Assamese famous poem || অসমীয়া কবিতা

নিৰবত

মাজৰাতি নিৰবতা সাবটি
বৈ আহিল মোৰ ,,,,,,,,,,,,,
তেজৰ অশ্ৰু সাগৰ।
এজাক কুকুৰৰ বিকট
চিঞঁৰত,,,,,,,,,,,
সুৰ মিলাই উলাই আহিল
মোৰ ৰঙা কলিজাৰ বেদনা।
কোনোবা অতৃপ্ত প্ৰেতাত্মাৰ
উচুপনিত,,,,,,,,,,,,
নিৰৱতা ভাঙিল নিশাৰ গভীৰতা।
নিদ্ৰাত মগ্ন শিশুটো চকখাই
কান্দিবলৈ ললে হাত ভৰি আচাৰি।
অবাধ গতিৰে বিচৰণ কৰা
সপোনটোৱে,,,,,,,,,,,,,,
বাট ললে কোনো এক অজ্ঞাত স্থানলৈ।
বাস্তৱক সাবটি জীয়াই থকাৰ
প্ৰতিশ্ৰুতিৰে আগবাঢ়ি আহিল
পুৱাৰ পোহৰ,,,,,,,,,,,,।

✍️ বিটুমনি কোঁছ

Read Assamese Famouse Quotes Click here

তেওঁৰ অপেক্ষাত

মাজে মাজে সময়বোৰ দুঃসময় হয়
বিশ্বাস বোৰ অবিশ্বাস
আৰু------
বাস্তৱবোৰ সন্দেহৰ আৱৰ্তত।

কাৰোৰে কাম্য নহয়
উন্মুক্ত নাইবা শামুকৰ জীৱন।
য'ত-------
নিজক উদঙাবলৈ নাইবা নিজক লুকুৱাবলৈ
এটা টান খোলাৰ প্ৰয়োজন।

কেনেকৈ বুজাব পাৰি তেওঁক....
মৌনতাই শ্ৰেষ্ঠ ভাষা,
যন্ত্ৰনাকাতৰ হৃদয়ত যেতিয়া শব্দ হেৰাই
ওঁঠ আৰু চকুত ওলমি ৰয়
অমৱস্যাৰ এখন আকাশ।

তেওঁ বুজিবনে কেতিয়াবা...????
অপেক্ষাৰ অন্তত এটা হেঁপাহৰ পুৱাত
সপোনৰ মৃত্যুত পি থোৱা যায়
এপিয়লা হালধীয়া শোক।।।

✍️ ***বৰ্ণালী ***


Read Assamese Famouse Quotes Click here

সংকল্প

কলিজাৰ মাজত জীপাল
হৈ থকা মান,অভিমান,সুখ,দুখ
এইবোৰৰ জানো কোনো
সংজ্ঞা আছে?
আভিজাত্যৰ মেৰপাকত সোমাই
কোনো সম্পৰ্কই স্থায়ী নহয়।
স্থায়ী হয় মাথো মানুহে মনতে
পুহি ৰখা অনুভৱ খিনিহে।
ক্ৰংকিটৰ এই দুনীয়াখনত
সঁচা মৰম,ভালপোৱাৰ অভাৱে
মানুহক কৰি তুলিছে
ৰংহীন,বৰ্নহীন আৰু প্ৰানহীন।

সঁচা নৈতিকতা,সঁচা মানৱতা
এই সকলো স্খলিত হৈছে
মনৰ পৰা।
মানুহে পাহৰি গৈছে
আকাশৰ বিশালতা
পাহৰি গৈছে কিমান গভীৰতা
থাকিলে সাগৰ নাম লয়
কিমান বিশালতা আৰু উদাৰতাৰ সংমিশ্ৰনত
আকাশ নদী হয়
নদী হয় হৃদয়।
অনুভৱ কৰিবলৈ নিসংগতা
নামৰ বৰ্নমালাৰ এই শব্দটিৰ
বৰ প্ৰয়োজন।
আজি মোৰ সোৱে-বাৱে
কেৱল নিসংগতাৰ সৈতে
মিতিৰালি।
সেইবাবে মোক অনুভৱে বহুকথা শিকাইছে
মোৰ প্ৰাত্যহিক জীৱনটোত।

আশা-আকাংক্ষা,মানুহৰ
জীৱনবোধ
পোৱা-নোপোৱাৰ কথা এই
সকলোবোৰৰ বাবে প্ৰাৰ্থনাও
কৰা নাছিলো মোৰ পৰমপিতাৰ ওচৰত।
সকলো আত্মীয়ৰ
সময়ৰ তাগিদাত বিছিন্ন হৈ গ'ল।
কিন্ত মোৰ হিয়াৰ আমঠু
আত্মীয় সকলে স্থায়ী ৰূপ
পালে।
মোৰ শুভাকাংক্ষী এজনে
কৈছিল......
তুমি তোমাৰ সমস্ত দায়িত্ব ও
কত্তব্য পালন কৰি যোৱা
পিছলৈ নাচাবা।
যি দিনাই পিছলৈ চাবা
দেখিবা
তুমি য'তেই মোক ৰাখিছিলা
তাতেই বিচাৰি পাবা।
এইয়াই হৈছে
হৃদয়ৰ এক অনাবিল তথ্য
বিশ্বাস আৰু সংকল্প।

✍️ ববিতা গোস্বামী
২৪।২।২০২১
যোৰহাট।

Read Assamese Famouse Quotes Click here

Post a Comment

1 Comments

  1. সত্যিই অসাধারণ হয়ছে


    আমাদের দুইটি সাইটে আপনি,
    Comment BackLink করতে চাইলে
    করতে পারেন ! আমার সাইটের নাম


    www.webangali.com


    www.bd-express.top

    ReplyDelete