বন্ধু || Friends || অসমীয়া কবিতা - By Assamese Poem

বন্ধুৰ চকুত মই   -অসমীয়া কবিতা

চিগা-ফটা মোৰ চোলাটোত
মোৰ ভাগৰুৱা দেহৰ ঘামৰ গোন্ধ বিয়পে ।
খহো -নখহোকৈ মোৰ পায়জামাৰ
শেষ চিলাই কেইটাই নিতে-
বন্ধু তোমাৰ সঁহাৰি বিচাৰে ।

আজিও নুবুজিলো এই জীৱনৰ
আধুনিক শৈলী ,আকাঙ্খাও নাই ... ।
নাজানো উত্তাল সংগীতৰ তালত
তোমাক আদৰিব,
অথবা;
বিলাতী সুৰাৰ এপিয়লা নিচাৰে
আমাৰ সম্পৰ্কক আৰু মধুৰ কৰিব ।

মোৰ অনুভৱৰ তৰঙ্গত
আন্তৰিকতাবোৰে ,
বন্ধু, তোমাক সদায় কাষত বিচাৰে;
-ঠিক সেই সাধুকথাৰ কাহিনীবোৰৰ দৰে ।

নিমজ নহয় মোৰ হাতৰ পতাখন;
ইংৰাজী অভিবাদন জনাবলে ।

মোৰ হৃদয়খন এতিয়াও;
-এতিয়াও যে চাকিৰ পোহৰতহে জিলিকে ;
বন্ধু ,মোৰ জিভাখন বৰ গাওঁ-পৰীয়া -
নিগৰিত প্ৰতিটো শব্দই বৰ নিভাঁজ ।
কঠুৱা মোৰ ব্যৱহাৰবোৰ
সেউজীয়াতকৈও সেউজীয়া ।

বন্ধু তুমি ভবাৰ দৰে মই অসভ্য নহয় ।

ভেজাল নহয় বাবেই ,
লাজ -অপমানত-
প্ৰৱঞ্চনাৰ চাকনৈয়াত মই আচ্ছন্ন ।

কি হয় নাজানোবাবেইটো,
আপোনত্বৰ ঢৌৱে ঢৌৱে -
সম্পৰ্কৰ নৈখনত নিজকে হেৰালো ।
ইমান ঠুনুকানে গঢ়ি উঠা সেই ক্ষণবোৰ?
আকৌ বিচাৰো আলেঙে আলেঙে
বন্ধু তোমাৰ চকুত মই ।


            ✍️-অৰ্পন মেধি

তুমি নথকা পৰত   -অসমীয়া কবিতা

তুমি নথকা পৰত,
জীৱনৰ ৰঙবোৰ-
সৌৱা;
অস্তাচলত বিলীন হোৱাৰ দৰেই ।

সৰু সৰু অভিমানবোৰে,
অগীয়া-বগীয়া হৈ-
তোমাৰ অভাৱ সোঁৱৰায় ।

অজানিত কৰা ভুলবোৰ লৈ,
অচিৰাৎ অচিলাৰে-
মই উৰা মাৰো
তোমাৰ কাষলৈ ;
ক্ষমা-প্ৰাৰ্থনাত,
মাজনিশাও মই বৰ ব্যাকুল ।
তুমি নথকা পৰত,
কল্লোলিত হয় মোৰ ভাৱৰ সাগৰখনি ।
মনৰ কঁহুৱাডৰাত ,
নাই যেন কোনো শুকুলা ।
কাজলী মেঘবোৰে,
মোক গোমা কৰিলেহি ।
চলিহাই ধৰা চকু লৈ,
মই চলাথ কৰিছো-
অকনমান অৱশেষ বিচাৰি -
তোমাৰ মৰমৰ ।
নিভঁজুৱা আবেগৰ,
চেঁচা বতাহজাকত-
মই বৰ উদাসীন হৈ পৰো ।
উথলি অহা বিষাদৰ সোঁতত,
চকলা-চকলে সৰিল-
মোৰ হিয়াৰ চপৰা ।

হয়;
বনভোজথলীত তুমি নাই ,
শ্যামল হাবিডৰাত থমকি ৰয়-
মোৰ চঞ্চলতা ।
কল্পনাপ্ৰৱন মোৰ দুচকুত ভাঁহে-
এখনি ক'লা পাহাৰ -
আৰু-
টিংটিঙীয়া ৰ'দত শুকোৱা মোৰ দেহা ।
তুমি নথকা পৰত,
অৰ্থহীন হয় মোৰ অনুভৱৰ জোনাক ।


                ✍️-অৰ্পন মেধি

আপুনি মোৰ বন্ধুত্বৰ অনুৰোধ আদৰি ল'লে

এবুকু মৰমৰ সঁহাৰিত,
আউল-বাউল মোৰ
মোৰ হৃদয়ৰ
আবাস আজি.....।
আলোকিত তৰাৰ পোহৰত,
আশাবোৰ উজ্জ্বল হৈ উঠিলে।
ফাগুন ফাগুন লগা,
এছাতি মলয়া
আজি মোৰ দেহে মনে ।
বাৰে বাৰে নিলাজ হৈ পৰো!
কিয় জানো আপোনাৰ
আলোকচিত্ৰবোৰত ,
অনুমতিহীনভাবে চকু ফুৰাইছো ।
আপুনি নুবুজিব ,
আপোনাৰ অনুভুতিবোৰত
মই কেনেকৈ নিজকে ৰিজালো।
ক'ৰ'বাত বুকু ফাটো ফাটো হয়,
ইফালে আপোনাৰ সান্নিধ্যই
মোক নতুন জীৱন দিলে ।
বহু কষ্ট -বহুত আবেগ -বহু চেতনাৰ
এক ইতিবাচক টানত,
আপূনি মোৰ বন্ধুত্বৰ অনুৰোধ
নিসংকোচে আদৰি ল'লে ।


             ✍️-অৰ্পন মেধি

 

Post a Comment

0 Comments