দুখৰ দিন
মোৰ উশাহৰ চৌদিশে নতুন সুবাস
যাৰ চিনাকি দূৰ অতীততো নাছিল
এটি সজীৱ মনৰ দূৰ অতীত
কেনেকৈ যে হেৰাই থাকিব পাৰে
সৌ সিদিনাৰ প্ৰাণময়ী সুবাস।
কিতাপৰ বোজাৰে ভাৰাক্ৰান্ত মই
মাথো মই
কিতাপ পঢ়াৰ হেপাহ চিৰদিন চিৰন্তন
জানা সুবাসিত চুলিকোছা,
তুমি মোৰ মাতৃ
কিয়নো তোমাৰ বাবেই এদিন
নজনাকৈ শিকিছিলো
আৰু নুবুজাকৈ বুজি পাইছিলো
কিতাপ নো আচলতে কি ?
বাৰ্বী, তুমি নিজক ভালপাই আনৰ হ'লা
আৰু মই, তোমাক ভাল পাই নিজক হেৰুৱালো
আনে হয়তো ক'ব পাৰে, মোক প্ৰাণহীন ভাষ্কৰ্য বুলি
মোৰ যেন তেনেকুৱা নালাগে বাৰ্বী
কাৰণ মই তোমাক সচাকৈয়ে ভাল পাইছিলো।
এতিয়াটো তুমি নুবুজা, যিহেতু তুমি আনৰ
মোৰ অনুভৱ, তোমাৰ চকুৱে ঢুকি নাপায়
বুকুখনো উদাস নহয়, আৰু কাণ দুখনো
কিন্তু মই জানো, তুমি যাতনাৰ বাস্তৱৰে নাট্য সঙলাপ কোৱা,
আনৰ ঘৃণাৰ বাৰবনিতা এজনী।
মোৰ বিষাদ আৰু নিসঙগতাৰ উদাৰ সহযাত্ৰী
মই ভাল পোৱা কিতাপ আৰু স্বৰলিপি
যদিও মই তোমাৰ বাবে আকুল,অবুজন কিশোৰ
তথাপি মই যেন কব পাৰো বাৰ্বী
তুমি অবিহনেও মই সুখী
আমৰণ সুখী।
তামুলপুৰ বাকছা~অসম
0 Comments