এৰি
মই চোতালত দু ভৰি থলো        ।
তলসৰা শেৱালী ফুল বোৰে
বগা সাজেৰে দুবৰিক আলিংগন  কৰিছে আৰু লাজুকী বনজোপাই
লাজত জহ গৈছে ।
ফজৰৰ আজানৰ সুৰ এটি
মোৰ কাণত ভাঁহি আহিছে ।
মনৰ দুৱাৰখন খুলি চাতক পখীৰ
পাখিত ধৰি উৰা মাৰিলো দিখৌ পাৰলৈ বুলি ।
সেই যে চঞ্চলা গাভৰু দিখৌ
লুইতৰ প্ৰেমে তাইক বলিয়া কৰিছে ঐ
দিখৌ পাৰে পাৰে কহোৱানিৰ আৰে আৰে বলিয়া ঘাটলৈ উজালো
মৃদু মলয়া ধূপ ধূনা সুগন্ধি
আজানৰ সুৰে আমোলমোল কৰি
এটি সমন্বয়ৰ সুৰ বাজিছে
সৰাগুৰি চাপৰিত ।
ভকতৰ ভকতি নামাজৰ দোৱা
দুয়ো সংস্কৃতিৰ পৱিত্ৰ তীৰ্থভূমি
শংকৰ আজানৰ মিলনভূমি
সৰাগুৰি চাপৰি ।
হিয়াৰ দলিচাখন পাৰি
সমন্বয়ৰ এনাজৰী ভাল ধৰি
ক্ষন্তেক সময় জিৰণী
ললো সৰাগুৰি চাপৰিত ।
     
      ✍️ফৰমিদা খাতুন ।
                শিৱসাগৰ

হৃদয়ে কি বিচাৰে

হৃদয়খন যে
ইমান কোমল,মসৃণ
চুই চাব পাৰোঁ জানো
কেতিয়াবা বহি বহি ভাবোঁ
কি বিচাৰে হৃদয়ে।

হৃদয় খন
বৰ নিষ্ঠুৰ, বৰ স্বাৰ্থপৰ
আগেয়ে , সদায় নিজৰটোৱেই
বিচাৰোঁ দেখোন
মুখেৰে কৈ যোৱাটো
হৃদয়েৰে মানিব
পাৰোঁ জানো !

প্ৰত‍্যেকটো কামতেই
সুখতে হও‍ঁ‌ক, দুখতে হওঁক
আনকি প্ৰত‍্যেকটো সংকটতে হওঁক
বা আপদতে হওঁক
বা জয়-জয় ময়-ময় অবস্থাতে হওঁক
আমি জানো !
আমাক চাৰিওফালৰ পৰা
আগুৰি থকা খিনিকে
প্ৰথম প্ৰাধান্য নিদিওঁ ?
কিয় বাৰু !

হৃদয়ে কি বিচাৰে
সচাঁকৈয়ে হৃদয় বৰ নিষ্ঠুৰ
বিবেকে ভাৱে এটা
আৰু আমাৰ বাহ্যিক ৰূপী
মঙহৰ পুতলাটোৱে
কৰে আন এটা
ইয়াৰ উত্তৰ ক'ত
আমি জানো নে
ভাবি ভাবি এনেলাগে
যেন এখন কেতিয়াও
পাৰ হ'ব নোৱাৰা
গভীৰ সমুদ্ৰ।
ডু'ব গ'লে অটল গভীৰত
আৰু !
উপঙি থাকিলে
নিলগযোৰা শূন্য।

সচাঁকে হৃদয়ে কি বিচাৰে
প্ৰেম, ভালপোৱা, মৰম আৰু শান্তি
এইবোৰ?
এয়া কি অকল বিচাৰিলেই হ'ব
আমি কি দিব নালাগিব
তেনেহ'লে আমাৰ হৃদয়বোৰ কিয়
নিষ্ঠুৰ, চঞ্চল আৰু স্থাৰ্থপৰ?
সেয়া যে
এটা উত্তৰ বিচাৰি
নোপোৱা সাঁথৰ ---
হৃদয়ে কি বিচাৰে ।।

       ✍️বৰ্ণালী ডি.বৰঠাকুৰ
                 মালিগাঁও, গুৱাহাটী।
                    ১৮/০৭/২০২০

এচাটি  বতাহ হৈ বৈ যাম

এচাটি বতাহ হৈ বৈ যাম
মলয়াৰ দৰে তোমাৰ দুবাহুলৈ !
তোমাৰ লাস্যময়ী মৰমবোৰ সাঁৱতি লৈ
হৃদয়ত দৰ্পন হৈ চাম তোমাক !
গুলপীয়া পাহৰ ফুলৰ দৰেই
সাঁচতীয়া মৰমবোৰ দিম ঢালি !

আঁতৰাই নিবা তুমি ..
অলেখ-অযুত অভিমানৰ দেওনা !
চকুৱে-চকুৱে মৰমৰ বিজুলী
নোৱাৰো সহিব দূৰে-দূৰে
প্ৰাণৰ উশাহ হৈ বৈ যাম বুকুৰে
মৰমৰ এচাটি বতাহ হৈ !!

তমসাৰ জোনত সোণোৱালী ৰং ছতিয়াই
বৈ যাম এচাটি বতাহ হৈ
সুবাসৰ স্নিগ্ধ বৰষা হৈ
বোৱাই যাবা বুকুৰ ইপাৰে-সিপাৰে
সৰগীয় অনুভবৰ মিঠা স্পন্দন ..

ভালপোৱাৰ সপোনত
এখনেই ছবি, তোমাৰ !
মৰমৰ তুলিকাৰে অঁকা
উকা হৃদয়ৰ পাতত তোমাৰ নাম লিখি
তোমাকেই বিচাৰিছো প্ৰতিক্ষণ
এচাটি বতাহৰ ঢৌৱে-ঢৌৱে
বৈ যাম তোমাৰ স'তে
হিয়াৰে হিয়াত প্ৰেমৰ আবিৰ সানি
কোনেও নজনাকে যাম বৈ
এচাটি প্ৰেমৰ বতাহ হৈ ..

          ✍ৰাতুল হালৈ 

          দিনাংক - ১৮/০৭/২০২০

Post a Comment

2 Comments