অনুতপ্ত হৃদয় || অসমীয়া দুখৰ কবিতা - By Assamese Poem

অনুতপ্ত হৃদয়

সিদিনা বৰষুণ জাক ৰোমান্টিক ভাৱেই সৰিছিল I
হাতত ছাতি আছিল ,
কিন্তু তুমি তিতা দেখি তিতিছিলো মই
উপচি গৈছিল প্ৰেম ,
প্ৰেম বৰষুণ বান আনিছিল দুয়োৰে হৃদয়‌।
কেনেকৈ কবা সেই বৰষুণ জাক বেইমান বুলি ।
বেইমান নাছিল , বেইমান আছিলো মই ।
বেইমান আছিল মোৰ হৃদয় ।

পাগলৰ দৰে সপি দিয়া হৃদয়
সিদিনা সীমান্তৰ সৈনিকৰ বুকু সৰকি চালনি দৰে

হৈ পৰা বুকুখনৰ বিষাদবোৰ , চকুলো নাম পাইছিল ।
শ্যালা . ... অনুতপ্ত বুলি কবলৈও লাজ লাগিছে ।
কি লাজ কৰিছো , কিয় কৰিছো
হাৰি যোৱা পথিক , তুমি জয়ী হোৱা
আকাশলংঘী শিমলু ।

কি লৈ আকৌ ভিক্ষা পাত্ৰ মেলি দিম
তোমাৰ বুকুৰ মাজলৈ , নিলাজ প্ৰেমিকৰ দৰে ।
ক্ষমা কৰি দিবা বুলি ক'লেই জানো দিবা
শ্যালা ... ধিক্কাৰ উপজিছে বুলি কবলৈ লাজ লাগিছে ।

বিষাক্ত হৈ পৰা বায়ুৱে
কলিজাটো ফুটা কৰিছে ।
তুমি সতেজ বতাহ লগাই বেছ দেখনীয়াৰ হৈছা ।
শুকাই গৈছো মই ,
মৰহি গৈছে মোৰ প্ৰেম ।

সিদিনাৰ বৰষুণ জাক বৰ মিঠা আছিল ন
তুমি তিতিছিলা বাবেই মই হাতত ছাতি থাকিও তিতিছিলো ।‌
অনুতপ্ত বুলি ক'বলৈ লাজ লাগিছে ।‌
লাজ কৰি কি লাভ ,
লাজত ভয় আছে ।
ভয় ও , ভয় হেৰুৱাৰ ভয় ।‌
বিষাদৰ ভয় ।
শ্যালা .... ভয় ‌, ভয় শব্দটো সিদিনা গুচি গৈছিল ।‌
মানুহবোৰে চাইছিল , তথাপিও কাষ চাপিছিলো
তোমাৰ , হাতত হাত ধৰিছিলো বৰষুণৰ খোজত খোজ ।
বুকুখন সিদিনা সীমান্তৰ সৈনিকৰ গুলি ভেদা
বৰষুণ জাকৰ দৰে হৈছিল।
আজি মোৰ সেই একেই উচুপনি
সেই একেই বিষাদ , একেই চকুলো ।

অনুতপ্ত বুলি কবলৈ লাজ লাগিছে ।

✍️ ধনজিৎ



অৱহেলা

পানী গছকি পাৰ হৈছিল নাও
নদীৰ মাজত ককবকাইছিল
এটা জীৱ নোহোৱা ঘৰিয়াল ।
নাম দিছিলো জীৱন ।

বতাহত সৰি পৰিছিল এজাক তৰা ।
জীৱন হোৱাৰ কাহিনী
হেৰুৱা বোৰ নাপাও
নেহেৰুৱাবোৰ থাকি নাযায় লগত ।

এটা সমীকৰণ
যোগ বিয়োগ পূৰণ হৰণ
শিপা গজোৱা অৱহেলাই
কৰিছিল যোগ ।
জীৱন, পানী গচকি নাওত খুন্দিয়াইছিল ।

পৰা নাছিল সাতুৰিব
মাছবোৰে অৱহেলা কৰিছিল


ডাঙৰ মাছৰ স্বাৰ্থ আছিল
সৰু বোৰৰ ভয় আছিল ।

তথাপিও জীৱনে অৱহেলাক
যোগ কৰি পাৰ পাইছিল

সংগ্ৰামৰ ফল বিজয় হৈছিল ।।


✍️ধনজিৎ

Post a Comment

0 Comments