Assamese Heart touching Poem || মই ধৰ্ষিতা ছোৱালী জনীয়ে কৈছো || Assamese famous poem

মই ধৰ্ষিতা ছোৱালী জনীয়ে কৈছো।।।

মই ধৰ্ষিতা ছোৱালী জনীয়ে কৈছো
ধৰ্ষিত হোৱা জনশূন্য পথাৰখনৰ পৰা

মোৰ অসহায় হোৱা চিঞৰবোৰ যদি
আপোনাৰ কৰ্ণগোচৰ হৈছে
তেনে পলম নকৰিব

মোক দুখন কাপোৰৰ অতি প্ৰয়োজন

কামনাত দগ্ধ হোৱা সেই সকলে
ফালি চিৰি দলিয়াই দিলে
যৌৱন আৱৰা মোৰ অংগবস্ত্র

এতিয়া উলংগ মই
লাজ আৰু যৌৱন হেৰুৱাই
হাত আৰু ভৰিৰ সহায়ত যৌৱন ঢাকিবলৈ
বৃথা চেষ্টা কৰিছো।

সেয়ে
এখন কাপোৰ লাগে মোক
উলংগ শৰীৰ ঢাকিব বাবে
আনখন
সিহঁতৰ দাত আৰু নখৰ আচোঁৰত থকা সৰকা হোৱা
শৰীৰৰ সংবেদনশীল অংগৰ পৰা নিগৰা
তেজখিনি মচিবৰ বাবে

মই ধৰ্ষিতা ছোৱালী জনীয়ে কৈছো
ধৰ্ষিত হোৱা জনশূন্য পথাৰখনৰ পৰা

কাপোৰৰ লগতে মা আৰু দেউতাকো
খবৰ এটা দিয়ক
এটা ৰাতি ঘৰলৈ উভটি নহাৰ চিন্তাত
ভাৰাক্ৰান্ত হৈ আছে চাগে
তেওঁলোকৰ মন

তেওঁলোকেতো নাজানে হৈ যোৱা ৰাতিৰ কাহিনী
আলফুল হাতেৰে ডাঙৰ কৰা জীয়াৰীক
কিদৰে দিলে জীয়াই থাকোঁতেই
নৰপিশাচ হঁতে নৰক যন্ত্ৰণা।।

মোৰ এই অসহায় চিঞৰ যদি আপোনাৰ
কৰ্ণগহ্বৰত ঠাই পাইছে
মোৰ মা দেউতাক খবৰ এটা দিয়ক
মোৰ দুখন কাপোৰৰ অতি প্ৰয়োজন ।।।।

🖊️ সংগীতা বড়া



Post a Comment

0 Comments