Assamese Poem Love and hope :: অসমীয়া কবিতা :: আশা

Assamese Poem Love and hope :: অসমীয়া কবিতা :: আশা

আশা

আশাবোৰ আছে বাবেইতো
ভাগৰি নপৰো
তমসাচ্ছন্ন কাঁইটীয়া
পথেৰে আগবাঢ়িও
আৰু সন্ধান কৰোঁ
এক নতুন পথৰ,
য'ত স্নিগ্ধ কোমল ৰ'দালিয়ে
মিতিৰালি পাতে
নিয়ৰ আৰু দুবৰিৰ স'তে।

আশাবোৰ আছে বাবেইতো
যন্ত্ৰনাত ক্ষত-বিক্ষত ভাৱনাবোৰক
উশাহেৰে সামৰি থওঁ
বুকুৰ ভিতৰত
আৰু সন্ধান কৰোঁ
এক নতুন আলোকৰ,
যিয়ে তিমিৰৰ বক্ষ ভেদি
উজলাই তুলিব পাৰে
ভগ্ন হৃদয়ক।

আশাবোৰ আছে বাবেইতো
জীৱনটো ন-ৰূপেৰে
সজাই-পৰাই তোলো,
য'ত গঢ়ি তুলিব পাৰোঁ
হৃদয়ে হৃদয়ক বুজি পোৱাৰ
এক সমন্বয় সাঁকো।

✍️চন্দনা


1. Read Also Beautiful Assamese Poem Click here

Post a Comment

0 Comments