অৱশেষত কান্দি পেলালো মই
- দিলীপ পৰাজুলী।।
এটা কণমানি শিশুৰ দৰেই
অৱশেষত কান্দি পেলালোঁ মই
তোৰ কথা শুনি॥
নিষ্ঠুৰ নিয়তিৰ নিদাৰুণ কোৱ বোৰ
সহ্য কৰি থাকোতেই
হতাশ আৰু হুমুনিয়াহৰ
এজাক বতাহে চানি ধৰিলে
হৃদয়ৰ উদ্ভাসিত আশাক॥
এডোনমান
হৃদয়তা বিচাৰি যাওঁতে
মোৰ হৃদয়ৰ ভিতৰতেই হৃদয়তাৰ কাতৰ আৰ্ত্তনাদ
মাথোন
নিৰলে বৈ আহিল
লোতোকা লোতোকে চকুলো॥
সৰিয়হ ডৰাৰ মাজত
এতিয়া আৰু সৰিয়হ ফুলৰ সুগন্ধি নাই
মাথোন হতাশৰ বতাহ॥
হালধীয়া ৰঙেৰে বোলাই
জীপাল কৰা জীৱনটিৰ পৰা
মাথোন ব্যৰ্থতাৰ নদী বৈ গৈছে॥
অজানিতে আন্ধাৰে আৱৰি ধৰিলে জীৱন
উদং হল হৃদয়ৰ পথাৰৰ হৃদয়তা
সুৰীয়া জীৱনৰ আলফুলীয়া আশা
মাথোন আশা হৈ ৰ'ল
জীৱনৰ পদূলিত ॥
আৰু
আহতৰ পাতবোৰেও
সেউজীয়া গান নোগোৱা হল
বতাহত॥
দুৰু দুৰু কপে হৃদয়ৰ চোতাল
- দিলীপ পৰাজুলী।।
এজাক অভিমানৰ ধুমুহা আহি
এই মাত্ৰ মোৰ হৃদয়ত খোপনি পুতি
মোৰ হৃদয়ত উপবাস কৰিছে॥
সেইবাবে সেউজীয়া পথাৰখনে
অভিমান কৰিছে মোৰ চোতাল॥
অভিমানৰ দলিচা পাৰি আকাশখন
নামি আহিছে মোৰ হৃদয়ৰ জুপুৰি ঘৰলৈ॥
এদিন তুমিয়েই অভিমানৰ ধুমুহাজাক
গোপনে গোপনে
লাহে লাহে
মোৰ হৃদয়ৰ পথাৰত সিচি দিলা
অথচ মই গমকেই নাপালোঁ ॥
এসময়ত
তুমিয়েই মোক শিকাইছিলা
অভিমানৰ সংজ্ঞা
আৰু
তুমিয়েই মোক অভিমানৰ আদিপাঠ
পঢ়াই দিছিলা
মনত আছেনে বাৰু তোমাৰ ॥
ক্ৰমশঃ
এতিয়া
মোৰ ওচৰৰ পৰা
আপোনালোক আতৰি গৈছে॥
সেইবাবে
অভিমানৰ ধুমুহাজাক
হৃদয়ৰ পৰা আতৰাই দিবলৈ যাওঁতে
দুৰু দুৰু কপিছে হৃদয়ৰ পথাৰ॥
চকুৰ চাৱনিয়েও কথা কয়।।
-দিলীপ পৰাজুলী।।
কেতিয়াবা হঠাৎ
তোৰ চকুৰ চাৱনিয়েও কথা কয়
মোৰ হৃদয়ৰ॥
কেতিয়াবা
চকুৰ চাৱনিত বুজি পাওঁ
তোৰ হৃদয়ৰ কথা
আৰু বুজি পাওঁ
তোৰ হৃদয়ৰ বিষাদৰ সাগৰ
জলৰাশিৰ তৰংগ॥
অথচ আকৌ
তোৰ চকুযুৰিয়ে কথা কয়
কিন্তু সেই কথাৰ ভাষা
মই বুজি নাপাওঁ॥
বুজিবলৈ চেষ্টা কৰো যদিও
কেতিয়াবা বুজি পাইয়ো
থমকি ৰওঁ
তোৰ পদুলিৰ আঁহতজোপাৰ তলত॥
সেইবাবে এতিয়া
তোৰ দুখবোৰ লৈ
মোৰ হৃদয়ৰ সেউজীয়া গ্ৰেজিঙত
এটা ঘৰ সাজিছোঁ॥
অৰণ্যৰ পৰা বুটলি আনিছোঁ
অৰণ্যৰ বেদনা
লগতেই
জীৱনৰ আকুলতাখিনি বিলাই দিছোঁ
আকাশৰ বুকুত
মাথোন তোৰ বাবে॥
তোৰ চকুৱেও কথা কয়
জীৱনৰ সুখ দুখৰ, হৰ্ষ বিষাদৰ
মোৰ ওচৰত ॥
0 Comments