assamese poem love || প্ৰেম , ভালপোৱা, বিষাদ আৰু কিছু স্মৃতি :: অসমীয়া কবিতা

প্ৰেম,ভালপোৱা,বিষাদ আৰু কিছু স্মৃতি

কেনে আছো বুলি সুধিবলৈ
প্ৰয়োজন আছে জানো কাষলৈ অহাৰ
মোৰ অনুভৱিক প্ৰতিটো কবিতাই দেখুন
কেৱল তোমাৰ নামত........

ভালপোৱাৰ নামত ওৰেতো ৰাতি
উজাগৰে নাথাকো মই
কাৰণ সপোনৰ প্ৰতিটো প্ৰহৰেই যে
কেৱল তোমাৰ নামত........

সোৱঁৰণিৰ নামত মন বেয়া কৰিবলৈ
কিহৰনো প্ৰয়োজন....দূৰত থাকিও যদি
আপোনহীনতাৰ অভাৱ গুচাব পাৰে.........

যিকন সময় পাওঁ মৰমবোৰ সাচিম শব্দৰ ভাজত
প্ৰতি শব্দতেই যেন সাৰ পাব এসাগৰ চেনেহ
সময় পালে পঢ়িবাচোন মোৰ অপূৰ্ণ কবিতা
তুমি পঢ়িলে কবিতাবোৰ পুৰঠ হব
তাতেই মোৰ বতৰাই ফুল হৈ ফুলিব

প্ৰতি মূহুৰ্তৰ বাৰ্তালাপৰ প্ৰয়োজনেই বা কিয়....??

মোৰ কবিতাৰ উত্তৰ দিবলৈ
পিছদিনা তুমিও লিখিবা এটি কেচা কবিতা
মই পঢ়িম.....লগতে উমান লম
মোলৈ পঠোৱা নিঃস্বাৰ্থ মৰমৰ টোপোলাৰ.......।।

✍️বিনিতা শইকীয়া ৰাভা





Post a Comment

0 Comments