অণুগল্প :: অবোধ্য || Inpertiable Assamese Shot Story || By Assamese Poem

                       অবোধ্য - (অণুগল্প)

ভেন্সাৰ স্কুলৰ মাষ্টৰ সনাতন বৰদলৈৰ মৃত্যুৰ ছমাহৰ পাছতেই তেওঁৰ একমাত্ৰ সন্তান হিৰণ্যই চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ মেট্ৰিক পাছ কৰিলে ৷ সৰুপৰাই অভাৱ অনাটন আৰু বেদনাই আৱৰি থকা ঘৰখনলৈ যেন হঠাৎ সুখৰ বন্যা নামি আহিল ৷ৰিজাল্ট দিয়াৰ দিনাখন চিনাকী অচিনাকী বহুতো মূখে তাহাঁতৰ চোঁতালখন ভৰি পৰিছিল ৷ সকলোৱেই মুৰ গা পিহি ভবিষ্যতে আৰু ভাল কৈ পঢ়ি ডাঙৰ মানুহ হবলৈ তাক আশীৰ্বাদ কৰিছিল ৷ 

             চহৰৰ নাম থকা ডাঙৰ কলেজখনত  নামভৰ্তিৰ কাৰণে মাকেও ধাৰ-ধুপাৰ কৰি যথা দিনত তাক লৈ চহৰলৈ গ'ল ৷ পাছে ভবামতে কলেজখনত হিৰণ্যৰ নাম ভৰ্তি নহল ৷ সি পোৱা সৰ্বমুঠ নম্বৰ খিনি কম হোৱাৰ কাৰণেই হেনো কলেজখনত তাৰ নামভৰ্ত্তি নহল ৷ অথচ তাতকৈ বহু কম নম্বৰ পোৱা লৰা এজনৰ কেনেকৈ নামভৰ্ত্তি হল সেইটোহে সি বুজি নাপালে ৷ বিষন্নমনে সি মাকক কথাটো সোধাত মাকে লৰাটোৱে কিবা কোটা থকাৰ কাৰণে নামভৰ্ত্তি পাইছে বুলি কলে ৷ চলচলীয়া চকু দুটালৈ চাই হিৰণ্যই মাকক প্ৰবোধ দি কলে মা দুখ নকৰিবা দেউতাই চাগে আমাৰ অভাৱৰ কাৰণেই সেইটো মোক দি যাব নোৱাৰিলে ৷ তুমি দুখ নকৰিবা মই  গাওঁৰ স্কুলখনতেই নাম লগাম ৷ বহুত ভাল কৈ পঢ়িম আৰু ডাঙৰ মানুহ হৈ তোমাৰ মনৰ আশা পূৰণ কৰিম ৷

চকুৰ কোণৰ পানীখিনি চাদৰৰ আঁচলটোৰে মচি মাকে হিৰণ্যক বুকৰ মাজত সাৱটি ধৰিলে ৷


- চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷




Post a Comment

0 Comments