এটি বিশেষ নিশা || it's special Night || অসমীয়া কবিতা - Assamese Poem


আপোন গাওঁখনিত এটি বিশেষ নিশা

গভীৰ মগ্ন আপোন গাওঁখনি,

নিয়ৰত সেমেকা -

আলিবাটৰ ঘাঁহনিডৰা ,

কুঁৱলীৰে আৱৰা এই আলিবাট ।

বৰকৈ সেমেকিছিল,

হৃদয়খন ;

পোহৰ এধানি পাবলৈ-

তৰাবোৰোচোন নাই ।

অকনমান জোনাকৰ বৰ প্ৰয়োজন আছিল !

-গাঢ় সেউজীয়াত ডুব যাবলৈ,

-সপোনৰ ৰঙবোৰ সানিবলৈ ।

চৌপাশৰ ফুলবোৰ ক'লা হৈ ফুলিছে- ।

মন পথাৰখনি,

এন্ধাৰে আৱৰি ধৰিছেহি ।

মোৰ অপূৰ্ণ সপোনবোৰৰ এখন যেন হেৰুৱা ছৱি !

দুৰ-দুৰণিত যদি-

দৃষ্টি ৰাখিছো-

এক বিশাল গোলাকাৰ অন্ধকাৰ খাৱৈ - !

মাজে মাজে চকু মুদিছো -

এধানি পোহৰৰ সন্ধান বিচাৰি ।

হয়;

আধৰুৱা সপোনৰ বেমেজালিত,

পোহৰ এতিয়াও হেৰুৱা নাই ।

আকৌ চকু মেলিছো-

গছ-গছনিৰ ক'লা ক'লা-

ডাল-পাতবোৰে ঠেলিছে ;

অদম্য এক শক্তিত-

পূৰ্ণ দেহ-মন ।

আগবাঢ়িছো-

প্ৰতিটো খোজতে এতিয়া নুপুৰৰ ধ্বনি ।

এক ৰাজকীয় আহ্বানত-

এক নিৰ্দিষ্ট বিন্দুত-

এক উজ্বল ভাৱনাত আকৌ হৃদয় চমকিল ।

অনুপ্ৰাণিত;

আকৌ পালো জীৱনৰ নতুন এটি লক্ষ্য ।

আপোন গাওঁখনিত ,

এনেদৰেই পাৰ হয় জীৱনৰ বিশেষ নিশা এটি ।


   ✍️ -অৰ্পন মেধি


-------------------------------------------------------------------

সকলো সলনি হৈ গ'ল

সময়বোৰ বৰ সোনকালে সলনি হৈ যায়

সঁচাকৈ কেনেকৈনো গুচি যায় গমেই নাপাওঁ।

বৰ্তমান যেন লগা কথাবোৰ 

মুহূৰ্ততে অতীত হৈ যায়।

নহয়নে বাৰু!

সৌ সিদিনা তেওঁৰ সৈতে চিনাকি হৈছিলো

এটি মেচেজৰ জৰিয়তে,

আৰু খন্তেকতে তেওঁ মোৰ 

বহুত বেছি আপোন হৈ পৰিল।

ৰাতিপুৱাৰ গুদ মৰ্ণিং মেচেজটোৰে

দিনটোৰ আৰম্ভণি হৈছিল।

দিনটোত এবাৰ তেওঁ ফোন কৰেই

ফোন ন'হালৈকে মই অধীৰ আগ্ৰহেৰে বাট চাওঁ

সেয়া যেন অভ্যাস হৈ পৰিছিল।

তেওঁ দিনটোত কি কি কৰিলে বা মই কি কি কৰিলো সকলো খবৰ লৈছিল।

মাজে মাজে মোক লৈ কবিতা লিখিছিল

মোক এটা ধুনীয়া নামো দিছিল

তেওঁৰ মুখত সেই নামটো শুনি খুবেই ভাল লাগে।

তেওঁ যেন মোক সদায় কিবা ক'ব বিচাৰে

তেওঁ ক'ব বিচৰা কথাখিনি ক'বলৈ কেৱল মই চাব পৰাকৈ হোৱাটচাপত ষ্টেটাচো দিয়ে।

আৰু মই বুজিও নুবুজাৰ ভাও ধৰোঁ

সেই কথাবোৰ মনত পৰিলে মোৰ হাঁহি উঠে। 

লাহে লাহে সময় সলনি হৈ আহিল

আৰু আপোন হৈ পৰা তেওঁও সলনি হৈ গ'ল

তেওঁ এতিয়াও কবিতা লিখে

কিন্তু সেই কবিতাত মই নিজকে বিচাৰি নাপাওঁ

কাৰণ এতিয়া সকলো সলনি হৈ গ'ল..।


       ✍ বিটপী ভূঞা 


         ****************

উচন সপোন অচিনাকি ঘাট

ফুৰিবলৈ অহা লুইতৰ সোঁতত

ভেটি মাটি এৰি

জীউটো টোপোলা বান্ধি

ভুলতে নাওঁ চপালোঁ অচিন ঘাটত,

এটা নিফুট বিদায়ৰ সুৰ ওপঙি আহিল

নাছিল এটুপি পিয়াহৰ পানী

হেৰাই গ'ল আঁত

সকলো সংগী বিহীন

গঙাচিলনীয়ে আকাশত

বৃত্তাকাৰে পাক খোৱাৰ দৰে

পাক খাইছে এই অদ্ভুত মাটিৰ পৃথিৱী 

কি মহানগৰ - কি মহাসাগৰ

মোৰ নাওঁ - মোৰ ডেউকা

কঁপিছে জাৰৰ ৰাতিবোৰৰ দৰে। 

জোনাকীয়ে বৰ আলি বান্ধিছে

নৰিয়া পাটীত শুই থাকি

বহুদিন আকাশ নেদেখাৰ দৰে

সপোনবোৰে ছটফটাইছে

ভাৱনাৰ আকাশত বাৰেবৰণীয়া চিলা উৰাদি

বুকুৰ স্বাদ - শুভ্ৰ দৃষ্টি বিচাৰি

শৈশবে মোৰ শৰতৰ শেৱালী বোটলে।।।

                                ✍️ উৎপল ডেকা

Post a Comment

0 Comments