পুনৰ মিলন :: অসমীয়া প্ৰেমৰ গল্প

পুনৰ মিলন

( চুটিগল্প)

: Excuse me

: Yes, আৰে তুমি? তুমি ইয়াত?

: Actually সেই চিটটো মোৰ হয় so.....

: yeah, sure. Actually মই কোনো‌ নহাৰ বাবে এনেই বহি আছিলো।

: Thank you

: তোমাৰ খবৰ কেনেকুৱা? ইয়াত কেনেকৈ? কোৱাচোন।

: মই অচিনাকী মানুহৰ লগত মোৰ পাৰ্চনেল লাইফৰ কথা পাতিব নিবিচাৰো আৰু মই আপোনাক চিনি নাপাও।

: আৰে নেইনা, তুমি এনেকৈ কিয় কৈছা? আৰু তুমি মোক চিনি নোপোৱা! সচাকৈনে?

: Please, don't disturb me. I am so tired already and I am not Naina. So please....

: বুজিছো, তুমি এতিয়াও মোক আগৰ দৰেই ভাৱি আছা কিন্তু......... হব দিয়া।

               নেইনা,  হয়।‌ তাই কোৱাৰ দৰেই তাই নেইনা নহয় কিয়নো তাইৰ আচল নাম যে নয়না শইকীয়াহে। নেইনা তাইক কোনোবাই দিয়া মৰমৰ নাম। যিটো নাম নেকি আজি পাঁচ বছৰৰ পৰা অৰ্থহীন হৈ গৈছে। আকৌ এবাৰ কাৰোবাৰ মুখত এইটো নাম শুনি অতীতলৈ গুছি গ'ল তাইৰ মনটো।

************ পাঁচ বছৰ আগৰ কথা ***********

: হাই নয়না.....

: হেল্ল'....

: তোমাৰ খবৰ ভালনে?

: হয় ভালে।

: পঢ়া- শুনা থিকে চলি আছে নহয়!

: হয়।

: আৰু.....

: মই এতিয়া যাওঁ নেকি মানে মোৰ ক্লাছলৈ দেৰি হৈছে।

: অহ, যোৱা আৰু চৰি দেই। তোমাক ৰখোৱাৰ বাবে বেয়া নাপাবা।

: নয়নাই মাথো এটি মিচিকিয়া হাহিৰে সেই ঠাইৰ পৰা বিদায় লয়।

              নয়না এজনী অৰ্থনীতি বিভাগৰ ষষ্ঠ ষান্মাষিকৰ ছাত্ৰী আৰু আনফালে‌ হৈছে নিলাভ গোস্বামী , যিয়ে নেকি আজি এবছৰ মানৰ পৰাই সদায় ৰাতিপুৱা নয়নাৰ কলেজৰ সন্মুখত ৰৈ থাকে। একমাত্ৰ নয়নাক এবাৰ চোৱাৰ হেঁপাহতে। নয়নাৰ চকুটো পৰিছে সি কিন্তু সাহসে কৰিব নোৱাৰে তাইক তাৰ মনৰ কথা কবলৈ । কিবাকৈ সাহস গোটাই আজি এমাহ আগত তাইক মাত দিছে। কিন্তু সদায় খা-খবৰ লৈয়ে গুছি যায়। এইবাৰ যিহেতু তাইৰ লাষ্ট চেমিষ্টাৰ আৰু পৰীক্ষা দি গুছি গ'লে তাৰ মনৰ কথা মনতেই ৰৈ যাব সেয়েহে সি থিৰাং কৰিছে যে তাইৰ পৰীক্ষা শেষ হবৰ দিনা তাইক সকলো খোলা-খুলিকৈ কৈ দিব। কথামতেই কাম, পৰীক্ষা শেষ হোৱাৰ পিছত নয়নাক আহি থকা দেখা পাই নিলাভ আগবাঢ়ি গ'ল।

নিলাভ-- হাই নয়না, পৰীক্ষা কেনে হ'ল?

নয়না-- হাই, ভালে হৈছে।

নিলাভ-- নয়না, তুমি যদি বেয়া নোপোৱা তুমি মোৰ লগত এঠাইত যাবা নেকি মানে মোৰ তোমাক অলপ কথা কবলগীয়া আছিলে!

নয়না-- ইয়াতেই কব পাৰিব দেখোন!

নিলাভ-- ইয়াত....... আচলতে মই........ বেছি সময় নলও মই যদিহে তুমি যাব বিচৰা!

নয়না-- কিন্তু?

নিলাভ-- I know. তুমি মোৰ বিষয়ে একো নজনা তাৰোপৰি তুমি আজিলৈকে মোৰ নামটোয়ে শোধা নাই কিন্তু তুমি মোক বিশ্বাস কৰিব পাৰা। প্লিজ ..... তুমি যিহেতু কাইলৈ গুছিয়ে যাবা so please.....

         তাই তাৰ কথাত একপ্ৰকাৰ আচৰিত হয় কিয়নো তাৰ কথাৰ পৰা এনে লাগিছে যেন সি তাইৰ বিষয়ে সকলো জানে কিন্তু তাইহে তাৰ নামটোও‌ নাজানে কেৱল মাত্ৰ চকুৰ চিনাকীহে। কিন্তু সি কেনেকৈ জানিলে তাই যে কালি হোষ্টেলৰ পৰা একেবাৰে গুছি যাব! তাই তাৰ অনুৰোধক অৱজ্ঞা কৰিব নোৱাৰি তাৰ লগত গাড়ীত উঠিলে। সি তাইক এখন ধুনীয়া মুকলমুৰীয়া পাৰ্কলৈ লৈ আহিল। পাৰ্কখনত সেইটো সময়ত বৰ বেছি মানুহ নাছিল। মাত্ৰ দুই- এজনহে আছিল তাকো সিহঁতৰ পৰা দূৰত আছিল। তাই তাৰ কথা মতে‌ এঠাইত বহি ল'লে। সিয়ো তাইৰ অলপ দূৰত বহি ল'লে।

নিলাভ-- নয়না, তুমি মোৰ বিষয়ে জানানে?

নয়না-- তাই নহয়সূচক ইংগিতেৰে মাথো মূৰটো লৰালে।

নিলাভ-- ওম কিন্তু মই তোমাৰ বিষয়ে সকলো জানো। বাৰু, এতিয়া মই মোৰ পৰিচয় টো দিওঁ। মোৰ নাম নিলাভ মানে নিলাভ গোস্বামী। মোৰ প্ৰকৃত ঘৰ মঙলদৈত কিন্তু এতিয়া আমি ইয়াতেই মানে গুৱাহাটীৰে স্হায়ী বাসিন্দা । মোৰ পৰিয়ালত মা- দেউতা আৰু মই। মই তেওঁলোকৰ অতি মৰমৰ একমাত্ৰ সন্তান আৰু মই এজন‌ চিকিৎসক মানে ডাক্তৰী পাছ কৰি নিজাকৈ চেম্বাৰ খুলি নতুনকৈ কৰ্মজীৱনৰ পাতনি মেলিছো। এয়াই মোৰ পৰিচয়।

         তাৰ ঘৰ মঙলদৈত বুলি কওতে তাইৰ মনটো কিবা এটা ভাল লাগি গৈছিল কিয়নো তাইৰো যে ঘৰ মঙলদৈত। সি যেতিয়া এজন ডাক্তৰ বুলি কৈছিল তাইৰ চকু কপালত উঠিছিল। ভাৱিছিল, এইজন এজন ডক্তৰ? কিন্তু দেখাত যেন নালাগেই, বয়সে বা কিমান হৈছে! হয়তু ২৭/২৮!

নিলাভ-- নয়না, কি হ'ল একো নকলা যে.....? তাই মনে মনে থকা দেখি তাৰ অলপ চিন্তাও হৈছে।

নয়না-- নাই...... একো হোৱা নাই।

নিলাভ-- তুমি ইয়াত uncomfortable feel কৰিছা নেকি? মানে..... মোৰ লগত...............

নয়না-- না....নাই.......

নিলাভ--তেনেহ'লে ইমান লাজ কিয় কৰিছা?

নয়না-- না....নাই....মানে

নিলাভ-- হব বাৰু, বুজিছো। মই তোমাক এটা বিশেষ কথা কবলৈহে ইয়াত লৈ আহিছো।

নয়না-- কি কথা

নিলাভ--মানে মোৰ মনৰ মাজত চলি থকা ধুমুহা জাকৰ উমান দিব বিচাৰো তোমাক যদিহে তুমি অনুমতি দিয়া।

নয়না-- কওকচোন । তাই ভয়ে ভয়ে ক'লে।

নিলাভ-- আচলতে তোমাক প্ৰথম দেখাৰ দিনাৰ পৰাই নাজানো কিয় কিন্তু মোৰ মনটোই তোমাক কেৱল মোৰ কাষতে বিচাৰে আৰু সেই কাৰণেই মই তোমাক চাবলৈ সদায় আহো। আৰু এনেকৈয়ে কব নোৱাৰাকৈয়ে মই কেতিয়া তোমাৰ প্ৰেমত পৰিলো গমেই নাপালো আৰু এতিয়া মই মোৰ হৃদয়ত তোমাৰ বাহিৰে আন কাৰোবাক কেতিয়াও স্হান দিব নোৱাৰোঁ গতিকে মই তোমাক চিৰজীৱনৰ বাবে নিজৰ কৰি লব বিচাৰো। মই তোমাক বিয়া কৰাব বিচাৰো নয়না।

নয়না-- কি? বিয়া? এতিয়াই..... ইমান সোনকালে মই বিয়া হব নোৱাৰো।

          নয়নাই প্ৰায় চিঞৰি উঠে বিয়াৰ কথা শুনি। তাই অলপ অনুমান কৰিছিল যে সি হয়তু তাইক প্ৰপোজ কৰিব কিন্তু এনেকৈ যে বিয়াৰ প্ৰস্তাব দিব তাই মুঠেও ভৱা নাছিল‌ আৰু এতিয়া নিজকে বৰ অসহায় যেন লাগিছে যিহেতু এনেকুৱা এটা প্ৰস্তাৱৰ কাৰণে তাই কেতিয়াও প্ৰস্তুত নাছিল।

নিলাভ-- নয়না ৰিলেক্স। আচলতে মই চিনেমাত কোৱাৰ দৰে ইমান ধুনীয়াকৈ প্ৰেমৰ প্ৰ'পৰজেল দিব নাজানো so মুখেৰে কি কৈ পেলালো মই গমেই নাপালো । বিয়ালৈ বাৰু মইও এতিয়াই সাজু নহয়। তুমি ভয় খাব নালাগে কিন্তু তোমাৰ ‌উত্তৰটোহে মোক এতিয়া লাগে।

তাই একো নকয় মাথো লাজ লাজকৈ তলৰফালেই চাই ৰয়।

নিলাভ-- কোৱা আকৌ কিবা এটা

নয়না-- আমি এতিয়া যাওঁ নেকি মানে দেৰি হ'লে.....

নিলাভ-- তাৰমানে তুমি মোৰ প্ৰস্তাৱটো.........

: ...................

নিলাভ-- কিবা এটাটো কোৱা। মই এতিয়া কি বুলি ভাৱিম!

নয়না-- মোক অলপ সময় দিয়ক।

নিলাভ-- নিশ্চয়, তোমাক যিমান সময় লাগে তুমি লোৱা। বাৰু, তোমাৰ উত্তৰ টো জানিবলৈ তোমাৰ ফোন নম্বৰটো পাম নেকি?

তাই দিওঁ- নিদিও কৈ তাক ফোন নম্বৰটো দিলে। অলপ সময়ৰ পাছত তাইক সি হোষ্টেলৰ সন্মুখত থৈ গ'ল।

       হোষ্টেল খন আৰু লগৰবোৰক একেবাৰে এৰি থৈ যোৱাৰ দুখটো যদিও লাগি আছিল কিন্তু নিলাভৰ কথা ভাৱি মনটোত অলপ আনন্দও লাগি আছিল নয়নাৰ কিয়নো তাই নিলাভৰ দৰে প্ৰেমিক এজন পাই অতিকৈ সুখী যদিও তাইৰ মনৰ কথা তাক এতিয়ালৈ কোৱাই নাই। তাই মনতে ভাৱিলে ঘৰত গৈহে তাক কৈ দিব তাইও যে তাক ভাল পাব লৈছে হয়তু তাৰ বিষয়ে একো নাজানোতেই তাই তাৰ প্ৰেমত পৰিব ধৰিছিল।

***************

      আজি নয়না আকৌ গুৱাহাটীলৈ আহিল এম. এ. কৰিবলৈ। নিলাভ যে বহুত সুখী তাইক যিহেতু এতিয়াৰ পৰা মন গলেই লগ পাব পাৰিব। এনেইওতো সিহঁতৰ ইমান দিনে ফোনতহে কথা হৈ আছে।

         তেনেকৈয়ে সিহঁতৰ দিনবোৰ পাৰ হব ধৰিলে। তাইও পঢ়াত ব্যস্ত হৈ পৰিছে বেছিকৈ আনফালে নিলাভৰো চেম্বাৰত পেচেন্তৰ পৰা আহৰি নোহোৱা হৈছে।

         আজি নিলাভৰ জন্মদিন উপলক্ষে হোটেল ৰেডিচন ব্লুত এটা পাৰ্টি এৰেঞ্জ কৰিছে য'ত কেৱল মাত্ৰ তাৰ ফ্ৰেণ্ড খিনিকে নিমন্ত্ৰণ দিছে । নয়না যাব বিচৰা নাছিল যিহেতু তাই তাৰ ফ্ৰেণ্ডবোৰক ভালকৈ চিনি নাপায়। কেৱল মাত্ৰ মিলিকহে চিনি পাই, মিলি নিলাভৰ শৈশৱৰ বান্ধৱী। উপায় নাপাই তাই নিলাভৰ লগত আহিল পাৰ্টীলৈ।

নিলাভ-- নেইনা, ইমান কিয় লাজ কৰিছানো? মই আছো নহয়!

নেইনা মানে নয়না, নিলাভে মৰমত মতা নাম।

নয়না-- নীল, তেনেকুৱা কথা‌ নহয় হলেও দিয়াচোন।

নীল হৈছে নয়নাই নিলাভক মতা নাম।

নিলাভ-- It's ok....... মই আছো‌ তোমাৰ লগত।

          সকলোৱে বহুত ফূৰ্তি কৰিলে, কেক কাটিং হোৱাৰ পিছত সকলোৱে খোৱা লোৱা কৰি গুছি গ'ল। নয়নাইও‌ যাবলৈ ওলাই নীলক দেখা নাপাই তাক বিচাৰি বাহিৰলৈ গৈ যিটোহে দেখিলে যেন তাইৰ মূৰৰ ওপৰৰ আকাশখনহে খহি পৰিল। অলপ আন্ধাৰ ছায়াত নীলে এজনী ছোৱালীক সাৱতি ধৰি কৈ আছে......

নীল-- I love you my sweetheart I love you very much......মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো। মই তোমাক অতি সোনকালেই নিজৰ কৰি লব বিচাৰো। I love you my love....❤

          নয়নাই আন্ধাৰ ছায়াৰ বাবে ছোৱালীজনীৰ মুখখন দেখা নাই তাতে আকৌ তাইৰ ফালে পিঠি দি আছে আচলতে ছোৱালীজনীয়ে নীলক পিছফালৰ পৰা সাৱতি ধৰি আছে। তাই আৰু চাই থাকিব নোৱাৰিলে।

নেইনা-- নীল......

নীল-- নেইনা....

          সি তেতিয়াহে তাক ধৰি থকা ছোৱালীজনীক চাই দেখে, সেইয়া মিলি। তাৰ শৈশৱৰ বান্ধৱীহে যাক সি নয়না বুলি ভাৱি আছিল। লগে লগে সি তাইক থেলা মাৰি দি নয়নাৰ ওচৰলৈ দৌৰ দিলে। ছোৱালীজনী মিলি বুলি গম পাই তাই আৰু এটা ডাঙৰ আঘাত পালে।

নিলাভ-- নেইনা, নেইনা প্লিজ তুমি ভুল নুবুজিবা।

নয়না-- বাহঃ নীল বাহঃ । অহ চৰী, মিঃ নিলাভ গোস্বামী, তুমি কিন্তু মোক ভালকৈয়ে ঠগন দিলা দেই। মানিছো আপোনাক।

নিলাভ-- তুমি মোক ভুল বুজিছা নেইনা

নয়না-- হব। আপোনালোকৰ গোপন অধ্যায় মোৰ চকুৰ আগত পৰাৰ পিছত মোক আৰু আপোনালোকে বুৰ্বক বনাব নোৱাৰে। মই আগতেই ‌যদি ফটোবোৰ চাই বিশ্বাস কৰিলো হয় তেনেহলে আজি এইবোৰ‌ দেখা পাবলগীয়া নহ'লহেতেন!

নিলাভ-- ফটো? তুমি এইবোৰ কি কৈ আছা আৰু কি ফটোৰ কথা কৈ আছানো?

নয়না-- হব, এতিয়া মোক শুধিব নালাগে। আজিৰ পৰা আমাৰ সম্পর্ক‌ ইমানতে শেষ। মোক আৰু কেতিয়াও কণ্টেক নকৰিবা।

নিলাভ-- নেইনা শুনাচোন প্লিজ মোৰ কথা এবাৰ শুনাচোন।

মিলি-- তাইক যাবলৈ দিয়া নিলাভ। তোমাৰ লগত মই আছো।

নিলাভ-- তুমি এইবোৰ কি কৈ আছা?

মিলি-- অহ, মই ঠিকেই কৈছো। তাইক যাবলৈ দিয়া। তাইৰ সলনি তোমাক মই মৰম দিম। মই তোমাক বহুত ভাল পাও নিলাভ।

নিলাভ-- What rubbish তুমি এইবোৰ কি বলকি আছা? আৰু নয়নাই মোক কি ফটোৰ কথা ক'লে?

মিলি-- মানে মইয়ে তাইক আমাৰ দুটাৰ ফটো এডিটিং কৰি দিছিলো কেইদিনমান আগতে যাতে তাই তোমাৰ জীৱনৰ পৰা আতৰি যায় আৰু সেইবোৰ দেখাৰ পিছতো তাই আতৰি নোযোৱাৰ বাবে আজি মই ............

নিলাভ-- চিহঃ তোমাক মোৰ বান্ধৱী বুলি ‌কবলৈও লাজ লাগিছে। তুমি ইমান ঘৃণণীয় কাম কৰিব পাৰানে! চিহঃ

মিলি-- মই এইবোৰ কেৱল তোমাক পাবলৈয়ে কৰিছো নিলাভ। প্লিজ মোক এক্সেপ্ত কৰা।

          নীলে তাইক লগে লগে একচৰ মাৰি দিলে লগতে তাইৰ লগত সকলো সম্পৰ্ক শেষ কৰি তাইক তাতেই এৰি সি নয়নাৰ ওচৰলৈ গ'ল‌। কিন্তু ‌নয়নাক ৰুমত নাপালে। সেয়াই সিহঁতৰ ‌শেষ সাক্ষাৎকাৰ। সি তাইক বহুত বিচাৰিও বিচাৰি‌ নাপালে। ছমাহমান পিছত মুম্বাইলৈ ভাল সুবিধা এটা পাই আপোন চহৰখন, আপোন‌ মানুহখিনিক এৰি গুছি আহিছিল। গুছি অহাৰ একমাত্ৰ কাৰণেই আছিল‌ নয়না কিয়নো সি তাইক হেৰুৱাই সম্পূৰ্ণ ৰূপে ভাঙি পৰিছিল আৰু ‌তাক তেনেকৈ কষ্টত দেখি তাৰ মাক- দেউতাক হালেও যথেষ্ট কষ্ট পাই আছিল লগতে নেইনা ৰ স্মৃতিয়ে তাক তাত শান্তিত থাকিব দিয়া নাছিল সেয়ে সি তাৰ পৰা একপ্ৰকাৰ পলাইছিল।

          আৰু আজি সুদীৰ্ঘ পাছবছৰৰ মূৰত নীল আৰু নেইনাৰ পুনৰ‌ সাক্ষাত কাৰ মুম্বাই এয়াৰপৰ্টত প্লেনৰ ভিতৰত। আচলতে, নীল এতিয়া মুম্বাইৰ এজন সফল চিকিৎসক। আজি পাছবছৰৰ মূৰত সি ঘৰলৈ যাব ওলাইছে আৰু নয়না এতিয়া মঙলদৈ কলেজৰ অৰ্থনীতি বিভাগৰ এগৰাকী অধ্যাপিকা। তাই মুম্বাইলৈ ফ্ৰেইণ্ড এজনীৰ বিয়াত আহিছিল ।

নিলাভ-- নেইনা......

তাৰ মাততহে তাই বৰ্তমানলৈ ঘূৰি আহিল।

নিলাভ-- নেইনা, তুমি কিন্তু বহুত সলনি হ'লা!

নয়না-- ............

নিলাভ-- এতিয়াতো চাগে তুমি তোমাৰ সংসাৰক লৈয়ে ব্যস্ত,নহ!

     তাই এইবাৰ তাৰফালে অলপ কেৰাহিকৈ চালে। এতিয়া হে সি তাইৰ উকা কপালখন দেখি মনত অলপ শান্তি লভিলে, নহলেতো ইমান দিনে সি তাইৰ বিয়া হোৱা বুলিয়ে ভাৱি আছিল।

নিলাভ -- অহ,চৰী। তুমি তাৰমানে এতিয়াও বিয়া হোৱা নাই। কিন্তু কিয়?

নয়না-- মোৰ লাইফ মোৰ কথা । তাত বেলেগৰ মাত মতা অধিকাৰ নাই।

নিলাভ-- তুমি মোকো তেনেকৈ কব পাৰানে?

নয়না-- প্লিজ, মোক ডিষ্টাৰ্ব কৰি নাথাকিব নহলে মই কমপ্লেইন কৰিবলৈ বাধ্য হম।

     তেনেকৈয়ে তিনিঘণ্টাৰ সময় পাৰ কৰি সিহঁতে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেচনেল এয়াৰপৰ্টত নামে আহি। নীল উঠি যাওঁতে কিবা এটা পৰি গ'ল তাৰ বেগৰ পৰা। তাই নুঠাও বুলি ভাৱিও উঠালে।‌ তাই চাই দেখে সেইখন তাৰ ডায়েৰী। তাই ডায়েৰীখন দেখি আচৰিত কিয়নো যিটো ল'ৰাই কোনো দিনেই ডায়েৰী লিখি পোৱা নাছিল আজি তাৰ বেগত ডায়েৰী। তাই প্ৰথম পেজটো খুলি চাই আচৰিত হ'ল কিয়নো সেই পেজটোত সিহতৰ জীৱনৰ অভিশপ্ত ৰাতিটোৰ কথা লিখা আছিল লগতে এই পাচবছৰৰ এটা এটা দিন যিবোৰ সি মৰি মৰি জীয়াই আছে তাইৰ অবিহনে। তাই পঢ়া শেষ কৰে মানে এয়াৰপৰ্টতে দুঘণ্টামান হৈ গ'ল। তাই লগে লগে তাৰ পৰা নীলৰ ঘৰলৈ গ'ল। গৈ দেখে সি মাকহঁতৰ লগত বহি চাহ খাই আছে।

নয়না-- নীল........

        নিলাভে হঠাতে তাক তেনেকৈ কোনোবাই মতা দেখি ঘূৰি চাই দেখে নয়নাই কান্দি কান্দি ৰৈ আছে।

নিলাভ-- নেইনা, তুমি ইয়াত? আৰু কান্দিছা কিয়? সকলো ঠিকে আছে নহয়! নেইনা......please tell me.....Naina

      সিহঁত দুটাক অকলে এৰি দি মাক-দেউতাক ভিতৰলৈ গুছি গ'ল।

নয়না-- আই এম চৰী নীল, আই এম ৰিয়েলী ভেৰি চৰী। মই বহুত ডাঙৰ ভুল কৰিলো তোমাক বিশ্বাস নকৰি। মই সঁচাই এজনী বহুত বেয়া ছোৱালী। তুমি মোক যি শাস্তি দিয়া দিব পৰা । মই একমাত্ৰ শাস্তিৰেই যোগ্য। তুমি.....তুমি .....মোক ক্ষমা কৰি দিবানে নীল?

নিলাভ-- হেই নেইনা ৰিলেক্স, তুমি কান্দিছা কিয়? মই জানো, ইয়াত তোমাৰ একো ভুল নাই। মিলিয়ে জানি - বুজিয়ে এইবোৰ কৰিছিল। এতিয়া সেইবোৰ বাদ দিয়া। আমি যে পুনৰ লগ পালো সেয়াই যথেষ্ট।

নয়না-- কিন্তু মোৰ কাৰণেই আমি ইজনে সিজনৰ পৰা পাঁচ বছৰ দূৰত থাকিব লগীয়া হ'ল! মোক ক্ষমা কৰি দিয়া নীল। আই এম চৰি ।

নিলাভ-- It's ok Naina.... I love you I love you very much❤️

নয়না-- I love you too ❤️ Nill

নিলাভ ৰ দেউতাক-- এতিয়া পিছে আমি আৰু দেৰি নকৰি সোনকালে বিয়াখন পাতি দিয়াৰহে কথা, নে কি কোৱা!

নিলাভৰ মাক-- অহ, আপুনি ঠিকেই কৈছে। এতিয়া দৰা-কইনা ৰাজি যেতিয়া আমিও আমাৰ দায়িত্ব খিনি পালন কৰিব লাগে আৰু 😃হি.....হি..... হি...........

মাক-দেউতাকৰ কথাত সিহঁতেও একেলগে হাঁহি দিলে।

     পাঁচ বছৰ পাছত আজি এহাল বিচ্ছেদ হোৱা প্ৰেমিক যুগলৰ পুনৰ মিলন হ'ল। কোৱা হয় নহয়, সত্যৰ সদায় জয়। সত্যটো পলমকৈ হ'লেও এদিন পোহৰলৈ আহিবই ঠিক তেনেকৈ সঁচা প্ৰেমৰো মিলন নিশ্চিত।

********* সমাপ্তি **********


✍️শিল্পী শিখা নাথ


Post a Comment

0 Comments