আধৰুৱা প্ৰেমৰ কবিতা || আধৰুৱা প্ৰেম | Unrequited love poem

আধৰুৱা প্ৰেম ভালপোৱা
"""""""""""""""""""”"""""

সাপ হৈ খুটিলা বেজ হৈ জাৰিলা,
প্ৰেম ভালপোৱা শিকাই
আধৰুৱা কৰিলা।

ভবা নাছিলো তোমাৰ স্বাৰ্থপৰ
প্ৰেম এনেকুৱাই হ'ব এদিন।

বুজা নাছিলোঁ প্ৰেম মানে কি?
জনা নাছিলো কেনেকৈ হয়
নিঃস্বাৰ্থ প্ৰেম।

আজি তুমি প্ৰেম ভালপোৱা
কি শিকাই গ'লা,
বুজাই দিলা তোমাৰ স্বাৰ্থপৰ
প্ৰেমৰ কথা।

এইয়াই আছিল তোমাৰ
প্রেম ভালপোৱা,
যাক তোমাৰ স্বাৰ্থপৰ প্ৰেমে
বুজাই দিলা।

এটি নিঃস্বাৰ্থ প্ৰেম ভালপোৱা
আধৰুৱা কৰি আজি আঁতৰি
গুচি গ'লা তোমাৰ স্বাৰ্থ বিচাৰি.......!!
-----------------------------------
 ✍️ভৃগু কুমাৰ নাথ
       নগাঁও


Post a Comment

0 Comments