Very sad assamese love poem :: তুমি মাথোঁ সুখী হোৱা

তুমি মাথোঁ সুখী হোৱা

নিশা গভীৰলৈ সদায়ে সাৰে থাকিছিলো মই ।
মোৰ প্ৰতিটো পুৱাৰ আৰম্ভণি আছিল,
তোমাৰ এটি ফোন কল, আৰু
তোমাৰ মৰমৰ এষাৰ মাত ।
তোমাৰ মৰমৰ মাতষাৰ মোৰ বাবে আছিল এক নিচা ।
তোমাৰ মৰমৰ মাতষাৰতেই সামৰি ৰাখিছিলোঁ,
মোৰ সমস্ত দুখ-যন্ত্রণা।
কিন্তু সময়… …….
সময় জানোঁ ৰৈ থাকে ।
সময় গতিশীল, ই বৈ থাকে নদীৰ দৰে ।
সময়ৰ সোঁতত সলনি হয় মানুহৰ মন ,
ভাল লগাবোৰো হৈ পৰে অসহ্যকৰ যন্ত্রণা ।
হ'ব পাৰে তোমাৰ জীৱনত এতিয়া মোৰ উপস্থিতি অস্তিত্বহীন ।
কিন্তু কাঢ়ি ল'বওতো নোৱাৰা, তোমাৰ প্রতি থকা
মোৰ সেই বিশেষ অনুৰাগ ।
মইতো কেতিয়াও ভবা নাছিলোঁ,
বিশ্বাসঘাতকতাৰ দৰে বিকৃত ৰূপটো তুমি ঢাকি ৰাখিবা ,
সৰলতাৰ প্ৰলেপেৰে ।
মোৰ কল্পনাতীত আছিল ,তোমাৰ অবিহনে যে
পাৰ কৰিব লাগিব প্ৰতিটো পুৱা ।
সাগৰৰ লগত তুলনা কৰিছিলোঁ তোমাক ।
তুমিতো সাগৰ নোহোৱা, তুমি মাথোঁ
সাগৰৰ বুকুত অতৰ্কিতে উদ্ভৱ হোৱা এক বৃহৎ ছুনামি ।
যাৰ কোনো লক্ষ্যই নাই,
সাগৰৰ সৌন্দর্য বিনস্ত কৰাৰ দৰে, আছিল মাথোঁ
হৃদয় বিধ্বস্ত কৰাৰ এক পৰিকল্পনা ।
প্ৰেম মানেই জীৱন নহয় ।
প্ৰেম এক স্বৰ্গীয় অনুভূতি ,নিষ্ঠুৰ বাস্তৱৰ কঠিন শিলত পৰিও খণ্ড-বিখণ্ড নোহোৱা এক অনুভৱ ।
অৰ্থহীন সেই প্রেম যিয়ে, নিশিকাই ত্যাগ কি?
সেই মৰমো অৰ্থহীন যি সময়ৰ সোঁতত সলনি হয়।
কেৱল তোমাক সুখী কৰিবলৈ এ মেলি দিছোঁ!
মোৰ এই নিসংগ যাত্রা ,
মাথোঁ সুখী হোৱা ।


✍️দীক্ষাশ্ৰী ।



Very sad assamese love poem :: তুমি মাথোঁ সুখী হোৱা :: Assamese Poem - Assamese Kobita – Asomiya Poem – Asomiya Kobita – Assamese poetry – Assamese poet - Axomiya Kobita - Assamese Love Poem

Post a Comment

0 Comments