সৰাপাত :: অসমীয়া গল্প

সৰাপাত   (গল্প)

"আই,অ, বোৱাৰী, বিহুৰ দিনা ইমান পৰলৈ চোতাল খন নসৰাকৈ থাকিব নাপায়।আহ চোন বাহনীটাৰ লৈ আহ"! মালতীৰ কথাত পুতেকে টেপেককৈ মাত দিলে,

" তই বৰ বেছি হুলস্থুল কৰি থাক অ,কৰিব নহয় তাই!দেখা নাই জানো কিমান কাম ঘৰখনৰ!?"

পুতেকৰ কথা শুনি মালতীয়ে সেই ফালেই তাপ মাৰিলে।

বাৰান্দাৰ চকীখনতে গাটো আউজাই ভৰি দুটা অলপকৈ মেলি দিলে। কামবোৰ দেখি কৰো, কৰোঁ লাগে, কিন্তু এই আপদীয়া দেহাটোয়েহে শান্তিত থাকিব নিদিয়ে। যিমান বয়স বাঢ়ি গৈছে,সিমানে বিষে,কোপে জৰ্জৰিত হৈ পৰিছে।

গাভৰু কালৰ দিনবোৰৰ স্মৃতি বোৰ চকুৰ আগত ভাহি উঠিছিল।

বোৱাৰী হৈ ঘৰখনলৈ অহা দিন ধৰি একপ্ৰকাৰ এটা যন্ত্ৰৰ দৰে হৈছিল তাইৰ জীৱন। কাৰো পৰা মৰমৰ মাত এষাৰ পোৱা নাছিল। কোনোবা জনৰ পৰা মৰম,আদৰ বিছৰা, আৰু পৰ্বতত কাছ কনী বিচৰা দৰেই হৈছিল। কেটেৰা,জেঙেৰা মাত,শাহুয়েকে কথাইপতি কুলক্ষণী,তেজখাতি, এনেধৰণৰ বিভূষণৰে বিভূষিত কৰিছিল তাইক।

ওঠৰ বছৰ বয়সত অনিচ্ছা সত্বেও বিয়াত বহি, জীৱনটো ধংস হৈছিল তাইৰ। মানুহ নামৰ মুখাপিন্ধা কিছুমানৰ লগত ভাওনাত নিজেও ভাও দিবলৈ চেষ্টা কৰিছিল। গৰ্ভত সন্তান লৈও,ধানৰ টিন ডাঙি নি ধান ৰদোৱা, চোতালৰ ফলা খৰি আনি পাকঘৰত থোৱা,বাৰটাকৈ মানুহৰ খাদ্য প্ৰস্তুত কৰা, টিউবেল মাৰি পানী বাল্টি কঢ়িয়াই ভিতৰলৈ অনা, ঢেঁকীত পিঠাগুড়ি খুণ্ডা, এইবোৰ আছিল নিত্য নৈমিত্তিক কাম। অলপ ইফাল সিফাল হলেই,শাহুৱেকৰ কুকুৰে কাঁইট নোখোৱা গালি। এইবোৰৰ মাজত জীৱন পাৰ হৈছিল।

ফুটচাইৰে চৌকাত ৰন্ধা বাচন ধুই,ধুই হাত একেবাৰে ভেলভেলীয়া দিছিল। তথাপিও জীয়াই আছিল, একমাত্ৰ মানুহটোৰ মুখলৈ চাই।

ফুটাকঢ়ি এটাও লগত ননাকৈয়ে মানুহটোয়ে তাইক গ্ৰহণ কৰিছিল।সকলো থাকিও সেই সময়ত তাইৰ কোনো নাছিল। মানুহ টোৰ বাদে। সেই কাৰণে কেতিয়াবা তিৰোতা সেৰুৱা অপবাদো নোপোৱাকৈ থকা নাছিল মানুহটোয়ে। তথাপিও দেখোন লাহে লাহে সকলো কামতে পাৰ্গত হৈ,পলকতে কামবোৰ কৰিব পৰা হৈছিল তাইৰ । বিহুৰ সময়ত একেদিনাই বিছ,বাইছটা মানুহক শুধ পোছ কৰিছিল, হাঁহি মুখে।

পুৱা চাৰিটাতে উঠি তিনিখনকৈ চোতাল সাৰি,বাহি বন কৰি সকলোকে ভাগে ভাগে খোৱাৰ যোগাৰ দিয়ে। দৈনন্দিন কামত সকলো ওলাই যোৱা পাছত ঘৰৰ বাকী কামবোৰ সুকলমে কৰিছিল। ক্ৰমে পৰিয়াল বাঢ়িবলৈ ধৰিলে।দেওৰেক হঁতে বিয়া বাৰু কৰাই নিজৰ ভাগে ব্যস্ত হ'ল।এখন,ঘৰৰ পৰা সাতখন ঘৰ হৈছিল।

অভাৱগ্ৰস্ত হোৱাৰ বাবে আনৰ দৰে ঘৰ মাটি কৰিব নোৱাৰি থকা ঠাইতেই থাকি গৈছিল সিহঁত।

সকলোৰে প্ৰতি দ্বায়িত্ব পালন কৰি গৈছে, ল'ৰা, ছোৱালী বোৰ ডাঙৰ হৈ আহিল। ঘৰবোৰ ভাগ হোৱাৰ দৰে মনবোৰো ভাগ হ'ল।

সেই আদৰ,মৰম, এইবোৰৰ কোনো মুল্য নাথাকিল।সকলো যান্ত্ৰিক হ'ল।আগৰ দৰে তিনিখনৰ ঠাইত এখন চোতালো নোহোৱা হ'ল। কষ্টৰ মাজেৰে হ'লেও নিতী নিয়ম,সংস্কাৰ বোৰ মানি চলিছিল! কিন্তু আজিকালি মানুহে এইবোৰ কথা দেখোন অদৰকাৰী বুলিহে গণ্য কৰে।কবলৈ গলে তাইকেই অশিক্ষিত,বেকৱাৰ্ড বুলি হাঁহে।

বয়সৰ লগে লগেই তাইৰ দেহাটো অসুখীয়া হ'ল। তাই এতিয়া কাৰো প্ৰয়োজনত নাহে।যেন এটা অচল মুদ্ৰা।

আজিকালি বিহু, পূজা,পাৰ্বনটো তাইৰ কাষলৈ কোনো নাহে। ফোন এটা কৰি খবৰ এটা ও নলয় মৰিলেনে আছে বুলি। কাৰণ দেহত আজি সেই শক্তি নাই আনক কৰি খুৱাব পৰা।আনে আগত দিলেহে,খাবলৈ পায় গতিকে তাইৰ আজি প্ৰয়োজন নাই।

পুতেক,বোৱাৰীয়েক নহ'লে তাইৰ কাষত আৰু কোনো নাই,যাক এদিন নিজৰ দেহামাৰি কৰি খুৱাইছিল, সিহঁতে এতিয়া চিনিয়ে নাপাই তাইক।

চোতালত পৰি থকা সৰাপাত কেইখিলাৰদৰে আজি তাইৰ জীৱন।

তায়ো এখিলা "সৰাপাত"।

"মা আহক বিহুৰ দিনা কিয়নো মনটো মাৰি আছে, লগতে সকলোৱে চাহ, জলপান খাওঁ"!

বোৱাৰীয়েকৰ মাতত তাইৰ সম্বিত ঘুৰি আহিল। ইতিমধ্যে বোৱাৰীয়েকে চোতাল,ঘৰ সাৰি, পূজা অৰ্চনা কৰিও আজৰি হৈ পাকঘৰত সোমালগৈ। জলপান সজাই বিহুৰ দিনা সকলোকে মাতি আছে। উচ্চ শিক্ষাৰে শিক্ষিত হৈও বোৱাৰীয়েকে কিন্তু তাইৰ নিতী নিয়ম, সংস্কাৰ,বোৰক অনুসৰণ কৰে। অতীতৰ আৰু আধুনিকতাৰ লগ হৈ এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছিল এই সময়ত।তাই অহাৰ লগে লগেই,মালতী আৰু দেউতাকক সেৱা কৰি আশিৰ্বাদ ল'লে, পুতেক,বোৱাৰীয়েকে। তাৰ পাছত হে বিহুৰ আনন্দ। "ইমান সময় ৰৈ আছোঁ,ভোক লাগিছে দেই,আহা আহা!" পুতেকৰ কথা শুনি মালতীৰ মুখেৰে তৃপ্তিৰ হাঁহি এটি বাগৰি গ'ল।

মনতে ভাবিলে তাই "কাৰোবাৰ বাবে নহ'লেও জীৱনত আন কাৰোবাক সৰাপাতৰো প্ৰয়োজন হয়"!


✍️মামণি বৰঠাকুৰ।
মৰাণ,ডিব্ৰুগড়।



Post a Comment

0 Comments