প্ৰতাৰণা :: অসমীয়া কবিতা

প্ৰতাৰণা

জোনাকনো কোন বাটে আহি সোমাইছিল
তাইৰ শোৱনী কোঠাত
এতিয়া আৰু স্পষ্টকৈ মনত নাই তাইৰ!
ভঙা পজাৰ তাইৰ বেৰৰ জলঙাৰে নে?
নে নিজেই খুলি দিছিল
বাহঁৰ দুৱাৰখন তাই!!
নাই,অকণো মনত নাই।
মাথোঁ মনত আছে,
যিমানেই চন্দ্ৰকলাৰ দৰে বাঢ়ি আহিছিল
স্ফীত উদৰ তাইৰ
সিমানেই ইকাণ সিকাণকৈ
বিয়পি পৰিছিল এটি গুজৱ..
গাওঁখনৰ আটাইতকৈ সুন্দৰ সুঠাম ডেকা,
মহাজনৰ সেই সৰু পুতেকজন হেনো
তাইৰ বাবেই গুছি গৈ
বাস কৰিছিল চহৰত!


✍কাজল লতা মেধি



Post a Comment

0 Comments