জীৱন যুঁজ :: অসমীয়া কবিতা

জীৱন যুঁজ

মোক একুৰা প্ৰকাণ্ড জুইয়ে খেদি লৈ ফুৰিছে ,
শুব ল'লেই বিচনাখনে কান্দে,
গাৰুটোত যেন প্ৰকাণ্ড বিছা ।
মই দৌৰিব পৰা নাই ভাগৰুৱা ;
অথচ মই শুবও পৰা নাই ।

জুইকুৰা ক্ৰমাৎ কাষ চাপি আহিছে
জুইৰ চক্ৰবেহুত মোৰ নিজক সমৰ্পণ কৰাৰ ইচ্ছা নাই ;
অথচ মই বাধ্য ।

যুঁজি যুঁজি যুঁজাৰু হব খোজা মনটো শুকাই গ'ল ।
চকুত বালিয়ে তিৰবিৰাইছে ,
মই সকলোবোৰ চোৱাৰ চেষ্টা কৰিছো ,
কষ্ট হৈছে ;
মই দেখা নাই ।

কান্দিব খোজা মোৰ শৰীৰটোও আজি
জুইত জাহ দিবলৈ বাধ্য ।
মই শুব চেষ্টা কৰোতে ,
জুইয়ে ঘেৰি ধৰিলে , সাৰ পালো ।

আঠুৱাত হোৱা দৈৱবাণীত মই নিজক পালো ,
আঠুৱাই কৈছিল , যুঁজি যোৱা !
হাৰ নামানিবা ।

মই নতুনকৈ যুঁজিব শিকিলো ,
পিছলৈ ঘুৰি চালো তেতিয়ালৈ জুইকুৰা বহু পিছত ৰৈ গৈছিল ।


✍️ধনজিৎ নাথ ।

জীৱন

আকাশ ফাটি ওলাই আহিছে
জিভাত লুকুৱাই ৰখা সুৰ্য
সাগৰ উফন্দি চুনামি উঠিছে
দেহৰ ঘামত ।

জীয়াই ৰাখিব বিচাৰা জোনটো , এই মৰো এই মৰো
সোৱাদ নোপোৱা জিভাই কৈছে ৰাজপথৰ বিষাদৰ কথা

শুই উঠিব বিচাৰিছে মই কেতিয়াবাই হত্যা কৰা মোৰ মনটো ,

জীয়াই উঠিব বিচাৰিছে সেই তাহানি
মোৰ হৃদয় হাতোৰাত পিতি পিতি
গঢ় দিয়া জীৱন ।

এদিন সূৰ্যটো বালিত পুতি ৰাখিছিলো
সূৰ্যটো মোৰ আছিল
জোনটোক মই উচুপা দেখিছিলো ,
জোনটোও মোৰ আছিল ।

আকাশ শূন্যতাত মোৰ প্ৰবাহিত
তেজ সিৰাই উপসিৰাই ।
মই জীৱন হেৰুৱা নাই , অথচ মই ভাগৰুৱা ।

হাউলি পৰা গছজোপাই কৈছিল
জীৱনৰ মাদকতা ক'ত কেতিয়া ?
মোৰ উত্তৰ নাছিল
গছজোপা মোৰ কিন্তু মোৰ আছিল ।

আকাশ ফাটি ওলাই আহিব বিচৰা ,
সূৰ্য টোৱে মোৰ জিভা কাটি দিছিল
তেতিয়াহে সুৰ্যটো আকাশত জিলিকিছিল ।

জোনটোক তৰাবোৰে সংগ দিছিল তেতিয়াহে
জোনৰ উচুপনি বন্ধ হৈছিল ।


✍️ধনজিৎ নাথ ।



Post a Comment

0 Comments