প্ৰেম আৰু সৌন্দৰ্য :: অসমীয়া কবিতা

প্ৰেম আৰু সৌন্দৰ্য

জোনাক মানেই যদি প্ৰেমৰ সংজ্ঞা হয়... তেনেহ'লে ,
সুন্দৰী গাভৰু সকলৰ কাষলৈ জোনাক
অকণমান বেচিকৈয়ে নামি আহে!

ফুল মানেই যদি সুগন্ধি হাঁহি হয়
তেনেহ'লে ,
সুন্দৰী গাভৰু সকলৰ বাবে
গোলাপৰ কলিবোৰ অকণমান
বেচিকৈয়ে ৰঙা হৈ ফুলে!

আৰু,
মেকুৰীৰ লেখীয়াকৈ ট ট কৈ জিলিকি উঠে

ইৰ্ষাত আপচু গাভৰুবোৰৰ চকু!
হিচাপ নকৰাকৈয়ে কাহানিও
আঙুলিৰ ফাকেৰে সৰি পৰে সিহঁতৰ
বিষন্ন সন্ধিয়াবোৰ!

অৱশ্যে,
সঁচাকৈয়ে জানো কোনো গাভৰু
কাহানিবা হয় নে বাৰু আপচু!
বসন্তইতো আহি আটাইকে
আলফুল হাতেৰে পিন্ধাই থৈ যায়
ঋতুফুলৰ মালা ডিঙিত!

তথাপিও ,
সকলো গাভৰুয়ে বেণী গুঠি
বান্ধি লৈ নুফুৰে পিঠিত
শাওনৰ এআকাশ কলীয়া ডাৱৰ!
সকলো গাভৰুৰ দুগালতো
ফুলি নুঠে জকমকাই ৰঙীন কৃষ্ণ চুড়া!

পিছে,
প্ৰেম, তোৰ নো সৌন্দৰ্যৰ প্ৰতি কিয় বাৰু
ইমান আজন্ম আকৰ্ষণ!
গভীৰ অন্তৰ্দৃষ্টিৰে কেতিয়াবা
চুই চাবিচোন এবাৰ,
সকলো গাভৰুয়েইচোন যৌৱনৰ
সোৱনশিৰী নৈত সাতুৰি -নাদুৰি ঘুৰি ফুৰা
এজাক ৰূপহী ৰূপ চন্দা মাছ!!


✍️কাজল লতা মেধি বিজয়া কমপ্লেক্স চাৰ্ভে,বেলতলা,গুৱাহাটী কামৰূপ মেট্ৰো



Post a Comment

0 Comments