5+ Best Assamese Poem || Top 5 Assamese Poem 2021 :: অসমীয়া কবিতা

"তোমালৈ"

হৃদয়ৰ দাপোনত তোমাৰেই
প্ৰতিচ্ছবি
মনৰ দাপোনত প্ৰতিধ্বনি
তোমাৰ প্ৰেমৰ সাগৰত
উটি-ভাঁহি ফুৰোতে
সুখৰ সূৰুয ফুলে
দুখৰ কাল অমানিশাৰ
অৱসান ঘটে।
হৈমন্তীয়ে সুখৰ জোনাক
সিঁচি যায়
সেউজীয়া হৈ পৰা মোৰ
হৃদয়ৰ মাটি ডৰাত
মন সোনোৱালী প্ৰাচুৰ্যৰে
উপচি উঠে।

সপোনৰ বালিঘৰত
কল্পনাৰ কাৰেঙত
সদ্য কুসুমিত তুমি এপাহী
ৰজনীগন্ধা।
তুমিছায়া মই প্ৰচ্ছায়া
তুমি মাথো মোৰ প্ৰেৰণা
জীয়াই থকাৰ।
আকাশ কুসুমে নোৱাৰে দিব
মাথো
তেজৰ উমাল পৰশেৰে
জীয়াই তুলিব বিচাৰো
পুৱাৰ নিয়ৰসনা পদুলিৰ
অচিনাকি যাত্ৰা।

ববিতা গোস্বামী ২৮।১।২০২১ যোৰহাট।

"এজাক সপোন"

বাৰিষাৰ কিন্‌কিনিয়া বৰষুণৰ
সেমেকা টোপালবোৰে শীতলাইছে প্ৰকৃতিৰ বুকু।
বহুত মৰমেৰে আলফুলকৈ
মই ৰোৱা ফুলখিনি লহ-পহকৈ
বাঢ়ি প্ৰকৃতিৰ সেউজীয়া খিনিক অধিক জীপাল কৰি
প্ৰকৃতিক অপৰূপ সৌন্দৰ্যৰে
ভৰাই তুলিছে।
বৰষুণৰ টোপালবোৰৰপৰশত কুমলীয়া পাতবোৰে
সেউজীধৰাক এক অভিনৱ
সৃষ্টিৰ প্ৰয়াস কৰিছে।

কুমলীয়া পাতৰ আৰ লৈ
প্ৰস্ফুটিত হৈ পৰিছে সদ্য-যৌৱনা ফুলবোৰ।
মৃদু-মধূৰ বতাহৰ গুন-গুননিৰ
তালে-তালে ফুলবোৰেওঁ
হালিছে-জালিছে।
মনৰ গোপনীয়তা মনতে ৰাখি
ফুলবোৰেওঁ আশাৰে বাট চাই
ৰৈ আছে ভৰযৌৱনা হোৱাৰ
দিন বোৰলৈ।।

মৰম নামৰ নৈ খনত কিমান
অচিনাকি জনে হাতৰ পৰশ
যাঁচিছে......।
সময় বোৰেও বাগৰ সলায়
পৰো আপোন হৈ পৰিছে
নানান সপোন বুকুত লৈ
সীমাহীন আকুলতাৰে ৰৈ আছে,
এক প্ৰাণ প্ৰাচুৰ্যৰ প্লাবনত
উটি ভাঁহি ফুৰা জীৱনৰ
মধূৰত্বম মূহুৰ্তৰ উন্মীলন
কেতিয়া ঘটিব।
তাৰেই অপেক্ষাত.......।

ববিতা গোস্বামী ২১।১।২0২১

"অনুভৱ"

ভাৱনাৰ নৈ খনে
উটুৱাই লৈ গৈছিল
সাগৰৰ ঢ়ৌ খেলোৱা
কোনোবা এটা স্থানলৈ।
নীলিম আকাশৰ তলত
সাগৰৰ বিশাল ঢ়ৌ বোৰে
মোক লৈ গৈছিল সিহতৰ মাজলৈ।
কব নোৱাৰাকৈ কিছুমান প্ৰশ্ন
সাগৰলৈ।

সাগৰৰ বিশাল তৰঙ্গ ৰাশিক
চাই থাকোতে উদয় হৈছিল
কিছুমান অপ্ৰাসংগিক প্ৰশ্নৰ।
দুখ মোৰ চিৰ লগৰী
হ'লেও,আশাবাদী মনে
সুখ বিচাৰোতে হৃদয়ত আত্ম-
গোপন কৰি থকা দুখবোৰক
ক'লে
মই বহি থকা এই পাৰা-পাৰ হীন সাগৰৰ গৰ্জন তুমি কেতিয়াবা শুনিছানে?
মই কিন্ত শুনিছো।
কাৰণ সাগৰৰ দৰেই গভীৰ
মোৰ হৃদয়ৰ গভীৰতা।

আজিৰ পৃথিবীত
কোনো কাৰোবাবেই নহয়
আপোন।
এই পণ্যৰ পৃথিবীখনত
সঁচা অনুভৱেৰে ভৰা হৃদয়খনো যে বিক্ৰী হয় নীলামত।
হে,দুৰ্বাৰ গতিৰ সময়
তোমাৰ চিৰ সেউজীয়া কোলাত মোৰ নিসংগ হুমুনীয়াহ বোৰ এৰিবলৈ দিয়া
মই শান্তিত জিৰণি লব পাৰো।

✍️ববিতা গোস্বামী ২০।১।২১ যোৰহাট।

এজাক মুক্ত বিহংগৰ দৰে

আশাৰ উন্মাদনাত বহু দূৰলৈ
গৈ আছো মই
নাজানো লক্ষ্য স্থান কিমান দূৰ?
মাজে মাজে এইটোও ভাৱ হয়
পথভ্ৰষ্ট হৈছো নেকি?
সাগৰৰ জলৰাশিৰ গভীৰতা
আকাশৰ সীমাহীন উদাৰতাৰ
দৰেই,
ভাগি পৰিছো নেকি বাৰু
মোৰ কক্ষপথৰ পৰা।

আকাশৰ পৰা সৰি পৰা
পপীয়া তৰাৰ দৰে
স্মৃতিবোৰে মোক জাগৃত কৰে
মোৰ "কৰ্তব্যক"
স্বাধীনতা ভালপোৱা মোৰ
সীমাহীন আশাবোৰক
হেৰুৱাব খোজা নাই।
মোৰ "লক্ষ্য" পিঞ্জৰামুক্ত চৰাইৰ দৰে......
আজি ময়ো উন্মুক্ত
নীল আকাশৰ তলত
এজাক বিহংগৰ দৰেই।

খেয়ালী মনৰ দুৰ্বাৰ সপোনবোৰক হেৰুৱাব
নোখোজো আনৰ আচলত ধৰি।
বিলাসিতাৰ বক্ষত লীন হৈ
যাব নোৱাৰো।
বহু প্ৰতিশ্ৰুতি,বহু আশা মনত পুহি ৰাখি ভাঙিব নোৱাৰো
অজশ্ৰ জনৰ বিশ্বাসক।
কাৰণ ,
মই সমূলিওঁ নহওঁ বিশ্বাসঘাটক।

ববিতা গোস্বামী ১৯।১।২0২১ যোৰহাট।

" বৈভৱ"

সৌৱা,দূৰৈৰ পৰা দেখিলো
তোমাক
আন্ধাৰ নিশাৰ আলোকৰ
যাত্ৰাত জোনাকী পৰুৱাই
বাট দেখুৱাই আগুৱাই নিছিল
তোমাৰ ডিঙিৰ গলপাতে
শিৰৰ হিৰাখচিত মনিটোৰ
চকু চাট মাৰি ধৰা পোহৰৰ
উৎসতে চিনিব পাৰিছিলো
তোমাক।
দেখিলো দূৰৈৰে পৰা
কৃষ্ণচূড়াৰ তলত জিৰণি লৈ
অপেক্ষাৰত......
কোনোবা জনৰ হৃদয়ৰ স্পৰ্শই
তোমাক আতৰাই লৈ গ'ল
মোৰ পৰা বহু দূৰলৈ।
বটবৃক্ষই ক'লে মোক
পাৰিবা জানো ৰাখিব ধৰি?
নিঃকিন প্ৰেমৰ তুলনা নহয়
বৈভৱৰ সতে
হৃদয়ৰ ভাষাওঁ নুবুজে সিহতে।

ববিতা গোস্বামী ১৮।১।২0২১ যোৰহাট।



Post a Comment

0 Comments