assamese poetry || আপুনি ফাগুন হওঁক :: অসমীয়া কবিতা

আপুনি ফাগুন হওঁক

আপুনি ফাগুন হওঁক
মই ৰঙা হৈ ফুলিম...
চকু চাট মাৰি যোৱাকৈ নহয়,
বুকুখন শাত পৰি যোৱাকৈহে পাৰিম!

বতাহ জাকে কিন্তু বৰকৈ আমনি কৰিব
জানেই নহয়; ফাগুন বৰ মতলীয়া!
মোৰ আকৌ বেচিজিল চুলিবোৰে,
আপোনাক যদি আমনি কৰেগৈ?
সামৰি দিবলৈ অলপ অসহজ হব নেকি?
নালাগে দিয়ক,
আপুনি ভাল পোৱাকৈয়ে মেৰিয়াই ৰাখিম!
কাষত ৰৈ
"চায়েই থাকিম তোমাক
তুমি কি কৰিবা?"বুলি
তেজাল কবি প্ৰেমিকৰ দৰে নকব!
যোৱাবাৰৰ দৰেই মৰহি থাকিম!

আকৌ যে আবেগৰ তাগিদাত
খহি পৰা মোৰ আচঁল খন
মনত আছেনে আপোনাৰ?
আলফুলে সামৰি থোৱাৰ পৰত,
ৰঙা পৰা মোৰ সেই মুখখন....
. আৰু নতুনকৈ ফুলিবলৈ বিচৰা
আপোনাৰ চকুযোৰ!

বিশ্বাস কৰক,
একদম ফাগুনৰ দৰেই আছিল ,
উন্মাদ!




assamese poetry || আপুনি ফাগুন হওঁক :: অসমীয়া কবিতা

Post a Comment

0 Comments