তোমাৰ মোৰ আৰু বহুতৰ || Yours and many more Poem || অসমীয়া প্ৰেমৰ দুখৰ কবিতা


তুমি মোৰ আৰু বহুতৰ

দুৱাৰ খিৰিকী জপাই
ঘৰুৱা কামৰ ব্যস্ততাৰ মাজতো
ৰান্ধনি বেলিটো বোকোচাত লৈ
এই বাটেৰেই আহ যাহ কৰো
সময়ৰ গতিত 
বহুত বাৰ ॥

একো একোটা সময়ে 
ইয়াতেই খোদিত কৰি যায়
জীৱনৰ আদিপাঠ
তোমাৰ মোৰ আৰু বহুতৰ॥

ভাল লগা সপোনৰ পম খেদি যাওঁতে 
দিঠকটোকে সপোন সপোন লাগে
হৃদয়ৰ চোতালত॥

হৃদয়ৰ মাজত অনুভৱৰ শলিতা জ্বলাই থাকোতেই 
হঠাৎ 
সন্ধ্যাটো তিক্ততাৰে ভৰি পৰিছিল 
বাঁহলৈ উভতি যোৱা
চৰাইজাকৰ মনত॥

               ✍️দিলীপ পৰাজুলী
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~

তোৰ মনত বিষাদ 

নৰাৰে উপচি পৰিল আঘোণৰ পথাৰ
শানত দি অনা কাচি খন লৈ মোৰ দাৱনীজনী নাযায় 
এতিয়া ধান দাবলৈ॥

ৰবাব টেঙাৰ জুতি লৈ আলাপ নকৰে
বটা চৰাইৰ লগত
হিমালয়ে উচুপিছে
আঘোণৰ স্মৃতি বুকুত বান্ধি ॥

সেইবাবেই হঠাৎ 
বগীনদীৰ বগী ছোৱালীৰ 
সুহৃদয়তা বিচাৰি যাওঁতে 
উজুটি খালো
দলঙৰ পাৰত॥

ঐ বগীনদীৰ ছোৱালী 
তোৰ আচলেদি
তোৰ হৃদয়ৰ চোতালৰ পৰা বৈ গৈছে
শ্বেত গংগা॥

তোৰ জীৱনৰ দুখ বেদনাৰ জোৱাৰ
উতুৱাই দিছে 
সাগৰৰ বুকুলৈ॥

ইয়াৰ পৰা উভতি আহিব পাৰিম জানো
আকাশত কলা ডাৱৰ
বৰষুণ দিও দিও
দিলেতো তিতিব লাগিব
তিতিয়েই দিম
যি হব হওক॥

তই জাননে
শ্বেতগংগাই আজি 
তোৰ বাবে আনি দিছে
তোৰ জীৱনলৈ আমেজ ভৰা সৌন্দৰ্য্য ॥

সেইবাবে
আঘোণৰ পথাৰ 
নৰাৰে উপচি পৰা দেখি
এতিয়া তোৰ মনতো বিষাদৰ বাহ॥
 
                   ✍️দিলীপ পৰাজুলী।।

Post a Comment

0 Comments