তাই কান্দিছিল
তাই হুকহুকাই কান্দি পেলাইছিল
আৰু কৈ উঠিছিল যে ......
দেউতাই আমাক
অকলশৰীয়া কৰি এৰি থৈ
বহুত দূৰলৈ গুচি গ'ল
তেওঁ আৰু
আমাৰ মাজলৈ কেতিয়াও
উভটি নাহে।
(তাইৰ কান্দোনত যেন হঠাৎ
এখন আকাশ ভাগি পৰিছিল)
তাই কৈছিল......
মাৰ মুখখনলৈএতিয়া মই
চাব নোৱাৰা হৈছো,
কেনেকৈনো চাওঁ বাৰু
মাৰ নিৰস মুখ খনলৈ কোৱাচোন,
মুখৰ হাঁহিবোৰচোন
একেবাৰে ম্লান পৰি ৰ'ল।
কেনেকৈনো চাওঁ বাৰু আজি
উদং হৈ পৰি ৰোৱা
সেই উকা কপাল খনলৈ
অথবা উকা সাজ যোৰলৈ।
যাৰ কপালত প্ৰতিদিনে
উদিত হৈছিল প্ৰভাতী সূৰুয,
যাৰ ওঁঠত বিৰিঙি আছিল
প্ৰতিদিনে এটি হাঁহি,
যাৰ শৰীৰত দেখিছিলোঁ
ৰাঙলী বসন,
সেই সকলোবোৰ আজি চোন
একেবাৰেই নোহোৱা হৈ গ'ল.......
ফাগুন
ফাগুন ...........
তুমি আকৌ আহিলা
বিশৃঙ্খল অতীতক সমাধিস্থ কৰি
পুনৰ উত্তপ্ত আশা আৰু অনিন্দ্য আদৰ লৈ
বিৰিখৰ শুকান ডালত বহি
তামবৰণীয়া এখন পৃথিৱী ৰচিবলৈ ৷
শিমলু ফুলক সাক্ষী কৰি
তুমি সৰুৱাই পেলালা শুকান গছপাতবোৰ
পুৰণি কাপোৰযোৰৰ আবুৰ গুচাই
নগ্নতাৰ ৰূপ দিলা প্ৰকৃতিক ৷
ফাগুন ..........
তুমি কিদৰে উপভোগ কৰা
অসহায় প্ৰকৃতিৰ নগ্ন ৰূপ............?
লঠঙা গছ -লতাৰ
বিষণ্ণ কৰুণ অশ্ৰুপাতেৰে
তুমি কিদৰে বেদনাৰ মহাকাব্য ৰচা ............?
কিয় ইমান নিৰ্লজ্জ তুমি ..........?
ফাগুন ................
দিয়া বৰষুণ অহাৰ বাতৰি
শাওণৰ দৰে
এজাক আশাৰ দোপালপিটা বৰষুণ ৷
ভৰি পৰক পানীৰে
প্ৰতিখন তৃষ্ণাতুৰ উদাসী নদী
গজি উঠক নতুনৰ কুঁহিপাত
জীপাল হওক ধৰাৰ বুকু ৷
0 Comments